এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
খিচিৰি।
“ভাস্কৰ লৱন”, “পানীয় ভক্ত”
“নাগাৰ্জ্জুন” ভীষণ শক্ত,
টেমাই টেমাই অন্ত কৰিলে; নগ’ল ৰোগৰ লেশ;
কামি হাড় কেই ডাল ওলাই পৰিল; হাড়-ছাল মাত্ৰ শেষ।
শেহত ব্ৰহ্মাই visit [১]ল’ই,
Patent medicine [২] দিলে কই
তেহে যেনিবা ‘“কৃষ্ণাৰ্জ্জুন পিলত” এই যাত্ৰালৈ তৰিল;
মূলত যদিও দুৰ্য্যোধনটো ঠেংটো ভাগি মৰিল।
আকৌ তাহানি ৰামৰ ঘৰত
দুই হাতেৰে বহাই খকত,
দুৰ্ব্বাসা বাপুৰ পেট উখহি ভীম দ’ল যেন হ’ল;
আলহী সোধাৰ ফলত লক্ষ্মণ মৰিবলৈ ওলাই গ’ল।
বকায়ে ৰাখি পেটৰ মান,
ভীমৰ ঠেকেচাত এৰিলে প্ৰাণ,
আগ-ভাগ খাই গণেশৰ পেট দাঙিব নোৱৰ হ’ল;
ঘোৰাত উঠিব নোৱাৰি শেহত ইন্দুৰৰ ওপৰত ৰ’ল।
এতেকে চলিবা চাই বুজি,
নিদিবা পেটক গুজি গুজি,
কিয়নো তেওঁক যিমান পাৰা যদিও দিয়া জাপি;
তথাপি মাথোন দে আৰু দে, সকলো ছাই মাটি।