অমূল্য ৰত্ন

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 

অমূল্য ৰত্ন

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ
ৰচিত।

 

শ্ৰীকৃষ্ণকান্তি দাস বায়ণৰ
দ্বাৰা সম্পাদিত

 

বেচ দুটকা মা

 

[  ]

ওঁ
তৎসৎ

 

অমূল্য ৰত্ন
শ্রীশ্রীমাধৱ দেৱ ৰচিত

 

সংগ্রাহক আৰু লখক
শ্রীকৃষ্ণকান্তি দাস বায়ণ
পােঃ নলবাৰী, সাং সন্ধা

 

প্রথম তাঙ্গৰণ
১৯৪৭

[  ]

পাতনি

 এই অমূল্য ৰত্ন শাস্ত্র খনি প্রায় দুবছৰৰ আগৰ পৰা বিচাৰি নাপাই মন বৰ অশান্তিত আছিল। বর্ত্তমান ১৩৫৩ চনৰ ফাগুন মাহত এজন বৰপেটাত থকা আধাকেউলীয়াৰ পৰা পাই পঢ়ি শাস্ত্ৰ খনত লিখকৰ নাম নাপালাে । সাঁচিপতীয়া কাইথেলী আখৰেৰে, ১৭৬৪ শকৰ ২১ আহিনত লিখা তাৰিখ আছে। আৰু কোনাে কোনাে পদৰ দুই চাৰিটা অমিল যেন পাই, মােৰ পৰম পূজ্য খাটীকুছি শলাগুৰি সত্ৰৰ শ্ৰীযুক্ত ধর্ম্ম চন্দ্র দেৱ অধি- কাৰ গুৰুদেৱৰ ওচৰলৈ লৈ গলো। তেখেতৰ সেৱক আৰু মােৰ পৰম বন্ধু শ্ৰীযুত নন্দৰাম বড়া তিনিওজনে আগৰ ছপা পুথি এখনৰ লগত মিলাই চালো। কেইমাহ মানৰ পাছত সাচিপাতৰ সুন্দৰ আখৰৰ ১৫০ বছৰৰ আগৰ পুথি এখনেৰে মিলাই বহু যত্নেৰে এই শাস্ত্র খনি প্ৰকাশ কৰিবৰ মন কৰি ৰাইজৰ আগত দাঙি ধৰিলো।

[  ]


প্ৰকাশকৰ গোহাৰি।

 পাঠকসকল, মই এজন অতি সামান্য অৰ্থ আৰু বিদ্যাহীন নগণ্য প্ৰাণী। মোৰ ভুল পদে পদে হব পাৰে। পাৰে কি হবই। তথাপি

চণ্ডালে হৰিনাম লৱে মাত্ৰ।
কৰিবে উচিত যজ্ঞৰ পাত্ৰ॥

কিন্তু ইয়াত লিখা হৈছে ভগবানৰ গুণ, আৰু চৰিত্ৰ।

ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল। (কীৰ্ত্তন)
দাতাত চোৰত যেন দৃষ্টি একতুল॥
কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মা ৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম॥
নীচত সাধুত যাৰ এক জ্ঞান।
তাহাকেসে পণ্ডিত বুলিয়া সৰ্ব্বজন॥

 এতেকে—সাধু সকলে ঘৃণা বোধ নকৰি, হৰি নাম বুলি ভাবি এবাৰ চকু ফুৰালে মোৰ অধমৰ লিখাৰ সাৰ্থক হয়। আৰু পাখা অনুমানেহে পখী উৰিব পাৰে।

আৰু অলপ কবলগীয়া

 আজি মোৰ বয়স ৫৬ বছৰ পাৰ হ’ল। আজি প্ৰায় ৮৷৯ বছৰৰ পৰা ভাগৱত, গীতা, মহাভাৰত, ৰামায়ণ, পুৰাণ, কীৰ্ত্তন, নাম- ঘোষা, প্ৰেমাৱলী, ৰত্নাৱলী, ৰত্নাকৰ, নাম মালিকা, পদ্মপুৰাণ, স্বৰ্গখণ্ড, ভক্তিপ্ৰদীপ, গৰুড় পুৰাণ, আৰু ৰাজ বংশাৱলী, ও মহাপুৰুষসকলৰ চৰিত্ৰ কিছু কিছু পঢ়িলো। কিন্তু ব্ৰহ্মা, হেশ, অনন্তেও যাৰ অন্ত নাপায়, আমি মুঢ়ই কেনেকৈ অন্ত পাম! তথাপি যাৰ যেনে শক্য, সেইদৰে কিছু লিখা হল। এতিয়া অলপ ভাগৱত কোৱা হওক। ওঁ নমো ভাগৱতে বাসুদেৱায়। এইবাৰ আখৰেৰে বাৰ স্কন্ধ ভাগৱত। [  ]  শ্ৰীনাৰায়ণে ব্ৰহ্মাক, জ্ঞান, বিজ্ঞান, তদং, ৰহস্য। ব্ৰহ্মাই নাৰদক জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, গুণ, ক্ৰিয়া, নাৰদে ব্যাসক জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, গুণ, ক্ৰিয়া, জাতি, দ্ৰব্য, ব্যাসে শুকক জ্ঞান, বিজ্ঞান, তদং ৰহস্য, গুণ, ক্ৰিয়া, জাতি, দ্ৰব্য, মায়া, তাৰণ, উচ্ছৈশ্ৰৱা সুতে শুক হন্তে জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, গুণ, ক্ৰিয়া জাতি, দ্ৰব্য, মায়া, তৰিণ জীৱ, ঈশ্বৰ।

 এইবাৰ শ্লোকে বাৰস্কন্ধ ভাগৱত আৰু এই বাৰটি শ্লোকে, বাৰটি সত্য। সুতৰ পৰা শঙ্কৰাচাৰ্য্য, তেহো পাছে শ্ৰীধৰ স্বামীত, তেহো ভাস্কৰা চাৰ্য্যত, তেহে নৃসিংহত, তেহো পৰমানন্দত, তেহোৰত্ন ভাৰতীত, তেহো মহাভাৰতীত, তেহো পুৰুষোত্তমত, তেহো বিষ্ণুপূৰীত, তেহো ব্ৰহ্মানন্দত, তেহো জগদীশ মিশ্ৰত, তেহো শ্ৰীশঙ্কৰক দিলা। এই মতে ভাগৱত এইৰাজ্যে আসিলা। এই ভাগৱতী সনাতন ধৰ্ম্ম ভগৱান শ্ৰীকৃষ্ণ শঙ্কৰ স্বৰূপে অৱতাৰ হোৱাৰ কাৰণ হৈছে, এই বামানয় শাস্ত্ৰৰ কুনীতি দূৰ কৰা। এই কুনীতি বৰ্ত্তমান চলাইছে কোনে? প্ৰায় বামুণ, পণ্ডিত আৰু গুৰুসকলে। তাৰ প্ৰমাণ এই অমূল্য ৰত্নতে পাব। সৃষ্টি হল কেনেকৈ?

জয় মুনিকে সম্বোধিয়া শুক তপোধন।
কহিলেন শুন ঋষে নৰেৰ ঘটন॥
পূৰ্ণৰূপী বিষ্ণু সেই পুৰুষ ৰতন।
সত্ত্ব গুণ অৱলম্বি দেৱ সনাতন॥
শয়ন কৰিয়া ৰহে সলিল উপৰে।
জন্মিল কমল এক নাভি সৰোবৰে॥
সেই পদ্মে সৃষ্টি বাঞ্ছা কৰি নাৰায়ণ।
সৰ্ব্ব আগে কৰিলেন কালেৰ সৃজন॥
দণ্ড ক্ষণ পল আদি সকলি জন্মিল।
অহংতত্ত্ব মহংতত্ত্ব তদন্তে হইল॥

 প্ৰথমে সৃজন কৰিলে কাল, (সময়)। তাৰ পছিত চৌবিশ তত্ত্ব,

তাৰ পাছত পঞ্চভূত তাৰ পাছত একাদশ ইন্দ্ৰিয়। [  ]

আখিত আদিত্য নাকে অশ্বিনী কুমাৰ।
জিহ্বাত বৰুণ বাক্য নাভিৰ সঞ্চাৰ॥
কৰ্ণে দিশ চৰ্ম্মে বায়ু ভূজে ইন্দ্ৰস্থিতি।
পদে বিষ্ণু গুহ্যে মিত্ৰ লিঙ্গে প্ৰজাপতি॥
চিত্তে বাসুদেৱ অহঙ্কাৰে ৰূদ্ৰ স্থিত।
মনত চন্দ্ৰমা বিধি আছন্ত বুদ্ধিত॥
এহি চৌদ্ধ জন পুনঃ পাতকৰ সাক্ষী।
ঈশ্বৰ পুৰুষে হৃদয়ত আছা দেখি॥
মূঢ় জনে বোলে মোক নেদেখিলে কেৱে।
হৃদয়ত দেখিয়াছে পঞ্চ দশ দেৱে॥
হেন নৰ শৰীৰক পাই মণ্ড মতি।
আয়ু ক্ষয় কৰে মিছা বিষয়ক প্ৰতি॥
হৃদয় কমলে কৃষ্ণ আছন্ত সাক্ষাত।
তাহাঙ্ক নভজি নৰে কৰে আত্মঘাত॥

 এইবিলাক শাস্ত্ৰৰ প্ৰমাণেৰে বুজা যায় হৃদয় কমলত ভগৱান আছে। তেন্তে আগত কোৱা সময় মতে ভগৱান শৰীৰৰ পৰা ওলাই গ’ল, বায়ু বায়ুত গ’ল, পানী পানীত গ’ল, মাটী মাটীত গ’ল, চকু সূৰ্য্যত গ’ল, এইদৰে ভাগৰ বস্তু ভাগে ভাগে গ’ল। কিন্তু বামুণবাৰে সেই মাটিৰ ভেল সোপাক ভূত প্ৰেত সজায় কেনেকৈ? এইটো পাঠক সকলে ভালদৰে বুজি চাব।

সমস্ত শাস্ত্ৰৰ কৰিয়া সাৰ।
হৰি কীৰ্ত্তনেসে তৰে সংসাৰ॥

 সেই হৰি কীৰ্ত্তন শঙ্কৰ মাধৱৰ ঘোষা আৰু কীৰ্ত্তন আগত আগ বঢ়াব; কিন্তু কৰিব ভূত-প্ৰেতৰ পূজা। গীতা ভাগৱতৰ এক শৰণ বৈষ্ণৱ ধৰ্ম্ম ধৰিলে, সেই ব্যভিচাৰ ভূত প্ৰেতৰ পূজা বামুণীয়া ভৌতিকবোৰ ত্যাগ কৰিব লাগিব। হয় বৈষ্ণবী ধৰ্ম্ম লওক, নহলে কৰ্ম্ম কাণ্ডি বামুণৰ আলধৰ দোলা বৈ ক্ষেম খাটনি কৰক। এফলীয়া হলেতে কাজ সমাধা হব। দুই নাওত দুই ভৰি হলে নচলিব। [  ]  এতিয়া ভাগৱতৰ প্ৰথম জ্ঞান। সত্য, শৌচ, দয়া, ক্ষমা এই চাৰিটি ঠিক ৰাখিব পাৰিলেহে জ্ঞান পাব। সত্য আমাৰ নাই বুলিলেই হয়। শৌচ হৈছে চলা নিয়ম। সেই নিয়মৰ আমি কি ৰাখিব পাৰিছো। গৰ্গ মুনিৰ আদেশ চাওক—

অমাবস্যা প্ৰতিপদ সপ্তমী অষ্টমী।
পূৰ্ণ মাসী ৰবিবাৰ নিষেধ ৰমণী॥
একাদশী মাত্ৰ আৰু পিতৃশ্ৰাদ্ধ দিনে।
যাত্ৰা কৰে পণ্ডিতে নকৰে স্ত্ৰী গমনে॥
ইসৱ দিবস যদি কৰয় বৰ্জ্জন৷
তেবেসে জানিতে পাৰে ঋতুৰ লক্ষণ॥
পদ্ম পূৰ্ণ নুহি যদি ঋতু ৰক্ষা কৰে।
যদি জন্ম হয়, শিশু অল্পদিনে মৰে॥


 বয়স পূৰ্ণ, শৰীৰ সুস্থ, তিৰোতা জনীৰো ঠিক একে নিয়ম। আৰু লিখিছে যুগ্ম, অযুগ্ম, যুগ্মত পুত্ৰ, অযুগ্মত কন্যা, অৰ্থাৎ ৰজস্বলা হোৱা সাতদিনৰ পাচত চৈধ্য দিনলৈ সহবাসৰ নিৰ্দ্ধাৰিত কৰিছে। আৰু লিখিছে চাৰিপৰ ৰাতি সহবাস। প্ৰথম প্ৰহৰত সহবাসৰ সন্তান অভাজন অৰ্থাৎ বেয়া দুষ্ট প্ৰকৃতিৰ হয়। দ্বিতীয় প্ৰহৰত সহবাসৰ সন্তান সামান্য। তৃতীয় প্ৰহৰত মহাভাগ্যৱন্ত। চতুৰ্থ প্ৰহৰত হৰি ভক্তি ধৰ্ম্ম পৰায়ণ। এতিয়া এইবোৰ নিয়ম কোনে ৰাখিছে, স্কুল কলেজতো দেখা নাযায়। মাত্ৰ বামানয় তান্ত্ৰিক মতেই সংসাৰত প্ৰচলিত দেখা যায়। বৈষ্ণৱ মত হল— ব্ৰহ্মচৰ্য্য (অৰ্থাৎ বীৰ্য্য) ঠিক ৰাখি, কাম, ক্ৰোধ, লোভ, মোহ, দমন কৰি ভগৱানত ভক্তি কৰা। ভক্তি হল ৮১ বিধ, তাৰ প্ৰধান হল ৯ বিধ। “নৱ বিধ ভক্তি বিষ্ণুত আচৰে সেহিসে পাঠ উত্তম।” এই নৱ বিধব প্ৰধান কৰিলে এবিধ—দাস্য ভক্তি। সেই দাস্য ভাৱ দেখুৱালে কোনে? ওপৰত কোৱা শঙ্কৰ মাধৱ আদি অৱতাৰ গুৰু সকলে। এতিয়া আমি সেইভাৱ কোনে ৰাখিব পাৰিছো। ৰাখিছো, বৰ্ম্মা, তালুকদাৰ, চৌধুৰী, মেধি, পাঠক ইত্যাদি। [  ] কিন্তু, দাস হৈছো সেই কৰ্ম্মকাণ্ডি বামুণৰহে। আমাৰ গুৰু সকল হৈছে কেনে—শূদ্ৰ কুলত জন্ম শঙ্কৰক মানিব নোৱাৰে। অথচ সেই জগত গুৰু শঙ্কৰৰ ধৰ্ম্মপ্ৰচাৰক গুৰুভাৰ লৈছে বেপাৰৰ কাৰণে। মুখেৰে শঙ্কৰক দেখাব, অন্তৰেৰে মানিব ভূত প্ৰেতৰ কৰ্ম্ম। কাৰণ বৈষ্ণৱ ধৰ্মৰ নিয়ম হৈছে—

