পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
খিচিৰি।

লগত আহিল ‘বনেট' পিন্ধি reformed বাগীশ্বৰী;
বিদ্যা গছৰ পকা-কেঁচা ফল পাচিত ভৰি।
 ইফালে-সিফালে সুবিধা চাই,
 বিচাৰি ললে সুচল ঠাই,
আস্তে-সুস্থে মেলিলে পোহাৰ প্ৰাগজ্যোতিষৰ বুকত।
ততালিকে গ্ৰাহক আহি ভৰিল চাৰিও চুকত।
 কোনোৱে কিনিলে এন্ট্ৰেন্স-কল,
 কোনোৱে ইণ্টাৰ-নাৰিকল,
কোনোৱে বি, এ,—“পাইন্‌-এপল [১] ৰসেৰে ভৰপূৰ;
মহঙা দামত কিনিব নোৱাৰি কোনোবা হ’ল দুৰ।
 বছৰৰ মূৰত লাগিব চাব,
 লাভ লোকচান কোনে কি পাব;
সেই হে আজি খুজিছে যাব বিচাৰি আপোন ঠাই;
ভাগিৰ হাট কিছু দিনলৈ যদিও অন্ত নাই।
 বছৰৰ অন্তত পৰিব এৰা,
 ঘৰলৈ ফিৰিব ঘৰৰ লৰা;
সেই হে আজি দুখে-সুখে mechanical mixture; [২]
কিন্তু চোৱাঁ মেজৰ-বুকত what a glorious picture [৩]
 চাহ-পিঠা থৈছে তুলি,
 তাৰেই ভালকৈ ভৰাম বুলি,

  1. পাইন্‌ এপল= মাটি কঠাল।
  2. মেকানিকেল মিকশ্চাৰ = যৌগিক পদাৰ্থ।
  3. হোৱাট এ গ্ল'ৰিয়াচ, পিকশ্চাৰ = কেনে গৌৰবমণ্ডিত ছবি।