এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ৰহঘৰা।
তিনি দিন তিনি ৰাতি এৰি থ’ই ঢাৰিপাটি,
লিখিলে কবিতা এই সুধাৰ ভাণ্ডাৰ! -
“তুমি কবিটা লেখিবলৈ দিলা,
মোৰ পানতো হৰি নিলা।
তুমি আপিচলৈ গলে,
মই অকল সৰিয়া হলে।
ভোক নেলাগে, তোপনি নাহে।
মদন-বানে দগ্ধ পান,
কৰা এটিআ ত্ৰাণ।
তোমালই টামোল লই,
ৰাতত থাকো গই।
জলপান সজাই বাতিত,
বহি থাকো মাতিত।
মোক যদি ভাল পোআ
এবাৰ চইখু মেলি চোআ।
যদিহে মোক নিদিআ ভেতি,
শোনৰ নাকফুল এতি।
বানাৰচী সাৰি আৰু পাতৰ জেকেট
বোহ পাটি বহি ঠাকিম বৰ ঘৰৰ চুকত।”
(৩)
পঢ়ি লৰালৰিকই, কবিত্বত ভোল গই,
নিজে নিজে কিষে হলোঁ নহয় ব ন;