 তীৰ্থ বুলি কৰে জলত শুদ্ধি। (কীৰ্ত্তন)
 প্ৰতিমাত কৰে দেৱতা বুদ্ধি॥
 বৈষ্ণৱত নাই ইসৱ মতি।
 গৰুতো অধম কৃষ্ণ বদতি॥
 চণ্ডালে কৰিছে হৰি কীৰ্ত্তন।
 বুলিয়া নিন্দে যিটো অজ্ঞজন॥
 তাক সম্ভাষণ যিজনে কৰে।
 আজন্মৰ পুণ্য তেখনে হৰে॥
 চাৰিও বেদক ব্ৰহ্মায়ে আনি।
 বিচাৰিলা তিনি বাৰ প্ৰমাণি॥
 এহি মানে মাত্ৰ কৰিলা সাৰ।
 হৰি কীৰ্ত্তনেসে তৰে সংসাৰ॥
নাজানে শাস্ত্ৰৰ লয় যেহি আসে তাকে কয়
 ছেদিবাক নপাৰে সংশয়। (ঘোষা)
গুৰু বোলাই তথাপিতো  ফুৰিয়া লোকৰ মাজে
 মান্য সতকাৰ খুজি লয়॥
বচনে কেৱল মাত্ৰ  হৰিত শৰণ লয়
 চিত্তে আন দেৱক ভজয়।
জানিবাহী কদাচিতো  সিদ্ধি সিটো নলভয়
 হৰি তাৰ সন্তোষ নহয়॥

 আমাৰ গুৰু সকলৰ দেখা যায় তেনে। নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি পূৰি ধৰ্ম্মময় তনু ভৈগৈলা হৰিভকত। [ ১০ ] নামত শৰণ কৰাই ভকত কৰি লবলৈ হলে পায়, কিন্তু তেখেত সকলক চুবলৈ বা পাদোদক আৰু আন আচাৰ ব্যৱহাৰ কৰিব নাপায়। কাৰণ তেখেত সকল ধুতি। আন শিষ্য সকল চুৱা। অৰ্থাৎ গুৰু সকল শুদ্ধ শিষ্য সকল অশুদ্ধ। অশুদ্ধক যদি শুদ্ধ কৰিব নোৱাৰে তেন্তে কি নাম শৰণ দিয়ে পাঠক সকলে বিবেচনা কৰিব। আৰু শঙ্কৰদেৱৰ নামৰ ৰীতি নীতিও যে কোনে কোনফালে নিছে তাৰ কোনো শাস্ত্ৰ মতৰ লগত মিল দেখা নাযায়। কাৰণ বৰপেটাৰ এক মত আৰু বৰদোৱা আদি কৰি আন সত্ৰৰ এক মত। কিন্তু আমাক লাগে শাস্ত্ৰৰ মতহে। অলপ প্ৰসঙ্গ প্ৰণালী বৰদোৱাৰ নিয়মে লিখা হল। কিন্তু শঙ্কৰদেৱৰ মত হল ভাগৱতী। চাৰি নাম, চাৰি শৰণ, চাৰিজয়, বাৰ সত্য। এইটো নামত মিলিব লাগিব।

 প্ৰসঙ্গও চাৰিটা॥ যেনে—প্ৰাতসঃ, ডেৰপৰীয়া, আবেলি আৰু গধূলি।

 প্ৰাতসঃ প্ৰসঙ্গঃ—পুৱাৰ গীত এটা। ভট্টিমা এটা।

নান্দী ঘোষা

কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। ৪॥
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম। ৪ বাৰ॥
কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ। ৪ বাৰ॥

( ঘোষিব )

নাম ছন্দ।

যেনে— গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ ৰাম মুৰাৰি। ইয়াতো চাৰিবাৰ মুঠতে বাৰ বাৰ হব লাগিব॥ ৪ টা ঘোষা গাব ও ( ঘোষিব )

কীৰ্ত্তন

এটি গাব ইয়াতো চাৰিনাম বাৰ সত্য হব লাগিব ॥ ঘোষিব ॥ [ ১১ ]

সামৰণি॥

ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম॥ ৪ বাৰ ॥
হৰি ৰাম ৰাম ৰাম॥ ৪ বাৰ॥
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম॥ ৪ বাৰ॥
ৰাম ৰাম ৰাম ৰাম ॥ ৪ বাৰ ॥

( জয় )

জয় ৰাম। জয় নাৰায়ণ ৷
জয় কৃষ্ণ। জয় শঙ্কৰ ॥
পাঠকে দেখাব ওঁ হৰি।
আন সকলে দেখি কব—ওঁ ৰাম॥
পাঠকে ওঁ ৰাম দেখিব।
আন সকলে ওঁ ৰাম॥

দ্বিতীয় প্ৰসঙ্গ বা ডেৰ পৰীয়া প্ৰসঙ্গ—পুৱাৰ গীত এটি:—

নান্দী ঘোষা।

কৃষ্ণ ৰাম, কৃষ্ণ ৰাম, কৃষ্ণ ৰাম, কৃষ্ণ ৰাম,।
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম॥ 8 বাৰ ॥
কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ॥ ৪ বাৰ॥

নাম ছন্দ

নাম ছন্দৰ চাৰিটা ঘোষা। তাৰ পাচত কীৰ্ত্তন গাব। তাৰ পাছত সামৰণি ওপৰত লিখাৰ দৰে ওঁ, জয় দিয়াও একে। পিচত ভাগৱত পাঠ কৰিব। ভাগৱত শেষ কৰি জয় সামৰণি কৰিব॥

আবেলিৰ প্ৰসঙ্গ :— বৰ গীত ১টা গাব॥ ঘোষা ছন্দ ৪টা ঘোষা গাব ॥ কীৰ্ত্তন এটা গাব ॥ ডাকা আৰু সামৰণি প্ৰণালী একেই॥

ভাগৱত পাঠ বা উপদেশ গাই সামৰণি কৰি ॥ জয় ওঁ একে। [ ১২ ]  গধূলিৰ প্ৰসঙ্গঃ- প্ৰথমে গুৰু ভট্টিমা “জয় গুৰু শঙ্কৰ” গাই
 টোটয়, চপয় বা আন ভট্টীমা এটি গব। তাৰ পিচত
 গুণমালা এটি গাব। পিচত লীলা মালা দুটি গাব।
 তাৰ পিচত উপদেশ ৪ টি গায় গুণমালা সামৰিব। তাৰ
 পিচত বড়গীত এটা গাই নাম-প্ৰসঙ্গ আৰম্ভ কৰিব। ডাকা
 আৰু সামৰণি প্ৰণালী একেই। তাৰ পাছত ঘোষা ছন্দ
 ৪ টি গাব। তাৰ পাছত কীৰ্ত্তন গাই সামৰণি কৰিব।
 ভাগৱত পাঠ কৰি— জয়ওঁ সামৰণি কৰিব।

 এই প্ৰসঙ্গ যিসকলে সুচাৰু ৰূপে বুজি নাপায় তেখেত সকলে সুশিক্ষিত গুৰুৰ ওচৰত শুধৰাই লব৷৷ এই প্ৰসঙ্গৰ নিয়ম মোৰ গুৰুদেৱ খাটীকুছি সলাগুৰী সত্ৰৰ শ্ৰীশ্ৰীযুক্ত ধৰ্ম্ম চন্দ্ৰদেৱ অধিকাৰৰ অনুমতি লৈ লিখা হল।

 প্ৰকাশকঃ- শ্ৰীকৃষ্ণকান্ত দাস। বায়ন
পোঃ নলবাৰী, সাং সন্ধ।
কামৰূপ অসম৷৷

 এই অমূল্য ৰত্নগ্ৰন্থ প্ৰচাৰ কৰোতে আমাৰ অনেক ভুল হব পাৰে। এই বাবে জগত গুৰু শ্ৰীশ্ৰীশঙ্কৰদেৱৰ চৰণত আৰু তেওঁৰ ভক্তসেৱক সকলৰ চৰণত ক্ষমা মাগিলো৷৷ বটদ্ৰৱাৰ শ্ৰীশ্ৰীশঙ্কৰ দেৱৰ বংশধৰ বৰ্ত্তমান খাটীকুছি সলাগুৰি সত্ৰৰ শ্ৰীশ্ৰীযুক্ত ধৰ্ম্মচন্দ্ৰ দেৱ অধিকাৰ আৰু মোৰ পৰম বন্ধু শ্ৰীযুত নন্দ ৰাম বড়া খাটিকুছি সলাগুৰি সত্ৰৰ সেৱক তেখেত সকলে যথেষ্ট সহায় কৰিছে গতিকে তেখেত সকলৰ মই চৰণ প্ৰাৰ্থী হৈ শলাগ ললো।

নলবাড়ী, সাং সন্ধা

বিনীত


১৩৫৩ চন, ২১ আহাৰ

শ্ৰীকৃষ্ণকান্ত দাস।

[ ১৪ ]

অমূল্যৰত্ন

⸺০⸺

পদ

জয় জয় দৈৱকী নন্দন সদাশিৱ।
যাত নিৰাশয় চৰাচৰ যত জীৱ॥
যিটো দেৱ সৰ্ব্বোত্তম দৈৱকী নন্দন।
শঙ্কৰ স্বৰূপে তেন্তে ভৈলা উৎপন॥১॥
প্ৰসঙ্গাদি কৰি পৰে ভক্ত সমম্বিতে।
অন্নক ভূঞ্জিল গৈয়া ভক্ত সমম্বিতে॥
ভোজন কৰিয়া তেহে গৃহে বসিলন্ত।
ভকত ঘুমাইবে তেহে আজ্ঞা কৰিলন্ত॥২॥
ভকত ঘুমাইছে পাছে আপুনি দেখিলো।
অদভূত দেখি পাছে বিমোহিত ভৈলো॥
দণ্ডৱতে চৰণত কৰিলো প্ৰণাম।
নিজ ভৃত্য বুলি মোক ৰখা নাৰায়ণ॥৩॥
মনুষ্য নহয় তুমি দেৱতো প্ৰধান।
মোক লগে লৈয়ো প্ৰভূ পশিলো শৰণ॥
এহি বুলি শুদ্ধ সেৱক মাধৱে প্ৰাৰ্থিলন্ত।
শুনি ব্ৰহ্মৰূপী গুৰু প্ৰসন্ন ভৈলন্ত॥৪॥
মোৰ আখি মুখ মুচিলন্ত তেতিক্ষণ।
জানিলোহো গুৰু ভৈলা আমাত প্ৰসন্ন॥
কৰযোৰ কৰি পাছে বুলিলো বিনয়।
ৰহস্য ভকতি মোত কৈয়ো কৃপাময়॥৫॥
শৰণ ভজন ভক্তি কহিয়ো আমাত।
যেন মতে তবু গুণ হোৱয় বেকত॥

[ ১৬ ]

উদ্ধৱৰ আগে যিটো ৰূপ দৰশাইলা।
শিশু অশ্বত্থৰ তলে মৈত্ৰয়ী দেখিলা॥৬॥
ভৃত্য হেন বুলি যদি মোক আছে দয়া।
দেখায়োক প্ৰভূ কেন মত তবু কায়া॥
আপোনা চাক্ষুস ৰূপ তেখনে এৰিলা।
চতুৰ্ভূজ ৰূপে হাৰ তৈতে দেখা দিলা॥৭॥
শঙ্খ চক্ৰ গদ পদ্ম গৰুড় বাহন।
প্ৰত্যেক স্বৰূপে বেক্ত ভৈলা নাৰায়ণ॥
শৰীৰৰ কান্তি আতি চাহন নযাই।
কৌটি সূৰ্য্য সম প্ৰকাশয় নিজ কায়॥ ৮
দেখিয়া মাধৱ আতি ভৈলন্ত বিস্ময়।
শৰীৰৰ কান্তি নিহালিবে নপাৰয়॥
চাৰি বেদে সেৱে সদা তাহান চৰণ।
সুনন্দ কুমুদ নন্দ পাৰিষদ গণ॥ ৯॥
দেখিয়া মাধব আতি ভৈলা সঙ্কোচিত।
চৰণত দণ্ডৱতে পৰিলা ভূমিত॥
নমো নাৰায়ণ নিৰাকাৰ নিৰঞ্জন।
পূৰাণ পুৰুষ তুমি দৈৱকী নন্দন॥১০॥
হে ব্ৰহ্মৰূপী নিৰঞ্জন নিৰাকাৰ।
পূৰাণ পুৰুষ তুমি দৈৱকী কুমাৰ॥
লক্ষ্মীৰ নায়ক তুমি জগত কাৰণ।
নিজ ভৃত্য গুণে মোত হুয়োক প্ৰসন্ন॥ ১১॥
শঙ্কৰ নামৰ যিটো অন্বয় আছয়।
মোক কৃপা কৰি প্ৰভূ কহিয়ো নিশ্চয়॥
শুনি হৰি হাসি পাছে বুলিলন্ত বাক।
শঙ্কৰ নামৰ অন্বয়ক শুনিয়োক॥১২॥
যিবা হেতু শ্ৰীপদ আমাক বোলয়।
পাঞ্চজন্য শঙ্খ জাতো আমাত আছয়॥

