পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধোঁৱা-খোৱালৈ।

(আদৰ্শ প্ৰেমৰ কবিতা)

“অয়ি মুগ্ধে কান্তে কুটীলনয়নে চন্দ্ৰবদনে প্ৰসীদ।”

বিপদ কালৰ সখি, সুখৰ লগৰি,
আনন্দৰ উৎসৱৰ চিৰসহচৰি,
দুথ-শোক ক্ষুধা তৃষ্ণা-সন্তাপহাৰিণি,
আহাঁ ধোঁৱা-খোৱা মোৰ হৃদয়ৰঞ্জিনি।

ত্ৰিগুণ ঈশ্বৰী তুমি ধূমপ্ৰসবিনি,
মিচিকি হাঁহিৰে দেবি, লোৱাঁ মোক কিনি;
মানময়ি, এৰাঁ মান শুনোৱাঁ সুভাষ,
লোৱাঁ কৰি চিৰকাল চৰণৰ দাস।

তোমাৰ অধৰ দেখি বিশ্ব মতলীয়া,
ফুলা ফুল দেখি যথা ভোমোৰা বলিয়া;
আলিঙ্গন-আশে আছে বিশ্ব হাত মেলি,
সকলোকে এৰি মোক ধৰা আকোঁৱালি।