পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰহঘৰা।

কলহে কলহে, কুম্ভকৰ্ণ বীৰে যথা
মদ্য কুম্ভ তুলি, ভোজন গৃহত পশি
টোপনি অন্তত। নীৰবি জীমূত-মন্দ্ৰ
এনে সময়ত, কৰি হাম্বাৰৱ ঘনে
পশিল বৃষভ সেই মহা ৰঙ্গাঙ্গণে,
খেদা খাই পাৰিষদ গোৰক্ষ নন্দীৰ;
তাহানি কৃষ্ণাই যথা দ্বাৰকা দ্বীপত
জৰাসন্ধ নৃপতিৰ বিষম খেদাত।
ভৰিৰ বতাহ লাগি পৰিল বাগৰি,
সিদ্ধিদাতা জনকৰ সিদ্ধিৰ টেকেলি;
পৰে যথা ঠাৰি ছিগি কুষ্মাণ্ড চালৰ।
একেৰাহে ললে গতি অলপো নৰই,
দক্ষিণা-গোন্ধত যথা ভূদেৱৰ দল।
সদিয়াৰ উত্তৰৰ চিংফৌ গিৰিত
চহোৱা ক্ষেত্ৰত পৰি ৰ'ল ঠেকা খাই,
ষ্টেচনত ৰেলগাৰী যথা। হ’ল জন্ম
পাদপৰ মুঠিত লুকুৱা পাৰিজাত
তৰু যথা সিন্ধু মন্থনত। পালে জন্মি
চাহ নাম চহোৱা ক্ষেত্ৰত; ৰল তাতে
বহু দিন, নাজানিলে কেৱেঁ, মাতৃ-গৰ্ভ-
স্থিত যথা জাৰজ সন্তান।

ইতি চাহৰহস্যে মহাকাব্যে প্ৰথমঃ সৰ্গঃ।