[ ১৭ ]

এহি হেতু জানা মোক শঙ্কৰ বোলয়।
ব্ৰহ্মা হৰ ইন্দ্ৰ চন্দ্ৰ যতেক আছয়॥১৩॥
তেৰা সবে সদা মোক উপাসা কৰয়।
সব দেৱগণে পৰি চৰণ সেৱয়॥
এহি হেতু জানা মোক বোলে ইষ্টদেৱ।
ত্ৰিভুবন দেৱ-দেৱী সবে কৰে সেৱ॥১৪॥
চৈধ্য ভুবনৰ ভাৰ মোহোত আছয়।
স্বৰ্গ মৰ্ত্ত্য পাতালৰ যত জীৱ চয়॥
সমস্ত লোকৰ জানা মোতেসে আশ্ৰয়।
এহি হেতু মোক গুৰু জগতে বোলয়॥১৫॥
তিনি গুণ ইটো মোৰ দেহতে আছয়।
গুৰুদেৱ নাম ভক্ত আমাত ঘটয়॥
তিনি গুণ জিনিলেহে তাঙ্ক গুৰু কয়।
বৈকুণ্ঠ মধ্যত যত বৈষ্ণৱ আছয়॥১৬৷।
মোত পৰে নাহি আন পুৰুষ নিশ্চয়।
মোৰ গুৰু জানিবাহা বৈষ্ণৱ সবয়॥
বৈষ্ণৱৰ নাহি গুৰু আৰ মোৰ সম।
সেহি ব্ৰহ্ম আসি জাতো ধৰিলো জনম॥১৭॥
মহাপুৰুষ নাম এহি হেতু ভৈলা।
মহা প্ৰলয়ত আসি মোত লীন গৈলা॥
মহা প্ৰলয়ত আসি যত জীৱ চয়।
মোৰ শৰীৰত সবে প্ৰবেশ কৰয়॥১৮॥
অন্ত কালে আসি সবে মোত লীন যায়।
এহি হেতু সবে মোক গৃহস্থ বোলয়॥
পৰম ৰহস্য ভক্তি কহিলো বিচাৰি।
এহি হেতু লোকে মোক বোলে ডেকাগিৰি॥১৯॥
শিৱ আৰাধনে পিতৃ আমাক লভয়।
দিৱন্ত শঙ্কৰ নাম আমাৰ নিশ্চয়॥

[ ১৮ ]

মোৰ নাম ধৰি আত্মা ভৈলা পৰিচয়।
এহি হেতু আতা মোক জগতে বোলয়॥২০॥
বালি চাহী পৰ্য্যন্ত সবাৰে হৃদয়ত।
সমস্তকে প্ৰবৰ্ত্তাই আছোহো যাৱত॥
সমস্তে লোকক মই আছো প্ৰবৰ্ত্তাই।
এহি হেতু লোকে মোক আশ্চৰ্য্য বোলয়॥২১॥
পূৰ্ব্বে গঙ্গা দেৱী মোৰ চৰণ সেৱিলা।
এহি হেতু মোৰ গঙ্গাধৰ নাম ভৈলা॥
সুনন্দক আদি পাৰিষদ বাৰজন।
বাৰ সত্য জানা আসি ভৈলা এহি স্থান॥২২॥
শৰণ ভজন আৰ দুইজন ভৈলা।
চৈধ্য পাৰিষদে চৈধ্য বৈষ্ণৱ হুয়া ৰৈলা॥
শঙ্খ চক্ৰ গদা পদ্ম অস্ত্ৰ চাৰি খান।
শৰণ চাৰিটি আসি ভৈলন্ত প্ৰধান॥২৩॥
গুৰু দেৱ দুইকো নিয়া হৃদয়ে ধৰিবা।
অষ্টদল পদ্ম মধ্যে আসন যে দিবা॥
পদ্মৰ মধ্যত হেমময় আসনত।
মোক তাতে নিয়া তুমি থাপিবা তাৱত॥২৪॥
দুই ভূজ দেখি সবে মনত চিন্তিবা।
একান্ত ভক্তক নিয়া পশ্চিমে থাপিবা॥
গুৰুত শৰণ হৈয়া দেৱক ভজিবা।
মোৰ আসনক তুমি দেৱক মানিবা॥২৫॥
পূবৰ পাহিত আগে দেৱক বসাইবা।
দুই ভূজ মাত্ৰ সেই দেৱক দেখিবা॥
কাহাক ভজিবোঁ আমি ভকত মানিয়।
স্বৰূপ কৰিয়া মোত উপদেশ দিয়া॥২৬॥
তুমি সমে শিব দুই ভকত জানিবা
মোহোৰ কাষতে জানো দুইহানো আনিবা॥

[ ১৯ ]

বাঢ়য় ভকত চয় পাহিত থাপিবা।
মোৰ কাষে দুই পাহিত দুইহান্তো দেখিবা॥২৭
শূদ্ৰ কুলে কিকাৰণে জন্মিলাহা আসি।
স্বৰূপ কৰিয়া মোত কহিয়ো হৰিষি॥
সহস্ৰ নামত হৰ মুকুত ভৈলন্ত।
বৈকুণ্ঠক লাগি চলি তেখনে গৈলন্ত॥২৮
বুলিলন্ত পাঁছে মোৰ চৰণক চাই।
তুমি হেন প্ৰভূক যে বঞ্চিলো গোসাই॥
মোৰ কোন গতি হৈবে প্ৰভূ নাৰায়ণ।
কহিয়ো কাৰণ প্ৰভূ পশিলো শৰণ॥২৯॥
শুনিয়া আনন্দে পাছে দিলা সমিধান।
শুনিয়ো মাধৱ আৱে মোহোৰ বচন॥
নন্দে গৈয়া কুসুম হৈবেক সেহি ঠাই।
আমাক আৰাধি পুত্ৰ প্ৰাৰ্থিবেক যাই॥৩০॥
দিবা তুমি বৰ পাছে আতি ৰঙ্গ মনে।
তযু নাম ধৰি মই জন্মিব তেখনে॥
শূদ্ৰ কুলে গৈয়া তযু নামক ধৰিব।
এক শৰণক কহি লোক নিস্তাৰিব॥ ৩১॥
তুমি যত জীৱ মানে কৰিলা সংসাৰী।
এক নাম কহি মই নিবোহো নিস্তাৰি॥
কলা বিভূতি অংশ যত অৱতাৰ।
জীৱ তাৰিবাৰ শক্তি নাহিক আনৰ ৩২॥
ইবাৰ যিমতে মই অৱতাৰ হৈবো।
অংশ অৱতাৰ আদি সবে লগে নিব॥
মোহোৰ পাশত স্থান তাসম্বাক দিব।
ভক্তি প্ৰচাৰিয়া পুনঃ বৈকুণ্ঠক নিব॥৩৩
শুনি হৰ ভৈলা বৰ সন্তোষিত মন।
ৰহিলা শঙ্কৰ মই লভিলো জনম৷

[ ২১ ]

শুনিয়া মাধৱ অতি হৰাষত ভৈলা।
পুনু নমস্কাৰ কৰি বুলিবাক লৈলা॥৩৪॥
মহেশৰ অলঙ্কাৰ যতেক আছয়।
কোনে কোন স্থানে আছে কহিবে লাগয়॥
শুনিয়ো মাধৱ আৱে মোহোৰ বচন।
মোহোৰ পাৱৰ পদ্মচয় বিতোপন॥৩৫॥
তাৰ এক নখ গৈয়া মাথাত নিচয়।
অৰ্ধচন্দ্ৰ কলা ৰূপে প্ৰকাশ কৰয়॥
নাৰদৰ হাতে যিটো বীণা যে আছয়।
হাতৰ ডম্বৰু সিটো জানিবা নিশ্চয়॥৩৬॥
তোমাৰ যে অঙ্গে কঙ্কণ সৰ্পয়েসে হাৰ।
সৰ্ব্ব গায়ে আসিয়া ভৈলেক অলঙ্কাৰ॥
সুধন্বা সুৰথে ভক্তি পূৰ্ব্বে কৰিলন্ত।
তান মুণ্ড মালা নিয়া গলত লৈলন্ত॥৩৭॥
একান্ত ভকতি আৰু সতী কৰি চন্ত।
দক্ষৰ যত সতী প্ৰাণ ত্যজিলন্ত॥
জনমে জনমে সতী পাৰ্ব্বতী মৰন্ত।
ভকত মানিয়া হৰে তান মুণ্ড লন্ত॥৩৮॥
ৰামৰ বাকলি বাঘ ছাল যে ভৈলন্ত।
বামনৰ পদ ধূলা ভস্ম যে ভৈলন্ত॥
গৰুড়ৰ অংশে আসি বৃষভ ভৈলন্ত।
হৰৰ বাহন হৈয়া কৈলাশে ৰৈলন্ত॥৩৯॥
কোন ভক্তে কোন কোন ভক্তি কৰিলন্ত।
কোন কোন ভক্ত ইথানক আসিলন্ত॥
ব্ৰহ্মা হৰ মনু আদি যত ভক্তগণ।
তেৰা সৱে বৈকুণ্ঠত ভৈলা উৎপন॥৪॥
পঙ্কজ বৈকুণ্ঠে মই আছো ৰঙ্গ মনে।
বাৰ জন ভক্ত গৈলা দেখিবাক মনে॥

[ ২২ ]

তাৰা সবে তুতি নতি বিস্তাৰ কৰিলা৷
হেন দেখি মোৰ মহা দয়া সম্পজিলা॥ ৪১
মহা স্নেহে তাসম্বাক বুলিলেহো বাণী।
কলিৰ অন্তত মই জন্মিবোঁ আপুনি॥
যত অংশ আছে মই নিবো স্বৰূপত।
তোৰা সবো সবে মোৰ চলিব লগত॥৪২॥
হেন শুনি মহা ৰঙ্গ ভৈলা ভক্তগণ।
যাইবো তযু সঙ্গে সবে প্ৰভু নাৰায়ণ॥
কলিৰ যে তিনি শত বৰিষ প্ৰমাণ।
এহি বুলি তাৰ সবে গৈলা নিজ থান॥৪৩॥
সেহি সময়ত মই জন্মিব হৰিষি।
তাতে আসি শুদ্ধ ধৰ্ম্ম কহিব প্ৰকাশি॥
কৰযোৰে মাধৱ বুলিলা বিস্তাৰ।
নমো নমো গুৰু ব্ৰহ্মদেৱ হৃদীশ্বৰ॥৪৪॥
তোমাৰ যে পত্নী কহিয়োক কোনজন।
শুনি ইষ্ট আতা পাছে দিলা সমিধান॥
পূৰ্ণ লক্ষ্মী আসি সূৰ্যৱতী যে ভৈলন্ত।
কালিন্দ্ৰী নামে সৰস্বতী যে ভৈলন্ত॥৪৫॥
তাহাৰ গৰ্ভত তিনি পুত্ৰ ভৈলা জাত।
কামদেৱ আসি ৰামানন্দ নাম খ্যাত॥
কৃষ্ণ পুত্ৰে গদে হৈব কমললোচন।
জাম্বৱতী সূতে হৈব হৰি যে চৰণ॥৪৬॥
পুৰুষোত্তম গদ ভাতিজে জানিবা।
চতুৰ্ভূজ নাম আৰ সাত্যকি জানিবা॥
আপোনাক কোন তুমি নিচিনা এখন।
বলভদ্ৰে আসি তুমি জন্মিলা এখন॥৪৭॥
বলভদ্ৰ জন্মে তুমি জ্যেষ্ঠ যে আছিল।
মাধৱ স্বৰূপে তুমি তাতে হীন ভৈলা

[ ২৪ ]

পিতৃ মাতৃ তোমাথেৰ কোন আছিলন্ত।
এহি বুলি শঙ্কৰে যে ৰঙ্গে কহিলন্ত॥৪৮॥
কুৰুক্ষেত্ৰে যিবেলাত যাত্ৰা কৰিলন্ত।
মহাদুখে নন্দে পাছে বাক্য বুলিলন্ত॥
যাতে তুমি নিজ পিতৃ মাতৃক পাইলাহা।
অনাথিতি কৰি মোক তাতে এৰিলাহা॥৪৯॥
আউৰ জন্মে কুসুম হৈবাহা নন্দে যাই।
হৈব সত্যসন্ধা যশোদায়ে সেহি ঠাই॥
দৈৱজ্ঞ আনিয়া হইৰে ৰাশিনাম থৈলা।
পাছে দুয়ো গৈয়া শূদ্ৰ কুলত জন্মিলা ॥৫০॥
তোমাৰ ঔৰষে গৈয়া পুত্ৰ হৈব শুনা।
শঙ্কৰ নাম ধৰিবাহো কামৰূপে জানা॥
পিতৃ মাতৃ দুয়ো নন্দ যশোদা আছিল॥
যতেক সংশয় মানে সবে দূৰ ভৈলা ॥৫১॥
কৃপাময় গুৰু মোত হুয়োক প্ৰসন্ন।
ভকতৰ চৰিত্ৰক কহ। নাৰায়ণ॥
ভকতৰ চৰিত্ৰক কহো শুনিয়োক।
কোন আসি ঐত আবে ভৈলা কোন লোক॥৫২
অকূৰ আসিয়া ঐত উবনা ভৈদন্ত।
উগ্ৰসেনে বনবড়া হুয়া জন্মিলন্ত॥
পূৰ্ণ কৃষ্ণ অংশে আসি ৰাধা যে ভৈলন্ত
সেহি ৰাধা জানা আবে চন্দৰী ভৈলন্ত ॥৫৩॥
চন্দৰীৰ গৰ্ভে যিটো ধজা আসি ভৈলা।
পূৰ্ণ নামে আসি সিটো মজা নাম ভৈলা॥
আমাৰ সে অৰ্দ্ধ অংশে জগন্নাথ ভৈলা।
সেহিসে কাৰণে ধজা তান্তে লীন গৈলা॥৫৪॥
কতেক দিনক লাগি ভক্তি ৰহিবেক।
কাৰ অংশে কোন কোন পুত্ৰ জন্মিবেক॥

