পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হওঁ। ৰহ-ঘৰাৰ ৰহ যথাৰ্থ মিঠা বুলি হে প্ৰস্তুত। যদি কোনোৱে তিতা পায় সি সিবিলাকৰ নিজ দোষত হে। তত্ৰাচ ইমানলৈকে আমি গাত লব পাৰোঁ, যে উদ্দেশ্য ভাল হলেই আনুষঙ্গিক কিবা অলপ বেয়া খাকিলেও সি নধৰ্ত্তব্যং।

 ৰহঘৰাৰ উদ্দেশ্য মহৎ। আৰু মহৎ কাৰণেই ইয়াত বহুবিধ বস্তুৰে mixtureসংমিশ্ৰণ হৈ এক উপাদেয় পেয় ৰূপে প্ৰকাশিত। পাঠক, সকলে পঢ়িলেই তাৰ বেলেগ বেলেগ সোৱাদো পাই যাব। আমি যে বেলেগ বেলেগ কৰি দেখুৱাবৰ আৱশ্যকতা কি? ৰহঘৰাৰ ৰহেৰে লিখকে আমাক এটি কথালৈ নিব খোজোটো আমি প্ৰায়বিলাক মিশ্ৰিত বস্তুতে দেখিবলৈ পাওঁ আৰু সেইটিয়েই হৈছে- মনে মুখে একে কৰা। সংসাৰত আমি আটায়ে মুখত মুখা পিন্ধি ‘চং দিছোঁ, এই মুখাই যেতিয়া আধিক লাভ কৰে, তেতিয়া তাৰ পৰা সমাজত ভয়ানক বিশৃঙ্খলা উপস্থিত হয়- বহুতো অনিষ্ট ঘটে। আৰু এই অৱশ্য পৰিবৰ্ত্তনীয় জগতত তেনে নহৈ নোৱাৰে। পৰিবৰ্ত্তন আছে যেতিয়া সি নিশ্চয় উন্নতিৰ ফাললৈ হবই হব আৰু সেই উন্নতি নিশ্চয় অৱনতিৰ ওপৰতে নিৰ্ভৰ কৰে। কুসংস্কাৰ- দুষ্ট তিতা এই ৰহঘৰাৰ মিঠাই মাৰিবৰ উপায় বুলি আমাৰ বিশ্বাস।

 এই যে উপায় ইও অতি প্ৰশস্ত। খঙ্গেৰে কোনো কাম কৰি আৰু কৰাব নোৱাৰি। ৰঙ্গেৰে কৰোৱা কামেই অতি ভাল হয় আৰু ক্বৰাবও পাৰি সহজে। ৰহঘৰাত খঙ্গমুৱা কথা এষাৰিও নাই। হাঁহি মুখে তাৰপৰা হব পৰা বেয়া ফলটো দেখুৱাই দি ইঙ্গিত কৰে মাত্ৰ অৱস্থাটি কেনে হৈছে, আৰু ভবিষ্যতলৈ সাৱধান কৰি দিয়ে আৰু কয় “কন্যাৰ হল সংসাৰখনি যমৰ দক্ষিণ দ্বাৰ।” হাঁহিমুখে আমি এজনক তেওঁৰ দোষ বেচিকৈ দেখুৱাব পাৰোঁ। “আমাৰ জাত” শীৰ্ষক কবিতাটিত তাৰ পৰা আমাৰ লাভৰ ঘৰত কি আছে তাকে দেখুৱাইছে।