এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰহঘৰা।
ধপাতে যোগাব নিতে আহাৰ তোমাৰ,
ধোঁৱাই কৰিব কৃষ্ণ কেশৰ বিস্তাৰ;
সজাম তোমাক মই আপোন হাতেৰে,
বুৰাবা নে হিয়া মোৰ প্ৰেমৰ ৰসেৰে?
চাপি আঁহা সুভাষিণি দিয়া মোক চুমা,
বৰষাঁ সঙ্গীত-মধু প, ধ, নি, সা, গা, মা;
বিশ্ব জুৰি হোক ধ্বনি কোৰ্ কোৰ্ কোৰ,
নাচোক তালত তাৰ অপেচৰাবোৰ।
থাকাঁ দেৱি, তুমি মোৰে সততে লুকাই;
নেদেখাবা মুখ কাকো ওৰণি গুচাই;
নুফুৰিবা বাটে পথে ক্ষন্তেকো ওলাই,
চুহিব অধৰ লোকে যদি দেখা পায়।
দেখিলে তোক শচী এৰিব ইন্দ্ৰই,
হব হৰমোহনৰ পুৰু অভিনয়;
সুন্দ উপসুন্দ দুয়ো মৰিব ৰণত,
ওলাব কানাই আহি ৰাতি দুপৰত।
কেৰাণীয়ে চাহাবৰ কাণ মলা খাই,
চাপিব তোমাৰ কাষ ফোঁপাই-জোঁপাই;
পণ্ডিতৰ কিল খোৱা বাণীৰ নন্দন
পলাই কৰিব আহি শ্ৰীমুখ-চুম্বন।