[ ২৫ ]

পুৰুষোত্তমৰ জানা বংশ নৰৈবেক।
হৰি চৰণ অংশে চতুৰ্ভূজ জন্মিবেক॥৫৫॥
চতুৰ্ভুজৰ বীৰ্য্যে যে নাৰায়ণ হৈব।
দৈৱকী নন্দন জানা তান নাম থৈব॥
কহিয়োক বাপ তান জন্ম কিকাৰণ।
শুনি নিজ আত্ম গুৰু দিলা সমিধান॥৫৬॥
শুনিয়োক বাপ তুমি জন্মৰ কাৰণ।
ধনঞ্জয় অঙ্গিকাৰ কৰিলা যেখন॥
বিপ্ৰৰ পুত্ৰক কৃষ্ণে আনিবাক গৈলা।
কালপুৰে অৰ্জ্জুন সহিতে প্ৰবেশিলা॥৫৭॥
তোমাৰ কোলাত নাৰায়ণক দেখিলা।
চৰণত পৰি দুয়ো প্ৰণাম কৰিলা॥
কৰযোৰ কৰি তুতি কৰিলা বিস্তাৰ।
শুনি হাসি নাৰায়ণে দিলন্ত উত্তৰ॥৫৮॥
দুইকো আসি ব্ৰহ্মাদেৱে মোত মাগি নিলা।
দেৱতা গণৰ কাৰ্য্য মনত সাধিলা॥
কৃষ্ণক যে তান অংশ যিহেতু বুলিলা।
তাতে ৰাখিবাক তান ইঠাইক আসিলা॥৫৯॥
পাণ্ডৱৰ বংশ যত শৰীৰ পৰিব।
আপোনাৰ থানক পাছে গৈয়া পাইব॥
জন্মি পাছে চিৰকাল ঐত নাথাকিব।
পাঞ্চ ছয় বৰিষতে শৰীৰ এৰিব॥৬০॥
তাহান জন্মৰ জানা এহি অভিপ্ৰায়।
চতুৰ্ভূজ বীৰ্য্যে আৰ সূভদ্ৰা জন্ময়॥
চতুৰ্ভূজ বীৰ্য্যে সূভদ্ৰাৰ জন্ম ভৈলা।
তাহান গৰ্ভত ধনঞ্জয় উপজিলা॥৬১॥
জগজীৱ নাম পাছে তাহান হৈবেক।
অনন্ত পুৰুষ নাম তাহান থৈবেক॥

[ ২৬ ]

মহা শুদ্ধ মতি স্বধৰ্ম্মক প্ৰবৰ্ত্তাইব।
কোপ তাপ দোষে তাঙ্ক একোৱে নুচুইব॥৬২॥
হৰত বাঞ্চিলা বৰ সিংহাসন মনে।
এক বৰ বাঞ্চাই আসি ভৈলন্ত অৰ্জ্জুনে॥
আমাৰ বংশত ধনঞ্জয় জন্মিবেক।
নৱবিধ ষষ্ঠ যে বংশৰ থাকিবেক॥ ৬৩॥
তাহান সুকৃতি ঘুষিবেক সৰ্ব্বজন।
আমাৰ পাশক পাইৱন্ত তেতিক্ষণ॥
ধনঞ্জয় সখি জানা মোৰ জীৱ প্ৰাণ।
মোৰ নিকটত নিয়া তাঙ্ক দিব থান॥৬৪॥
তান গৰ্ভে অনিৰুদ্ধ জন্মিব আপুনি।
দামোদৰ নাম তান হৈব মহামানী॥
এতেকেসে দুয়োকুলে আইলা ইটো ঠাই।
দামোদৰ বীৰ্য্যে জন্ম যুধিষ্ঠিৰ ৰাই॥ ৬৫॥
সৰ্ব্বক্ষণে তান মন নুহিবেক কোপ।
কৃষ্ণত ভকত তান নাহি হৃদি তাপ॥
ৰমাকান্ত নামে তান জগততে সাৰ।
শৰীৰত নাথাকিব দুৰ্ম্মতি তাহাৰ॥৬৬॥
যিটো যুধিষ্ঠিৰক দেখিলে হৰে পাপ।
সিকাৰণে তাহান যে নাহি হৃদি তাপ॥
মহাশুদ্ধ মতি তেহে মিছা মাতিলন্ত।
কিন্তু অশ্বত্থামা গজ তেহে বুলিলন্ত॥ ৬৭॥
সেহি পাপ ফলে তান আসি লাগ লৈব।
মহা বৈৰী চিন্তা তান সদায়ে সহিব॥
য'তো আসি আমাৰ যে বংশে জন্ম হৈব।
সহদেৱ অংশে জান। বিষ্ণু যে বুলিব॥ ৬৮॥
অভিমন্যু অংশে আমি আৰ যেন যাই।
মহাশান্ত মতি আৰ হৈব হৰি ৰাই॥

[ ২৭ ]

ৰাম ৰাইৰ পুত্ৰ পাছে হইব শ্ৰী ৰাই।
মহা ধৰ্ম্ম মতি তেন্তে জন্মিবেক যাই॥ ৬৯
অনন্ত ৰায়ৰ বীৰ্য্যে কাম দেৱৰ অংশত।
কেশ ৰায় নামে তেহো আসি ভৈলা জাত॥
মহা শুদ্ধ ধৰ্ম্ম পাছে তেহো প্ৰৱৰ্ত্তিব।
সেহি নাম ধৰ্ম্ম ধৰি বৈকুণ্ঠে চলিব॥ ৭০॥
শাম্ব অংশে আসি জানা তান পুত্ৰ ভৈলা।
লক্ষ্মীকান্ত নাম লৈয়া তহিতে জন্মিলা॥
গুৰু দেৱ নাম ভকতত প্ৰীতি কৰি।
অনায়াসে চলি যাইব বৈকুণ্ঠ নগৰী॥ ৭১॥
শুদ্ধ সত্ত্ব ধৰ্ম্ম মাত্ৰ তাহান্ত কহিব।
তেহে আৰ ভৈলে পাছে লুপুত যে হইব॥
তাহান পাছত অন্য ধৰ্ম্ম প্ৰৱৰ্ত্তিব।
ইটো নাম ধৰ্ম্ম আৰ কিন্তু নুশুনিব॥ ৭২॥
ভীমৰাজ অংশে সুমিত্ৰাৰ গৰ্ভে যাই।
তান অংশে পুত্ৰ হৈব কৈলো অভিপ্ৰায়॥
আৰ তান দুই পুত্ৰ গৰ্ভে আসিবেক।
কালিন্দ্ৰীৰ দুই পুত্ৰ তান্ত জন্মিবেক॥৭৩
যদু বংশে যত যত আছে পত্নী গণ।
পাণ্ডৱৰ পত্নী গণ আছে যত মান॥
যতেক গোপীৰ কৃষ্ণে তন ভূঞ্জিলন্ত।
দেৱ নাৰী অংশে আসি তেসম্বে ভৈলন্ত॥ ৭৪
গোকুলৰ মথূৰৰ তৃণ তৰু মানে।
সবাহাঙ্কে আমি আনি আছো এহি থানে॥
অষ্টাধিক একশত ষোড়শ হাজাৰ।
যদু বংশে জীৱবধু যতেক আমাৰ॥ ৭৫॥
তাৰা সবো আমাৰ যে লগে আসিচয়।
ভালুক বানৰ হুয়া সবেও জন্ময়॥

[ ২৮ ]

ৰাম অৱতাৰে সবাহাঙ্কে স্বৰ্গে নিলা।
কৃষ্ণ অৱতাৰে যদুবংশ কৰি থৈলা॥ ৭৬
মোক ব্ৰহ্মকৰি মানিবাক নপাৰিলা।
তেহেন্তে সহিতে সম আমাক দেখিলা॥
সেহি হেতু তাৰা সবে গতি নলভিলা।
এহি জন্মে তৰা সবো আসিবে লাগিলা। ৭৭
মিত্ৰ বৃন্দাৰ গৰ্ভে আসি দীতি জন্মিলন্ত।
সূভদ্ৰা যে নাম তান তহিত হৈৱন্ত॥
পাৱে পৰি তান দুই চৰণত ধৰি।
বুলিলা মাধবে পুনু নমস্কাৰ কৰি॥ ৭৮॥
আই সকলৰ বাপ কহিয়ো কাৰণ।
কোন কোন আসি ঐত ভৈলা কোন জন।
মনু নামে যিটো জন্ জীউ আসি ভৈলা।
ৰুক্মিণীৰ জীউ সত্যৱতীয়ে জন্মিলা॥৭৯॥
ৰুক্মিণীক দেখা ৰামানন্দৰ বহিনী।
জাম্বৱতীৰ জীউ নাম তেহেন্তে ইন্দ্ৰাণী।
হৰি চৰণৰ জীউ গোবিন্দপুৰীয়া।
সত্যভামাৰ জীউ তেহে হুয়াছে জন্মিয়া॥ ৮০
ৰোহিণী দুহিতা সতী আসিব ইঠাই।
তাহান যে কান্তি নাম হইব নিশ্চয়॥
কান্তি পূৰীয়া গৰ্ভে অদিতী ভৈলেক।
অনন্ত পূৰীয়া নাম তাহান হৈবেক॥ ৮১॥
কেহো পূৰীয়া নাম তাঙ্ক বুলিবেক।
সূভদ্ৰাৰ জীউ যে ৰুক্মিণী আসিবেক॥
যিটো সত্যৱতী জীউ নামত ভবানী।
ভোঁন পূৰীয়া নামে জন্মিব আপুনি॥ ৮২॥
লক্ষণাৰ জীউক যে অহল্যা বোলয়।
সুমিত্ৰাৰ নাম তান হইবে নিশ্চয়।

[ ২৯ ]

ৰমানন্দৰ পত্নী জাম্বৱতীয়ে আসিব।
হৰিচৰণৰ ভাৰ্য্যা কালিন্দীয়ে হৈব॥ ৮৩॥
পুৰুষোত্তমেও তিনি কন্যা বিহাইবেক।
ভদ্ৰা মিত্ৰা বিন্দা তেবে তিনি আসিবেক॥
চতুৰ্ভূজৰ ভাৰ্য্যা হুইবে জানা তিনি।
সত্যভামা সত্য আৰ সুন্দৰী ৰুক্মিণী॥৮৪॥
কৃষ্ণভাৰ্য্যা ৰুক্মিণীক তেহে বিহাইৱন্ত।
দুনাই মাধৱে কৰযোৰে বুলিলন্ত।
তোমাথেৰ পত্নী কেনে পুত্ৰে বিহাইৱন্ত।
তুমি পূৰ্ণ ব্ৰহ্ম হৰি নিত্যানন্দ সন্ত॥ ৮৫॥
অংশ কলা বিভূতিক আনিলা আনন্দে।
শুনিয়া শঙ্কৰে পাছে বুলিলা বিচান্দে॥
ছেদোহে সংশয় আবে কৰা ৰঙ্গমন।
ৰামচন্দ্ৰ ভৰত লক্ষণ শত্ৰুঘন॥ ৮৬॥
চাৰি অংশে দ্বাপৰত ভৈলা উতপন।
বলভদ্ৰ শাম কাম গদ চাৰিজন॥
সাত্যকিয়ো অনিৰুদ্ধ মোৰ অংশগণ॥
তোমাত কহিলো মই স্বৰূপ বচন॥ ৮৭॥
কৃষ্ণ অৱতাৰে মই সবাকে আনিবো।
সবাহাঙ্কে নিয়া নিজ থানত থাপিবো।
ইটো অৱতাৰে মই আনি আছো যত।
ইবাৰ যে যাইৱো লীন মোৰ শৰীৰত॥৮৮॥
ৰাম আদি কৰি মোৰ অৱতাৰ যত।
ইতো অৱতাৰে মই আনিবো সমস্ত॥
ৰাম আদি কৰি মোৰ যত অৱতাৰ।
সবাতো কৰিয়া শ্ৰেষ্ঠ কৃষ্ণ অৱতাৰ॥৮৯॥
তাতো শ্ৰেষ্ঠ ইটো অৱতাৰ স্বৰূপত।
নিজ গুণ যশ প্ৰকাশিব জগতত॥

[ ৩০ ]

কৃষ্ণ অৱতাৰে অস্ত্ৰ ধৰিয়া জিনিলো।
তাতেসে কৃষ্ণৰ মই অংশ বুলি কৈলো॥৯০॥
পূৰ্ণ শক্তিয়ে অস্ত্ৰ ধৰিতে নালাগে।
পাষণ্ডসকল মোৰ শবদত ভাগে॥
তোমাত কহিলো ইটো পৰম ৰহস্য।
যাতো ভক্তি বলে মোক কৰিলাহা বশ্য॥৯১
দেৱ ঋষি ৰাজ ঋষি যতেক আছয়।
কৃষ্ণ অৱতাৰে কিছু মহিমা জানয়॥
ইবাৰ যিমতে মই অৱতাৰ ভৈলো।
পৰম অমূল্য ৰত্ন ভাণ্ডাৰ মেলিলো॥ ৯২॥
তাকে পান কৰি নৰ বৈকুণ্ঠক যাই।
মোহোৰ থানত নিয়া তাঙ্ক দিব ঠাই॥
হেন শুনি মাধৱৰ ৰঙ্গ ভৈলা মন।
পুনৰপি কৰজোৰে বুলিলা বচন॥৯৩॥
দামোদৰৰ ভাৰ্য্যা বাপ কোনে হইব আসি।
হেন শুনি গুৰু পাছে বুলিলন্ত হাসি॥
চিত্ৰলেখা আসি শিৱ পূৰীয়া হৈৱন্ত।
মহাৰঙ্গে দামোদৰে তাঙ্ক বিহাইৱন্ত॥ ৯৪।
দ্ৰৌপদীৰ অংশে আসি বাসুকী হৈৱন্ত।
ৰমাকান্তে বঙ্গে পাছে তা বিহাইৱন্ত॥
সুভদ্ৰাৰ অংশে আসি জানকী হৈৱন্ত।
চিত্ৰাঙ্গনা অংশে দেৱযানী আসিৱন্ত॥৯৫॥
অনন্ত ৰায়ৰ দুই পত্নী যে হৈৱন্ত।
কহিলোহো সাৰ কথা জানিবা নিতান্ত॥
তাৰ সবে যদুবংশ জানিবা নিশ্চয়।
সাত জন হৈব অনন্ত ৰায়ৰ তনয়॥৯৬
উত্তৰাৰ অংশে ৰামৰায়ৰ ভাৰ্য্যা হৈব।
ৰামৰায় ৰঙ্গে পাছে তাঙ্ক বিহাইব॥

