পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ৰহঘৰা।

এনেতে আহি প্ৰভুভক্তই
 প্ৰভুৰ ওচৰ পাই;
ভৰিত পৰি কৰিলে সেৱা
 মিলন-সঙ্গীত গাই।
ভাবিলে তেতিয়া  কাঞ্চনমতীয়ে
 চণ্ডাল হে শ্ৰেষ্ঠ জন;
দুই হাতেৰে সাবটি ধৰি
 অৰ্পিলে চিত্ত-মন।
সমাধা হ'ল চণ্ডাল-চণ্ডলীৰ
 সমাৰোহেৰে বিয়া;
ডেকা-গাভৰু  চাপি আহি
 উৰুলি-জোলোকা দিয়াঁ।