পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবিৰ প্ৰেম।

(১)

বাইৰণ, কীট্‌চ্, ৱৰ্ডচ্‌ৱৰ্থ, শ্যেলি, টেনিচ্‌ন
পঢ়ি পঢ়ি হ'ল মোৰ কবি হবৰ মন।
চেক্ষ্‌পীয়েৰ, স্কট পঢ়ি বহি মাজ ৰাতি,
নাটক-নভেল লিখিম বুলি ললোঁ চচ্মা‌ আঁটি।
লাহে লাহে পক ধৰিলে কবিতাৰ ফল,
ওলাল নাট্য-কাব্য-গল্প-মধুৰ সৰল।
ভাবিলোঁ মনত কত ভবিষ্যৎ কথা,
কিৰূপে সুখৰ মোৰ কৰিম ব্যবস্থা।
ঠিক হ’ল যাকে তাকে নিবিলাওঁ হিয়া,
“কবিনী” নাপাওঁমানে নকৰাওঁ বিয়া।
কিয়নো, কবিত্ব গুণ নাথাকিলে গাত,
নাপাম সোৱাদ লগা প্ৰেমসনা মাত।
নপকে পুনৰ প্ৰেম কবিতা নহলে,
এই দৰে দিনে দিনে কত কথা পাঙো,
নাপাই সুফল পুনু নিজে নিজে ভাঙো।
সাজিলোঁ মনতে কত মানস-প্ৰতিমা,
কতনা ভাবিলোঁ কথা নাই তাৰ সীমা।
কিন্তু হায়! সকলোটি সপোনৰ খেলা।
নাথাকে এটিও যেবে চকু দুটি মেলা।
শেহত প্ৰিয়াৰ শুনো বুলি পূৰ্ব্বভাষ,
প্ৰেমৰ কবিতা লিখি কৰিলোঁ প্ৰকাশ।