পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“ভিতৰত যদিও ঢকুৱাৰ বেৰ,
বাজত নেৰোঁ চুৰিয়াৰ ফেৰ,
এনেকৈয়ে  চিৰকাললৈ
 ৰব আমাৰ জাত;
ভূমণ্ডলত আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।”

 দেশোদ্ধাৰকৰ মহাসভাত যি ছবি দেখুৱা হৈছে সি অতি বিতোপন। কিন্তু লাভৰ ভিতৰত “গছৰ আগৰ গৃধ্ৰৰাজে কথাটো কৰি টং, চোঁ মাৰি একে চোঁচাই ললেহি প্ৰভুৰ সঙ্গ। (মুঠতে) দেশোদ্ধাৰকৰ মহাসভা কেনিবা উৰি গল; পণ্ডিতে কওক হিচাপ কৰি উন্নতি কিমান হল।”

 লিখকৰ কোনো কোনো বিষয়ত নিজৰ মতৰ বাহিৰেও ২|১টি কবিতা “চাটুনিৰ” দৰে ব্যৱহৃত হবলৈ দিয়া আছে যেনে ‘চাহ-ৰহস্যম্’ ‘খিচিৰি’ প্ৰভৃতি। যেনেই কি নহওক, একে বিধত লাগি থাকিলে আমনি লাগেই। লিখকৰ কোনো কোনো বিষয়ৰ মত বিলাক অতি পৰিপাটিকৈ দিয়া হৈছে যেনে Dorwin Theoryৰ নেগুৰ তাৰ প্ৰমাণ।

 শেষ কথা, এই হাঁহিৰ চলত কেতিয়াবা বিদ্ৰূপ কৰাটো ভাল নহলেও তাৰ পৰা আমাৰ বহুত উপকাৰ হয়! ডাঙৰ হলে আমি শিক্ষকৰ হাতৰ কোব নেখালে ভয় কৰোঁ বিদ্ৰুপলৈ। তাৰ পৰা আমাৰ উপকাৰ হে হয়। ৰহঘৰা ৰাইজৰ আগত মেলি দিছোঁ খাই উপকাৰ হবলৈ হে। ৰহঘৰাৰ মিঠাত অপকাৰ নাই বুলি আমাৰ বিশ্বাস। ৰাইজে মিঠাৰ জোখায় আমাক মিঠা লগালে ভবিষ্যতলৈ আকৌ কি জানি সঙ্গ লবলৈ যত্নবান হব পাৰোঁ৷ অলমিতি-

তেজপুৰ, আশীৰ্ব্বাদ-ভিখাৰী
শ্ৰীমহাদেৱ শৰ্ম্মা।
১৮৩৮ শক, শাওণ।