এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
বুঢ়াৰ উপদেশ।
(২৫)
আটায়ে বুলিলে “হয় হয়,
জানোচা ইদৰেই মুক্তি হয়,
পানীয়ে পানীয়ে ইদৰে গৈয়েই
কি জানি তীৰ্থ পায়;”
বোলা ৰাম ৰাম, আল্লা আল্লা,
মেধি তীৰ্থ লৈ যায়।
⸻
বুঢ়াৰ উপদেশ।
“বৃদ্ধস্য বচনং গ্ৰাহ্যমাপৎকালে হ্যুপস্থিতে।”
ঘোষা।-বুঢ়া হোৱা ভাই, একে চোঁচাই
কেচুৱা কালটো এৰি;
কিয়নো মাজৰ ডেকা কালটো
সকলো কষ্টৰ গুৰি।
( ১ )
স্কুল-কলেজত পঢ়িব লাগে
ডেকা হবলই গ’লে;
পণ্ডিতৰ চেকনী পিঠিত ছিগে;
পঢ়িব নোৱাৰিলে।