[ ৩১ ]

শুনিয়া শঙ্কৰে পাছে বুলিলা বচন।
আৰু শুনা কহো মই স্বৰূপ বচন॥ ৯৭॥
যিটো ব্ৰহ্ম বিৰাট পুৰুষ ভগৱন্ত।
ব্ৰাহ্মণ ক্ষত্ৰিয় চাৰি বৰ্ণ স্ৰজিলন্ত॥
সেহিসে কাৰণে ইন্দ্ৰে কুৰ্ম্মকে প্ৰাৰ্থিলা।
নৃপতিৰ মনপূৰি দাৰুব্ৰহ্ম ভৈলা॥ ৯৮॥
আপোনাক আনি যেবে মনত মানিলা।
পূৰ্ণ জগন্নাথ হেন মনত জানিলা।
ব্যাসে আসি জগদীশ মিশ্ৰ যে ভৈলন্ত।
আমাৰ আগত ভাগৱত কহিলন্ত॥৯৯॥
হেন শুনি পুনৰপি বুলিলা বচন।
লোক মুখে বেকত কৰাইলা কি কাৰণ॥
আপুনি নিৰ্ম্মিলা যত যত শাস্ত্ৰ চয়।
কিকাৰণে লোক মুখে শুনিবে লাগায়॥ ১০০॥
মোক ব্ৰহ্ম বুলি জানিবেক সৰ্ব্বজন।
লোক মুখে বেকত কৰাইলো সিকাৰণ॥
ভূজঙ্গ শয্যাত যিটো কৰন্ত শয়ন।
সমস্তকে লৈয়া থাকা নাথ নাৰায়ণ॥১০১।
মোত কহিয়োক কথা প্ৰভূ ভগৱন্ত।
কোন ভক্ত কোন হুয়া অহিতে আছন্ত।
কৃষ্ণ অৱতাৰে ৰূক্মিণীৰ বিবাহত।
ব্ৰহ্মা আসি পুৰোহিত ভৈলন্ত তথাত॥১০২॥
অহিতে আসিয়া ৰাম ৰাম গুৰু ভৈলা।
পুৰোহিত কৰ্ম্ম যত তেহন্তে কৰিলা॥
দশ পঢ়া ৰাগ গৌৰী শিৱ যে ভৈলন্ত।
গৰ্গ ঋষি আমাৰ জাত কৰ্ম্ম কৰিলন্ত॥ ১০৩॥
মহেন্দ্ৰ কন্দলি নাৰদে আসি ভৈলা।
আমাক সকল শাস্ত্ৰ তেহে পঢ়াইলা॥

[ ৩২ ]

প্ৰহ্লাদে আসিয়া নাৰায়ণ দাস ভৈলা।
জয়ে আসি গোকুলৰ চন্দ হুয়া ৰৈলা॥১০৪॥
স্বায়ম্ভূব মনু বুঢ়া দৈৱজ্ঞ ভৈলন্ত।
কপিলে আসিয়া ঐত উৰনা ভৈলন্ত॥
কুমাৰে আসিয়া ঐত হৰিদাস ভৈলা।
শুকে মথুৰা দাস হুয়া ঐত ৰৈলা॥১০৫॥
ভীষ্মে ৰাম দাস বুলি ভৈলা কালিৰাম।
জনেকেহে মণি ৰাম নাহিকে উপাম॥
সৰ্ব্বজয় নাম আসি পাণ্ডৱে ভৈলন্ত।
ধৃতৰাষ্ট্ৰ জয়ন্তীৰ মাধৱ হুইৱন্ত॥১০৬॥
মৰীচীৰ ছয় পুত্ৰ যেতিয়া আছিলা।
তাসম্বাক ব্ৰহ্মশাপ যেতিক্ষণে দিলা॥
হিৰণ্যাক্ষ বীৰ্য্যে পাছে ছয়ো জন্মিলন্ত।
দৈৱকীৰ গৰ্ভে যোগমায়াক থৈলন্ত॥১০৭॥
ধৰি কংশ ৰায় পাছে ছয়ক মাৰিলা।
বলিৰ সভাত পাছে তেসম্বো আছিলা॥
তুমি আমি দুয়ো গুৰু গৃহত পঢ়িলো।
বিপ্ৰক আনিয়া মৰা পুত্ৰ দান দিলো॥১০৮॥
সেহি কথা খানি পাছে দৈৱকী শুনিলা।
কৃষ্ণৰ আগত মৰা পুত্ৰক প্ৰাৰ্থিলা॥
বলিৰ সভাক পাছে দুয়ো চলি গৈলো।
দৈৱকীৰ আগে নিয়া তাসম্বাক দিলো॥১০৯ll
কোলে লৈয়া মাতৃ পাছে স্তন পিয়াইলন্ত।
তোমাক কৃষ্ণ মানি স্বৰ্গক গৈলন্ত॥
মোৰ পিত অৱশেষ স্তনক যে খাইলা।
সেহিসে কাৰণে জানা ইথানক আইলা॥১১০॥
হীন কুলে জন্ম আসি ছয়ো যে ধৰিলা।
অসম ৰাজ্যত নৰ ভক্ত হুয়া ৰৈলা॥

[ ৩৩ ]

হেড়ম্বুৱ নৃপতি যে জানা একজন।
ভক্তে কহে তুমি হৰিচন্দ্ৰ একজন॥১১১॥
পৰমানন্দ মিৰি কুলে জন্মিলন্ত।
জয়ৰাম নাম ভোট কুলত ভৈলন্ত॥
চন্দ্ৰসাই নামে এক যবন জানিবা।
আৰো এক জন গাৰো গোবিন্দ শুনিবা ১১২
ভট্টদেৱ কদৰ্য্য ব্ৰাহ্মণ যে ভৈলা।
পূৰ্ব্বৰ সাধন্ত আসি তাঙ্ক লাগ লৈলা॥
সনেশ্বৰ নামে ৰাজা পূৰ্ব্বে আছিলন্ত।
বিপ্ৰসকলক আনি হোম কৰাইলন্ত॥১১৩
পূজাৰ দ্ৰব্যক অল্প চিদ্ৰক লগাইলা।
তাতে আসি কদৰ্য্য ব্ৰাহ্মণ যে ভৈলা॥
সেহি পূজা ফল আহি ওহিতো লভিলা।
জগদীশ মিশ্ৰে গৈয়া তহিতো পঢ়িলা॥১১৪॥
সুদাম যে বলৰাম হৰি ৰাম ৰাম।
শ্ৰীদামে আসিয়া জানা ভৈলা শ্ৰীৰাম॥
দামোদৰ গুৰু আবে বিপ্ৰ দামোদৰ।
কুৱলয় সাৰ জানা আত অনন্তৰ॥১১৫॥
বীৰভদ্ৰে ভীষ্ম ভৈলা জানিবা নিশ্চয়।
লোমান্ধ্ৰে বিদুৰ আত নাহিকে সংশয়॥
ভীষ্মকে জানিবা তুমি নৰ নাৰায়ণ।
বিশ্বকেতু চিলাৰাই কহিলো বচন॥১১৬॥
মৈত্ৰয়ীৰ অংশে জানা কণ্ঠযে ভূষণ।
ৰুক্ময়ে হৰিখা ইটো কহিলো বচন॥
উদ্ধৱৰ অংশে জনা বিয়াস কলাই।
মাধৱে বোলন্ত তান গতি আছে নাই॥১১৭
শঙ্কৰে বুলিলা পাছে মাধৱক চাই॥
বিয়াস বলাইৰ জানা কিছু দোষ নাই॥

[ ৩৪ ]

পাঞ্চ বৰিষতে মোত ভকতি কৰিলা।
তথাপিতো দেৱী পূজা উদ্ধৱে নেৰিলা॥১১৮
পূৰ্ব্বত তাহান এহি সাধন আছিলা।
নাৰদৰ উপদেশে সমস্ত গুচিলা॥
সেহি বাসনায়ে আসি ঐত লাগ লৈলা।
কিঞ্চিতেকো মান তান অকৰ্ম্ম নভৈলা॥১১৯
হেন অকৰ্ম্ম যেন আনে নকৰয়।
এহিসে কাৰণে তাক এৰিলো নিশ্চয়॥
পুনৰ্ব্বাৰ বদৰিকাশ্ৰমক গৈলন্ত।
ভক্তি কৰি মোৰ গৈয়া থানক পাইৱন্ত॥১২০॥
পুনৰপি মাধৱেও পুচিলা দুনাই।
হৰিৰাম আতৈ কোন কহিয়ো বুজাই॥
কি কাৰণে তান গাৱে কুষ্ঠ ৰোগ ভৈলা।
সশৰীৰে কিকাৰণে বৈকুণ্ঠক গৈলা॥১২১॥
শুনিয়া শঙ্কৰে পাছে কহিলা সমস্ত।
কৃষ্ণক সেৱিয়া স্বৰ্গে গৈলন্ত যিমত॥
বিপ্ৰ শাপে যিটো মহা মূষলেক ভৈলা।
কমাৰে আসিয়া লোহা চূৰ্ণাকৃত কৈলা॥১২২॥
অৱশেষ লোহা নিয়া সাগৰে ভসাইলা।
কিবা বস্তু বুলি তাক ৰাঘৱে গিলিলা॥
কৈবৰ্ত্ত সকলে তাক জাল মধ্যে পাইলা।
ব্যাধৰ আগত সিটো মৎস্যক যোগাইলা॥১২৩
পেতছিৰি তাহান গৰ্ভত লোহা পাইলা।
শৰৰ আগত ব্যাধে তাক নিয়া থৈলা॥
মৃগাকাৰ মুখ সম দেখি কৃষ্ণ ভৰি।
হানিলেক ব্যাধে শৰ তাঙ্ক লক্ষ্য কৰি॥১২৪
কৃষ্ণৰ পাৱত পৰিলেক সেহি বাণ।
শৰ ঘাৱে ভৈলা পাছে মৃতক সমান॥

[ ৩৫ ]

শৰ ঘাৱে তান পাৱে পৰাণ চুতয়।
হেন ৰূপে ব্যাধে তাঙ্ক দেখিলেক যায়॥ ১২৫
সেহিসে কাৰণে গাৱে কুষ্ঠ ৰোগ ভৈলা।
ভক্তি কৰি সশৰীৰে বৈকুণ্ঠক গৈলা॥
বেদ নিধি আসি বিষ্ণুদাস নাম শুনা।
উপানলে আসি সৰু চিৰিৰাম জানা॥১২৬॥
বসুদেৱ পত্নী জানা যিটো ছয়জন।
তাৰা সবে আসি ঐত ভৈলা উপসন॥
আই পূৰ্ণানন্দি আৰো কমল লোচনী।
ভগৱতী আসি জানা কমল নয়নী॥ ১২৭॥
বনগয়া মাতৃ এক তাহাৰ হইব।
তোমাৰ যে মাতৃ ঐত ৰোহিণীয়ে হৈব॥
বসুদেৱ দৈৱকী দুইয়ো মাত্ৰ নাইলা।
কৃষ্ণ অৱতাৰে দুইহান্তে গতি পাইলা॥ ১২৮
দৈৱকীৰ গৰ্ভে মই জন্মিলো যৈসানি।
কৰ যোৰে দুয়োপ্ৰাণী বোলে তুতি বাণী॥
হেন শুনি দুইকো মই বুলিলো বুজাই।
ইজন্মে অৱশ্য তোৰা মুক্ত হৈবা যাই॥১২৯
কুন্তীয়ে আসিয়া ঐত আই ধাই ভৈলা।
পৰীক্ষিত অংশে আসি ভাস্কৰ যে ভৈলা॥
সাত্যকি কমলী ধৰা পৰমানন্দ নাম।
সুগ্ৰীৱে ভৈলন্ত ঐত আলধৰা নাম॥ ১৩০॥
মেঘ যাক বোলে তেহে জানা হৰিদাস।
ধৰ্ম্মক সাক্ষাতে তুমি সাধুযে জানস॥
মূল ৰথ খান বড়দোৱাক জানিবা।
ধৰ্ম্মক সাক্ষাতে ধজ বুলিয়া মানিবা॥ ১৩১॥
বাঘ জৰী গাছ বড়দোৱাতে জন্মিলা।
পদ্ম হুয়া ঈশ্বৰ সেৱাত লাগিলা॥

[ ৩৬ ]

