পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ধনীৰামৰ ধন।

“অজৰামৰৱৎ প্ৰাজ্ঞো ৱিদ্যামৰ্থঞ্চ ছিন্তয়েৎ।”

 ধনীৰ মৰোঁতে বাপেক-মাক,
 গোঁফে খোৱা নাছিল পাক;
সংসাৰ-কঠিয়াতলীত মুঠেই জুৰিছিল কুৰিৰ হাল;
এনেতে পৰিল পৈত্ৰিক আৰ্জ্জনৰ আল ধৰিবৰ পাল।
 পৈত্ৰিক অৰ্থ হেজাৰ কুৰি
 ঘৰৰ ভেঁটি আছিল জুৰি,
লেখি বুজি ধনময় হ’ল ধনীৰ গোটইটো মন,
মিঠা সুৰত ভৰিল শ্ৰৱণ ঝন্ ঝন্ ঝন্ ঝন্।
 একক কেনেকৈ কৰিব দুই,
 ধনীয়ে তাকে ভাবে শুই,
এনেতে বিয়াৰ সাঙ্গোৰেৰে ধনীৰ দ্বিত্ব ঘটিল;
খৰচ বঢ়াৰ গমটো পাই মূৰৰ মগজু লৰিল।
 নোৱৰা হল লোণ-তেল খাব,
 মাছ-মাংসলৈ নোৱাৰে চাব,
শুদাই পালে হে কোনোমতে দুগ ৰাহমান যায়;
ভকত মানুহ পৰ্ব্বৰ দিনত খোৱাৰে সহজ নাই।
 গৰম বুলি নিপিন্ধে চোলা,
 নোৱাৰে লব গাৰুত তূলা,
মাটিত শুলেহে ধনীৰ চকুত ৰাতি টোপনি আহে।
ধানখেৰ এবোজা জাপি ললেই জাৰ কাষলৈ নাহে।