পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় সৰ্গঃ।

উঠিল গগনমাৰ্গে পুৱাতে এদিন,
শতেক যোজন ব্যাপি ঢেঁকী ভয়ঙ্কৰ,
তুচ্ছ কৰি ধূমকেতু হেলি-আবিষ্কৃত।
দেখা গল প্ৰাণী এক ওপৰত তাৰ,—
জক্‌ জক্‌ কামিহাৰ, গেৰুৱা বসন,
“কপালে চন্দন, গলে ৰুদ্ৰাক্ষৰ মালা,”
কাণ-ছিগা বেহেলা হাতত, ভস্ম-সনা
দেহা যথা টোকাৰি বায়ন, অৰ্থ হেতু
ভিক্ষা কৰা বাবাজী নামেৰে। মহানন্দে
ধাবিলে ঢেঁকীয়ে, ঢেঙ্কুৰু ঢেঙ্কুৰ সুৰে
পিঠিত প্ৰভুক লই পশ্চিমৰ ফালে;
যথা জাঁজি লুইতত কাক পৃষ্ঠে লই;
কিম্বা যথা, বৱতু টকচ ঘোৰা ধায়।
হাট মুখে, পৃষ্ঠে লই মহাজন দ্ৰব্য—
সমম্বিতে, তুলি ঘনে ফোঁপনি ঝঙ্কাৰ।
উত্তৰিল বিলাতৰ লণ্ডন পুৰত,
ঠিক দুপৰত হই তৃষ্ণাত কাতৰ,
পিৰালি চুকত যথা সিন্ধিৰাম বীৰ
হওঁতে সকলো প্ৰাণী শয্যা-সহবাসী।
সচকিত নৰনাৰী বিলাত-নিবাসী,