অমূল্য ৰত্ন


মনখায়ে কেইখায়ে জানা তুমি য়াক।
যুৱঁলিয়ে চূণ পৰা জানিবা তাহাক॥ ১৩২
আৰো এক কথা, কহো তাহাক শুনিবা।
বৰুৱা নামক ধৰি দাৰুকে জন্মিব॥
আগ্নিলণ্ডা দেৱচন্দ্ৰ ভৈলা চণ্ডীবৰ।
বৰুণে জয়ন্ত দলৈ বায়ু ৰাজধৰ। ১৩৩।
সূৰ্য্যে সূৰ্য্যবৰ একি অশ্বিনী কুমাৰ।
হলায়ুধে ভৈলা জানা আসিয়া কুৱেৰ।
অনেক ভকতি ভাৱে মাধৱে পুছয়।
চাৰিটি শৰণ কোনে কহিয়ে। নিশ্চয়। ১৩৪
শুনিয়া শঙ্কৰে পাছে কহিবে লাগিল।
অংশে আসি ভাণ্ডিৰ যে বটবৃক্ষ ভৈলা!
বস্তু লৈয়া আসি যিটো কদম্বে চৰিলা।
যমুনাৰ তীৰে চক্ৰ সেহি বৃক্ষ ভৈলা। ১৩৫
কেলি কদম্ব সদা জানিবা তহিত।
পদ্ময়ে জানিবা তান দেখিবা সাক্ষাত।
মহা গুৰুতৰ ইটো পৰম গোপীনী।
কহিবে৷ ৰহস্য কথা থাকিবাহা শুনি॥ ১৩৬
শৃঙ্খ চক্ৰ গদা পদ্ম অস্ত্ৰ চাৰি খান।
মোহোৰ নামক মাত্ৰ স্মৰিবা সঘন।
গুৰুৰ দুইভূজ দেখি শৰণ কৰিবা।
তেন মতে দুইভূজ দেৱক ভজিবা॥ ১৩৭॥
ভক্তৰ যে দুইভূজ হৃদয়ে ধৰিবা।
পূৰ্ণকৃষ্ণ নাম আনি মনত অৰ্পিবা।
শঙ্খে গুৰু চক্ৰে দেৱ জানিব। নিশ্চয়।
গদা নাম পদ্ম ভক্ত এহিসে নিৰ্ণয়। ১৩৮॥
এহি চাৰি অস্ত্ৰ মোৰ দেখিবা সাক্ষাত।
গুৰুদেৱ নাম ভক্ত অৰ্পিবা আমাত।

[ ৩৭ ]

হৃদি মধ্যে অষ্টদল পদ্ম যে আছয়।
অৰ আঠ পাহি আঠ দিশে প্ৰকাশয়॥ ১৩৯॥
নাম ভকত দেৱ তিনিকো আনিবা।
সমস্তকে পাছে সেহি গুৰুতে দেখিবা॥
পূৰ্বে উদ্ধৱক মই ৰহস্য কহিলো।
তোমাক কহিবে আৰ কিঞ্চিতো নথৈলো॥১৪০
চৈধ্য ভুৱনক যিটো দণ্ডিতে পাৰয়।
সিসি জনে এক জীৱ তাৰিতে পাৰয়॥
মোৰ অংশ কলা যিটো বিভূতি আছয়।
ইথানক লাগি তাৰা সবে আসিচয় ১৪১॥
একাধিক বিংশতি চিহ্ন আমাত আছয়।
সেহিসে কাৰণে নিজ ভক্ত বুলি কয়॥
নিজ ভক্তপদ জানা আমাত নঘটে।
মোক নিচিনয় তভো আন পন্থে হাঠে ১৪২
ব্ৰহ্মা চুৰ কৰি মোৰ গোপ গৰু নিলা।
মায়া কৰি তাসম্বক গহ্বৰত থৈলা॥
আপুনিয়ে ভৈলো।মই গোপ গৰু জাই।
বৎস দুগ্ধ এৰিয়া বোকোণ্ডা স্তন খায়॥১৪৩
তুমিও নপাইলা মোৰ মায়াক সম্প্ৰতি।
সিটো কথা কহো আবে থিৰ কৰা মতি॥
বৰিষৰ আছিলেক দিন পাঞ্চ চয়।
তেবেসে আমাক তুমি জানিবে পাৰয় ॥১৪৪
অনন্তৰ পূৰ্ণ শক্তি আমাত আছয়।
তান অংশে আসি তুমি জন্মিলা নিশ্চয়॥
যিকাৰণে তুমি দেৱী পূজাক কৰিলা।
তুমি যিটো অংশে তাতে কৰ্ম্ম আচৰিল॥১৪৫
কৰ্ম্মে মত্ত হুয়া পাছে মোক পাসৰিলা।
মহা ভাগ্য বশে পাছে মোৰ পাশ পাইলা॥

[ ৩৮ ]

কৰ্ম্মমল বাসনা সমস্তে ক্ষয় ভৈলা।
তোমাৰ যে চিত্তবিত সবে মোত হৈলা॥২৪৬
তুমি আমি যাতো একে কলেৱৰ ভৈলো।
মোৰ যত শক্তি আছে সমস্তকে দিলো॥
গোপ গোপ্য মহা গোপ্য আৰো গুৰুতৰ।
কহিলো ৰহস্য জানা সকলো শাস্ত্ৰৰ॥১৪৭॥
পাপৰ বাসনা কৌটী জন্মৰ থাকয়।
সিসি জনে গ্ৰাম্য কথা শুনিবে ইচ্ছয়॥
পাপ কৰিবাৰ আৰ তাৰ নাথাকিল।
মৎস্য পশু হুয়া নানা জন্মক ধৰিলা॥ ১৪৮॥
কোনোবা বৈষ্ণবে তাৰ মাংসক ভুঞ্জয়।
তেবে তাৰ পাপ চয় সবে দূৰ হয়॥
সিসি জনে কৃষ্ণ কথা কৰ্ণ পাতি ধৰে।
পাপক শুনিলে সিটো উচপিচ কৰে॥ ১৪৯॥
বৈষ্ণৱ জনৰ কৃপা হোৱে তাক পাছে।
সমূলি বাসনা জানা সবে তাৰ গুচে।
মাধৱে পুছিলা পাছে কৰ যোৰ কৰি।
কৃষ্ণ অৱতাৰ কথা কহিয়েক হৰি॥ ১৫০॥
কৃষ্ণ কথা শ্ৰৱণে কীৰ্ত্তনে ভৱতৰি।
শ্ৰীশঙ্কৰ কথা সবে শুনা কৰ্ণভৰি॥
মাধৱ বদতি এৰিয়োক আন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥ ১৫১॥

ইতি প্ৰথম আধ্যা সমাপ্ত।


[ ৩৯ ]

দুলড়ি।

শুনিয়া শঙ্কৰে  বুলিলন্ত হেন
 মাধৱ শুনা বচন।
দশম স্কন্ধৰ  কথা কহো শুনা
 তুমি স্থিৰ কৰি মন॥
বৈকুণ্ঠৰ ছত্ৰ  অনন্তৰ ফণা
 উপৰে আছিলা মোৰ।
সেহি আসি ঐত  শকট ভৈলন্ত
 জানিবা মহা দুৰ্ঘোৰ॥১৫২॥
তাৰ তলে মোক  শুৱাই থৈলন্ত
 জানিবা যশোদা আই।
পূৰ্ব্বৰ সাধনে  কহিলো কাৰণ
 সিভৈলা শকট যাই॥
বলিৰ দ্বাৰত  গদা ধৰি মই
 আছো অতিৰঙ্গ মনে।
কৈটভ গন্ধৰ্ব্বে  বিদ্যাধৰী সবে
 গৈলা পাছে সেহি থানে॥ ৫৩॥
গৰ্ব্বমদে যাই  প্ৰভূৰ পাৱত
 লগাইলে প্ৰেমত ভৰি।
অসুৰ বুলিয়া  শাপিলো তাহাক
 আমি মহা ক্ৰোধ কৰি॥
পাছে সিটো মোক  বিস্তাৰ কাকূতি
 কৰিলা তুতি বিনয়।
তাৰ ভক্তি দেখি বৰ তুষ্ট ভৈলো
 দিলো বৰ আতিশয়॥ ১৫৪॥
কৃষ্ণৰূপে মই  যশোদাৰ ঘৰে
 হইবো অৱতাৰ যাই।

[ ৪০ ]

তোৰ নাম জানা শকত অসুৰ
 তহিতে হৈবেক যাই॥
শকটৰ তলে   থৈলেক শুৱাই
 কৃষ্ণক যশোদা আই।
তই আসি তেবে বসিবি শকটে
 কহিলো তোত বুজাই॥১৫৫॥
শকট সহিতে  তোক পাছে কৃষ্ণে
 পেলাইবে হানি চৰণে।
পাৱে বন্দি পাছে  কৃষ্ণৰ চৰণে
 চলি যাইবি নিজ থানে॥
শ্ৰুতি গন্ধৰ্ব্বীয়ে  ভৈলন্ত কৈকেয়ী
 ৰামে তাইক শাপিবন্ত।
সেহি পাপ ফলে  জানিবা অহিত
 ৰাক্ষসী আসি ভৈলন্ত॥১৫৬॥
যিটো প্ৰকৃতিক  স্ৰজিলোহো আমি
 তাহাৰ কহো কাৰণ।
প্ৰকৃতি কৈকেয়ী ছয়া আছে আসি
 পুতনা ভৈলা সিথান॥
যিভাগে প্ৰকৃতি  শুনা আবে তাক
 গণ্ডুষ আমি কৰিলো।
সৌভাগ্য কৈকেয়ী ভৈলা আসি জানা
 জননীৰ গতি দিলো॥১৫৭॥
ধাৱলি পিৱলি  কাজলি পাৰলি
 চাৰি বেদে আসি ভৈলা।
ৰাম নাম ৰসে  জানিবা নিশ্চয়
 ঐত দুগ্ধ আসি ভৈলা॥
বৈকুণ্ঠৰ বৃক্ষ অমোঘ জানিবা
 মথনি দাণ্ডি ভৈলন্ত।

২৪

[ ৪১ ]

চৈধ্য ভুৱনৰ গুণ নাম যশে
 বৃক্ষৰ ফল ভৈলন্ত॥১৫৮॥
সেহি ফলে পাত পত্ৰক জানিবা
 কহিলো আক নিশ্চয়।
পাপৰ বাসনা জানিবা কলহ
 গতিকে কৃষ্ণে ভাঙ্গয়॥
বৈকুণ্ঠৰ দ্বাৰ  দালিক জানিবা
 উৰুখল তৈতে ভৈলা।
সাত ছন্দ বেদ বানৰ সকলে
 লৱণু ভোজন কৈলা॥১৫৯॥
সন্ত ৰজ তম তিনিগুণে ঐত
 শিকিয়া আসি ভৈলন্ত।
যিটো নাগ পাশে বলিক বান্ধিলা
 সেহি প্ৰেম জৰী হন্ত॥
যশোদাৰ গৃহে সেহি জৰী আসি
 বান্ধনী যে পাশ ভৈলা।
আপোনাৰ নাম  ভক্তিজৰী জানি
 তাহাতে বন্ধন লৈলা॥১৬০॥
পৰম প্ৰকৃতি মোহোৰ জানিবা
 অঙ্গ যে ভৈলা প্ৰধান।
সাত গুটি ৰন্ধে  সাত যে প্ৰকৃতি
 ভৈলা আসি সেহি থান॥
সালোক সঞ্জোয্য  আৰু যে সাত্ত্বিক
 মুকুতি যাক বোলয়।
শিঙা বেত বেণু কৃষ্ণৰ হাতৰ
 ভৈলন্ত আসি নিশ্চয়॥১৬১॥
সামীপ্য সাৰূপ্য  দুই মুকুতিয়ে
 কৰ্ণৰ কুণ্ডল ভৈলা।

২৫

[ ৪২ ]

পঙ্কজ বিলাস  বৈকুণ্ঠ আসিয়া
 বৃন্দাবন আসি ভৈলা॥
এতেকে আসিয়া অৱতাৰ ভৈলা
 সিটো বৃন্দাবনে যাই।
সাতো বৈকুণ্ঠৰ চৈধ্য ভুৱনৰ
 মোক্ষ ভৈলা সেহি ঠাই॥ ১৬২৷।
আমাৰ বিভূতি  ব্ৰহ্মা ইন্দ্ৰ চন্দ্ৰ
 আনে যত দেৱগণ।
গোকুলত আসি সবেয়ো জন্মিলা
 হুয়া গোপ গৰু তৃণ॥
আন যত পখী পশু নিৰন্তৰ
বৃন্দাবন ভৈলা গৈয়া।
দেৱতাগণৰ কিনো ভাগ্যোদয়
 ব্ৰজত জন্ম লভিয়া॥ ১৬৩॥
অনেক কাকূতি  কৰিয়া মাধৱ
 পুছিলা দুনাই তথা।
কেন মতে বৃন্দা-  বন ভৈলা নাম
 কহিয়ো তাহাৰ কথা॥
শুনিয়া শঙ্কৰে বুলিলন্ত আবে
 শুনিয়ো তাৰ উত্তৰ।
বৃন্দা নামে এক  দুৰ্ঘোৰ ৰাক্ষসী
 আছিলন্ত নাম তাইৰ॥১৬৪॥
বৃন্দাবন হেন নামৰ অণ্বয়
 এহিসে কাৰণে ভৈলা।
পৰম পুৰুষ। নিজা নন্দ সূক্ষ্ম
 কৃষ্ণ বৃন্দাবনে গৈলা॥
অঙ্গ পৰি পান্তি দেখিয়া কৃষ্ণৰ
 যশোদা আনন্দ ভৈলা।

২৬

[ ৪৩ ]

