পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
ৰহঘৰা।

বৃত্তাকাৰে বহি লই ৰঞ্জি ওষ্ঠাধৰ,
গোৰোৱা কামোল চুণ সুপক্ক পাণেৰে,
পিকেৰে ৰাঙ্গলী কৰি ঘৰৰ পিৰালি।
গাঁঠিৰ পইচা ভাঙি কফি কিনি লই,
ঢোকা মাৰি অন্ত কৰি গুচালে পিয়াহ;
ভাতৰ পোতনি যথা পেটুলী বুঢ়ীয়ে,
কিম্বা যথা অগস্ত্যই সমুদ্ৰৰ জল।
মনটো সুস্থিৰ কৰি, কলে ধীৰে ধীৰে,
গম্ভীৰ সুৰেৰে অতি, সম্বোধি সমস্ত
জন, স্তব্ধ কৰি ভগা ঢোল, স্তব্ধ কৰি
যত গায়ক ৰাসভদল,—“হেৰ হেৰ
বিলাত-নিবাসী, অমৃত থাকোঁতে কিয় ,
মৰ কফি খাই, বুঢ়া বুঢ়া অসমীয়া
ভকতসকলে খাই যথা আধাখুন্দা
চাউলৰ গুৰি, বিবিধ সামগ্ৰী এৰি,
দোমাহীৰ দিনা? সকলো উজাই ব’ল
পবি সাগৰত, বাৰিষা কাৱই যথা
বাঢ়নী পানীত। সদিয়াৰ শিতানত
পাৰি মহাদ্ৰুম, সমস্ত শৰীৰ তাৰ
ৰসেৰেই পূৰ; ঠিক যেন ৰহধৰা
কেতেকী-কঠাল। এবাৰ সোৱাদ পালে
নোৱাৰ ভুলিব, নোৱাৰে ভুলিব যথা
হালোৱা ককায়ে, দুপৰীয়া পোৰা মাছ
পঁইতা ভাতেৰে।”