আণ্ঠুকাঢ়ি ফুৰে যশোদাৰ আগে
 কৃষ্ণক গোপী দেখিলা॥১৬৫॥
আনন্দিত মনে গোপ-গোপী গণে
 কৃষ্ণৰ গুণক গাইলা।
অঙ্গ-প্ৰত্যঙ্গৰ ৰূপক দেখিয়া
 গোপ গোপী ৰঙ্গকৈলা॥
বৃকাসুৰ সূত যিটো অৰবিন্দ
 তাহাৰ কহো কাৰণ।
শিৱক আৰাধি পাছে বৰ পাইলা
 ভৈলন্ত হৰ প্ৰসন্ন॥১৬৬॥
কৰযোৰ কৰি অৰবিন্দে বোলে
 শুনিয়োক মহেশ্বৰ।
যেন মতে তযু সঙ্গ পাওঁ আসি
 দিয়ো মোক এহি বৰ॥
শুনি পাছে তাঙ্ক  হৰে বুলিলন্ত
 শুনা বৃকাসুৰ তই।
কৃষ্ণৰ হস্তৰ পদ্মো তালফল
 বৃন্দাবনে হুইবি যাই॥১৬৭॥
তাতে তই গৈয়া   বৃক্ষ ৰূপ হুইবি
 ধেনুকা ৰখিবে তোক।
ক্ষুধাতুৰ হুইয়া  পাছে গোপগণে
 কৃষ্ণক বুলিবে বাক॥
কৃষ্ণে তৈতে পাছে গোপৰ শিশুক
 সেহি ফল পাৰি দিব।
গোপৰ চৱাল  সবে খাইব পাছে
 দুই ভাই নুভুঞ্জিব॥১৬৮॥
কৃষ্ণক পৰশি অৰবিন্দে পাছে
 কৈলাসক গৈয়া পাইলা।

২৭

[ ৪৪ ]

এহি বুলি হৰে বৃষভ সহিতে
 তৈতে অন্তৰ্দ্ধান ভৈলা॥
সেহিসে কাৰণে জানিবা মাধৱ
 তাল কৃষ্ণে নুভুঞ্জিলা।
ৰহস্য কথাক কৰিলো প্ৰকাশ
 পৰম গোপন লীলা॥১৬৯॥
ৰচিলা মাধৱে  শুনা নিৰন্তৰ
 অমূল্য ৰতন সাৰ।
শঙ্কৰ মাধৱে মহা শুদ্ধ ভাৱে
 ৰচিলা ইটো পয়াৰ॥
শুনা সভাসদ পৰম সম্পদ
 ইটো ভাগৱত সাৰ।
জন্মক নিস্তাৰা  পুৰুষ উদ্ধাৰ।
 তৰিবা ইটো সংসাৰ॥১৭০॥


পদ

আৰো এক কথা কহো শুনিয়ো মাধৱ।
পৰম আনন্দে শুনা কৰিয়া উৎসৱ॥
মোক যে বৈষ্ণৱ তেজ যিহেতু বোলয়।
বিষ্ণুক বৈষ্ণৱ বুলি জানিবা নিশ্চয়॥ ১৭১
ঈশ্বৰক পৰমব্ৰহ্ম যিহেতু বোলয়।
এতেকে বৈষ্ণৱ তেজ তাহাত থাকয়॥
বিষ্ণুত অধিক ভক্ত জানা আতিশয়।
পৰম বৈষ্ণৱ তেজ তাহাতে থাকয়॥ ১৭২
তাহান্তে হোৱয় পূৰ্ণ ব্ৰহ্মৰ শকতি।
পৰম বৈষ্ণৱ তাঙ্ক বুলিব সম্প্ৰতি॥

২৮

[ ৪৫ ]

বাহিৰত বসুদেৱ মনত আছিলা।
শিৰভাগে দৈৱকীৰ গৰ্ভত পশিলা॥ ১৭৩
জন্মিবাক তাক পাছে দৈৱকী দেখিলা।
বসুদেৱে তাঙ্ক পাছে আগতে দেখিলা॥
পৰম বৈষ্ণৱ তেজ যাহত থাকয়।
নিজ ভক্ত পদ জানা তাহাতে ঘটয়॥ ১৭৪॥
বৈকুণ্ঠ নগৰী যিটো দ্বাৰ সাত খান।
গোপী সকলৰ সিটো ভৈলেক বসন॥
ভগৱন্ত দেৱ যেবে বাঁহী বাই যান্ত।
সেহি দ্বাৰ ঈশ্বৰৰ গাৱত লাগন্ত॥ ১৭৫॥
সেহিটো গোপীৰ যে দ্বাৰে বস্ত্ৰ ভৈলা।
এহি হেতু কৃষ্ণে জানা কান্ধে যে বহিলা॥
আপোনাৰ দ্বাৰ জানি বস্ত্ৰক লৈলন্ত।
কিঞ্চিতেকো মাত্ৰ জানা শঙ্কা নাহি আত॥১৭৬
মধুধজ নামে এক ব্ৰাহ্মণ আছিল।
বাঢ়য় হাজাৰ যুগ বিষ্ণুক পূজিলা॥
তথাপিতো হৰি তাত সন্তুষ্ট নভৈল।
হেন দেখি মধুধজে বাক্য যে বুলিলা॥ ১৭৭
কি হেতু প্ৰসন্ন মোত নোহা ভগৱন্ত।
হেন শুনি হৰি পাছে বেকত ভৈলন্ত॥
কিঞ্চিতেকো কোপে মধুধজে চাইলন্ত।
মনত অসুখে সিটো মৌনে ৰহিলন্ত॥১৭৮॥
তাহাঙ্ক চাহিয়া পাছে কৃষ্ণে বুলিলন্ত।
আত পৰ কোন আৰ কুবুদ্ধি আছন্ত॥
সৰ্পৰ যেহেন ক্ৰোধ তোহোৰ আক্ৰান্তি।
শুনি মধুধজে বুলিলন্ত মহামতি॥১৭৯॥
অনা দোষে তুমি মোক শাপিলা কিসক।
সৰ্প হুয়া দংশিববাহো তোমাক প্ৰত্যেক॥

[ ৪৬ ]

অমুল্য ৰত্ন


হেন শুনি হৰি পাছে দিলা সমিধান।
কি কাৰ্য্যে শাপিলো তোক কহিব কাৰণ॥১৮০॥
তথাপিতো প্ৰসাদ যে দিবো তোক মই।
মোৰ পাঞ্চ চিহ্নক ধৰিবি মাথে তই॥
কাশ্যপৰ বীৰ্য্যে জন্ম ধৰিবিহি যাই।
গৰুড় সহিতে বাদ কৰিবি সি ঠাই॥১৮১॥
সৌভৰিৰ মস্য গৰুড়ে ধৰি খাইব।
ঋষি শাপে গৰুড় যে হ্ৰদক নযাইব॥
গৰুড়ৰ ভয়ে তই সেহি হ্ৰদে যাইবি।
চিৰকাল যাই তই হদত থাকিবি॥ ১৮২॥
বৃন্দাৱনে গৰু চাৰি ফুৰিবো আপুনি।
নজানিয়া গোপ গৰু খাইব বিষ পানী।
দুৰ্ঘোৰ বিষৰ জালে মৰিব তেখনে।
জীয়াইবোহো মই গৈয়া অমৃত নয়নে॥১৮৩
মহাদেৱে কদম্ব হইবেক সেহি ঠাই।
বস্ত্ৰ কাচি আমি তাতে চৰিবোহো যাই॥
শুনিয়া মাধৱে পাছে বুলিলা বচন।
মহাদেৱে বৃক্ষ তথা ভৈলা কিকাৰণ॥ ১৮৪॥
যি কালত বামণে কটাহ ফুটাইলন্ত।
মহাদেৱে তাতে মাথা পাতিয়া লৈলন্ত॥
বামণক কান্ধে লইবে প্ৰাৰ্থিলন্ত হবে।
হেন শুনি হাসি হৰি দিলন্ত উত্তৰে ॥১৮৫॥
কৃষ্ণৰূপে বৃন্দাবনে কুড়ি বোহো যাই।
হ্ৰদে গৈয়া কদম্ব হৈবাহা সেহি ঠাই॥
কালীক দমিবে মনে চৰিবোহো তাতে।
পৰম প্ৰসাদ তুমি পাইবাহা সাক্ষাতে॥ ১৮৬
এহি হেতু কদম্ব হৈবাহা যাই তুমি।
কালীক দমিবো তযু কান্ধে চৰি আমি॥

[ ৪৭ ]

মহাদেৱৰ কথা এহি মানে গৈলা।
কালীৰ বৃত্তান্ত কথা কহিবাক লৈলা॥১৮৭
বৃক্ষ হন্তে জাম্প দিয়া হ্ৰদত পৰিবো।
মহাক্ৰোধে কালী পাছে জল উথালিবো॥
খোঁ‌ট মাৰি মৰ্ম্মস্থলে দংশিবিহি যাই।
বিষ লাগি হ্ৰদেপৰি থাকিবোহো মই॥১৮৮
মোৰ দুই পাৱে মেঢ়াই ধৰিবি তেখনে।
জাম্প দিয়া মাথে চৰিবোহো ৰঙ্গমনে॥
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশৰ চিহ্ন।
সাঞ্চা বান্ধি থাকিবেক তোৰ শিৰে চিহ্ন॥১৮৯
শুনিয়া মাধৱে পাছে বুলিলা বচন।
পাঞ্চ চিহ্ন কেন মতে সেৱয় চৰণ॥
চৰণৰ অগ্ৰভাগে শুক্লধ্বজ চয়।
শ্যামবৰ্ণ বজ্ৰ তাৰ কাষে প্ৰকাশয়॥১৯০
হৰিদ্ৰাৰ বৰ্ণ জানা তাহাৰ মধ্যত।
ৰক্তবৰ্ণ অঙ্কুশ সেৱে চৰণ তলত॥
তাৰ কাষে কালবৰ্ণ যৱ প্ৰকাশয়।
এহি পাঞ্চ চিহ্ন মোত উপাসা কৰয়॥১৯১
এহি পাঞ্চ চিহ্ন তোৰ শিৰত ৰহিলা
ৰমণ দ্বীপক পাছে সিটো চলি গৈলা॥
যিটো পূৰ্ণ নামৰ ৰাধা আসি ভৈলা।
শ্ৰীবৎস কৌস্তুভ মণি ৰূপিজে সেৱিলা॥১৯২
সবে গোপী এৰি মই তাঙ্ক লগে নিলো।
হাঠিতে নপাৰে পাছে কান্ধ পাতি দিলো॥
কাচি পাৰি মোৰ কান্ধে চৰিবাক যাই।
দেখি অন্তৰ্দ্ধান পাছে ভৈলো সেহি ঠাই॥১৯৩
তান চৰণৰ তলে আছিলো লুকাই।
গোপীগণে আসি পাছে তাঙ্ক দেখা পাই॥

[ ৪৮ ]

মণ্ডল আকাৰ কৰি মোৰ গুণ গাই।
হেন দেখি মই ব্যক্ত ভৈলো সেহি ঠাই॥১৯৪
আত অনন্তৰে কথা শুনিয়ো সম্প্ৰতি।
শঙ্খচুড় যক্ষৰ যে যেন ভৈলা গতি॥
চিত্ৰধৰ নামে সিটো গন্ধৰ্ব্ব আছিলা।
পাছে অনন্ততে তেহে ভকতি কৰিলা॥১৯৫
একদিনা অগস্তিৰ আশ্ৰমে গৈলন্ত।
মহা মুনি ঋষি তেহে ধ্যান কৰিছন্ত॥
সেৱা কৰিবাক তান পাৱত পৰিলা।
ধ্যান ভঙ্গ হুইয়া ঋষি তাহাঙ্ক দেখিলা॥১৯৬
ৰাক্ষস বুলিয়া ঋষি তাঙ্ক শাপ দিলা।
চৰণত পৰি তুতি-নতি কৰিলা॥
তাক দয়া কৰি ঋষি বাক্য বুলিলন্ত।
গোকুলত কৃষ্ণ গৈয়া যৈসানি জন্মন্ত॥১৯৭॥
গোপৰ নাৰীক তই নিবি চুৰি কৰি।
দেখি পাছে তোক ধৰি মাৰিবো মূৰাৰি॥
তোহোৰ মাথাৰ মণি কৃষ্ণে কাঢ়ি নিবো।
বলভদ্ৰে সেহি মণি অনন্তক দিবো॥১৯৮॥
কায় বাক্য মনে যিটো স্থিৰ চিত্ত কৰি।
হৃদি পদ্ম মধ্যে নিজ ৰূপ হিয়ে ধৰি॥
ৰূপ বৰ্ণাইবাক পাছে মাধৱে লৈলন্ত।
মস্তকৰ পৰা নখ চৰণ পৰ্য্যন্ত॥১৯৯॥
দেৱ দেৱ পৰম ব্ৰহ্ম অচিন্ত্য অনন্ত।
নিত্য নিৰঞ্জন প্ৰভু দেৱ ভগৱন্ত॥
সনক সনন্দে সদা যাক উপাসয়।
সহস্ৰ বয়নে যাৰ অন্তক নাপায়॥২০০॥
তাৰা সবে নপাৱয় কিছু তত্ত্ব সীমা।
মই কোন জানিবোহো তোমাৰ মহিমা॥

[ ৪৯ ]

মহা মূঢ় পণ্ডিতৰ আগে বক্তা হয়।
মহানীচ যিটোজন সাধু বোলাৱয়॥২০১॥
আমিও জানিবা প্ৰভু নীচ সমসৰ।
মোহোৰ জানিবা বাপ সেহি পটন্তৰ॥
নজানি কৰিলো বাদ পূৰ্ব্বে বহুতৰ।
কাতৰ কৰোহো দোষ ক্ষমিয়ো ভৃত্যৰ॥২০২॥
নীল অকুঞ্চিত যাৰ কেশ ৰুচিকৰ।
প্ৰকাশে কিৰীটি কোটি সূৰ্য্য সমসৰ॥
মদনৰ ধনু সম ভ্ৰুৱ প্ৰকাশয়।
ললাট মধ্যত ৰত্ন তিলক জলয়॥২০৩॥
কৰ্ণত ৰুচিৰ চাৰু কুণ্ডল দোলয়।
অৰুণ নয়ন মুখ পদ্ম প্ৰকাশয়॥
অৰুণ চৰণ চাৰু পঙ্কজৰ পাসি।
দশন মুকুতা যেন মুখে অল্পহাসি॥২০৪॥
সিংহ বন্ধ স্কন্ধ আতি মহা ৰুচিকৰ।
কৌটি সূৰ্য্য সম আতি কান্তি শ্ৰীবৎসৰ॥
বক্ষস্থলে শোভে আতি হাৰ মুকুতাৰ।
কণ্ঠত কৌস্তুভ যেন নব দিবাকৰ॥২০৫
চাৰিখন ভূজ দেখি ললিত বলিত।
তাতে চাৰি অস্ত্ৰ জ্বলে দেখিতে শোভিত॥
কৰত শোভয় তিনি শিৰিয়া কঙ্কণ।
আঙ্গুলিত ৰত্নৰ আঙ্গুঠি বিতোপন॥২০৫
পাট পীত ভুনি সিটো চৰণে লোটয়।
তাহাৰ উপৰে ৰত্ন মেখলা জলয়॥
ৰত্নৰ কিঙ্কিণী তাতে শবদ কৰয়।
কৰি কৰ সম উৰু প্ৰকাশ কৰয়॥২০৭॥
প্ৰভাতৰ সূৰ্য্য সম চৰণ দুখানি।
ভকত জনৰ মহা সিটো চিন্তামণি॥

[ ৫০ ]

নুপুৰ প্ৰকাশে সেহি পদ যে পৃস্তত।
পঞ্চ চিহ্ন প্ৰকাশয় চৰণ তলত॥২০৮॥
হেন ৰূপ চয় পাছে মাধৱে দেখিলা।
তেতিক্ষণে দণ্ডৱতে চৰণে পৰিলা॥
চাৰি বাহু মেলি মোক তুলিলা আশ্বাসি।
পীতবস্ত্ৰে মুচি মুখ তুলিলন্ত হাসি॥২০৯॥
চৰণত পৰি তুতি কৰিলা বিস্তাৰ।

  • কানি কান্দি পাৱে পৰি কৰিলা কাতৰ॥

শঙ্কৰে বোলয় আৰু কথা শুনা তুমি৷
ৰামচন্দ্ৰ পৰশুৰাম চৰিত কাহিনী॥২১০॥
পৰশুৰামৰ স্বৰ্গপথ ৰামে ছেদিলন্ত।
ভক্ত সীতা যিকালত পাতালে গৈল॥
সেহিসে কাৰণে তান জ্ঞান চূৰ্ণ ভৈলা।
সীতাৰ কাৰণে দুখ পাইবাক নৰৈলা॥২১১॥
লক্ষণেসে জ্ঞান পাছে ৰামক দিলন্ত।
ৰামৰ যে স্বৰ্গপথ লক্ষণে লৈলন্ত॥
বলভদ্ৰ ৰূপে তুমি তৈতে পাসৰিলা।
ব্ৰহ্মাক মোহন্তে মোৰ মায়া নুবুজিলা॥ ২১২
অক্ৰুৰৰ স্যমন্ত মণিক নিয়াইলো।
স্বৰূপত জানা মই তহিতে ভাণ্ডিলে॥
সেহি বেলা তাতে তুমি জানিলাহা আসি৷
তোমাত ৰহস্য কথা কহিলো প্ৰকাশি॥২১৪
সেহিসে কাৰণে তুমি মোক পাসৰিলা।
তহিতে আসিয়া তেবে বাদক কৰিলা॥
মোৰ প্ৰসাদত সবেও বোধ ভৈলা।
বিজ্ঞান প্ৰদীপ পায় সমস্তে তেজিলা॥২১৫
হৰক পূৰ্ব্বত মই জ্ঞান শক্তি দিলো।
সেহি শক্তি বশে জানা তান্ত বশ ভৈলো॥

[ ৫১ ]

ভীমৰ শৰীৰে কৃষ্ণে তেজ অৰ্পি দিলা।
সেহি শক্তি লৈয়া জৰাসন্ধক বধিলা॥২১৬॥
মোৰ শক্তি গুণ নাম যতেক আছয়।
তোমাকেসে আজি সবে দিলোহো নিশ্চয়॥
এহি কথা খিনি বাপ লিখিবাক চাওঁ।
কিঞ্চিতেক মানে যেবে তযু আজ্ঞা পাওঁ॥
কিবা নাম হইব আৰ কাৰণ কহিয়ো।
ইটো গ্ৰন্থ নাম বাপ আপুনিয়ে থৈয়ো॥
লিখিবা মাধৱ মই কহিলো বচন।
ইতো গ্ৰন্থ যেবে নপাৱয় আন জন॥২১৮॥
মহাগুপ্ত কৰি তুমি ইহাক ৰাখিবা।
যিটো মহা হিত কৰি তাকো নেদেখাইবা॥
আমাৰ পাশক তুমি যাহা যেতিক্ষণ।
পুৰুষোত্তমক দিবা কহিলো কাৰণ॥২১৯॥
পৰম ৰহস্য মহা ভকতি কহিলো।
তোমাৰ আগত নিজ ভক্তি দৰশাইলো॥
মহাভাগৱত গ্ৰন্থ তত্ত্ব অৰ্থ যত।
তোমাৰ আগত আবে কহিলো সমস্ত॥২২০॥
অমূল্য ৰতন নাম জানিবা ইহাৰ।
বেদ বেদান্তৰো জানা এহি অৰ্থ সাৰ॥
আজ্ঞা পাই এতেকে ইহাকে লিখি থৈলো।
সমস্তে যুগুতি আক পদ বন্ধে কৈলো॥২২১॥
প্ৰেম ভাৱে মাধৱৰ দ্ৰৱিল হৃদয়।
শৰীৰ শিহৰি নেত্ৰে লোতক জৰয়॥
মহা দুখ মনে দুই চৰণত ধৰি।
কাকুতি কৰিলা পুনু চৰণত পৰি॥২২২॥
চাৰি বিধ গোপীৰ যে কহিয়ো কাৰণ।
কোন কেনে ভক্ত প্ৰভূ কহিয়ো লক্ষণ॥

[ ৫২ ]

তাসম্বাৰ নাম গুণ কহিয়ো সম্প্ৰতি।
কোনে কোনবিধ ভৈল পাই কোনগতি॥২২৩
হেন শুনি গুৰু পাছে দিলা সমিধান।
যি গোপীসকলৰ যৈত ভৈলা স্থান॥
সান্ত্বনাক বিপ্ৰ পত্নী সবে লভিলন্ত।
তুমি ক্ৰীড়া গোপী চিত বিলাস পাইলন্ত॥২২৪
কৃষ্ণে স্তন পান যিটো গোপীৰ কৰিলা।
কূপিণী বৈকুণ্ঠ যাই তেসম্বে লভিল॥
উপনন্দ ভাৰ্য্যা যাক বোলয় ৰেৱতী।
উবনাৰ ভাৰ্য্যা ঐত চন্দৰী সম্প্ৰতি॥২২৫॥
গোলোক গোপৰ ভাৰ্য্যা বোলে যাক সতী
ইজন্মত আসি মোত কৰিব ভকতি॥
মাধৱি পূৰিয়া নাম তাহাঙ্ক বুলিবো।
অনন্ত পূৰিয়া নাম ধাই যে হইবো॥২২৬॥
আদ্য গোপী ভৈলা আসি এই দুইজন।
ক্ৰীড়াৰ গোপীৰ আবে কহিবো কাৰণ॥
কুৰুক্ষেত্ৰে তাসম্বাৰ কাম দূৰ গৈলা।
পিৰা পানে কৃড়াস্তিক কৰিয়া থাকিলা॥২২৭
মোহোৰ থানত ঠাই তাৰ সবে পাইলা৷
ইথানক লাগি পুনু ইবাৰ নাশিলা॥
অৰুণী কাৰুণী আৰু ৰতি যে গান্ধাৰী।
সেৱতী মৰুয়া গুয়া নামত তগৰী॥২২৮॥
গুটী মালি ৰাধা মালি আৰু গুয়া মালি।
বকুলী বন্দুলী বগি আৰু ৰাধা মালি॥
ৰাধা ৰাধিকা সৰু মতি হীৰা দৈই।
নাহেৰি তগৰি ভূৰি পাতি সৰু দৈই॥২২৯॥
কনৰি ৰাঙ্গলী কলী মোহনি কাজলি।
মোক্ষ যোক্ষ বাচি কিছু কহিলো সকলি॥

[ ৫৩ ]

এসম্বে সহিতে আমি ক্ৰীড়িলো বহুত।
কৃষ্ণৰূপে আসি অৱতৰি গোকুলত॥২৩০॥
তোমাৰা আছিলা জানা ভকত যতেক।
তাসম্বাৰ নাম কহো শুনা তুমি তাক॥
ৰুক্মিণীৰ পুত্ৰ সন্তধৰ মহাশয়।
তেহেন্তে অচ্যুত গুৰু জানিবা নিশ্চয়॥২৩১॥
মিত্ৰ বৃন্দাৰ পুত্ৰ তৃঙ্গিৰা বোলে যাক।
বলভদ্ৰ নাম জানা বুঢ়া দৈবজ্ঞক॥
মিত্ৰ বৃন্দাৰ পুত্ৰ সতানন্দ মহাশান্ত।
বিষ্ণুনাম ঐত তেন্তে ভকত মহন্ত॥ ২৩২॥
কালিন্দ্ৰীৰ পুত্ৰ ভদ্ৰসেন নাম যাৰ।
পয়োনিধি নামে ভক্ত হৈবে জানাতাৰ॥
সৰ্পেদংশা গোবিন্দ নাম হৈব তাৰ।
ৰুক্মিণী পুত্ৰ ৰঘুবৰ নাম যাৰ॥ ২৩৩॥
লক্ষণাৰ পুত্ৰ কুট ভূজ নাম যাৰ।
একাদশীৰ পুত্ৰ যে শুনিয়ো নাম তাৰ॥
কাম দেৱৰ শঠ ভাতৃ যিটোজন।
শুনিয়োক কহো তাৰ যিভৈলা কাৰণ॥২৩৪॥
একদিনা সত্য সমে আমি আছো শুইয়া।
হেন সময়ত শঠে দেখিলেক গৈয়া॥
দেখিয়া সত্যায়ে পাছে দিলা তাঙ্ক শাপ।
নিলাজ পাপিষ্ঠ তই কিনো মহা পাপ॥ ২৩৫
নিৰ্জান থানত মই আছো স্বামী সঙ্গে।
এহিসে কাৰণে তোক শাপো হেৰা খঙ্গে॥
হেন শুনি শঠে তুতি কৰিলা বিস্তাৰ।
সত্যা বোলে ক্ষমি দোষ তোক দিলো বৰ॥২৩৬
শঙ্কৰ নামক ধৰি কৃষ্ণ জন্মিৱন্ত।
মই যেবে তোহোৰ শাপৰ দিব অন্ত॥

[ ৫৪ ]

গোপাল নামক ধৰি তহিতে জন্মিবি।
অনন্ত মাধৱ পাৱে ভকতি কৰিবি॥২৩৭॥
পৰম ৰসিক হুইবি কথাৰ সাগৰ।
মাধৱেয়ো স্নেহ তোক কৰিব বিস্তৰ॥
সেহি শঠে আসি তযু ভকতি কৰিবো।
তাত সত্যা শাপ আসি কিঞ্চিত থাকিবো২৩৮
ভবানী পুৰত সত্ৰ তেহেন্তে পাতিবো।
মতান্তৰ কৰি পাছে ভক্তি প্ৰৱৰ্ত্তাইবো॥
সান্দীপানি গুৰু আৰু হইব কৰ্ণপুৰ।
তান পত্নী কথা শুনা কহে আসিনিৰ॥২৩৯॥
তোমাৰ নন্দিনী হৈলো প্ৰভূৱন্ত।
এহি বুলি কৃষ্ণ আগে পুত্ৰ মাগিলন্ত॥
গুৰুৰ পত্নীৰ হেন শুনিয়া কাৰুণ্য।
মৰ পুত্ৰ দিয়া সুজিলাহা গুৰু ঋণ॥২৪০॥
তাতে আসি মোৰ জীৱ বিষ্ণু নাম ভৈলা।
মোত ভক্তি কৰি দেখা বৈকুণ্ঠক গৈলা॥
তোমাৰ সঙ্গত কৰ্ণপুৰ মোক্ষ হৈবা।
স্বপ্নচলে অমোল্যৰো শৰণ কহিবা॥২৪১॥
লক্ষনা চন্দৰি আৰু উলুপে হৈৱন্ত।
তেহেন্তে তোমাত মহাভক্তি কৰিৱন্ত॥
কৃষ্ণ ভাৰ্য্যা নক্ষনাৰ পুত্ৰ দশজন।
সদা উপাশিবে দশো কৃষ্ণৰ চৰণ॥২৪২॥
মথুৰা দাস ৰাম এজন শুনিবা।
বুঢ়া গোবিন্দ এক জনক জানিবা॥
পিও আৰু আধু আৰু পিওয়ে গোপাল।
তোমাৰ সঙ্গত দুয়ো ভক্ত হৈবো ভাল ২৪৩॥
বিষ্ণুয়ে গোবিন্দে জানা আৰু দুইজন।
একজন কেশৱ হাজাৰ নাম তান॥

[ ৫৫ ]

কৃষ্ণদাস নাম আৰু জানা একজন।
সদায়ে চিন্তিব তেহে কৃষ্ণৰ চৰণ।২৪৪॥
শিৱানন্দ বলৰাম এহি দশজন।
লক্ষণাৰ তনয়াৰ কহিবো কাৰণ॥
ভাটৌকুছি মধ্যে কোনো পৰম ভকত।
তোমাৰ সঙ্গত ভক্তি কৰিব সাক্ষাত॥২৪৫॥
তযু সঙ্গ ভক্ত আঠ মন্দ এক আসি।
যদুবংশ আসিবেক কহিলো প্ৰকাশি॥
পুৰুষোত্তমৰ সঙ্গী ভকত যতেক।
যদুবংশী তাৰ সবো কহিলো প্ৰত্যেক॥২৪৬॥
দুই ধিক দুইবিংশ তাহাৰ সঙ্গৰ।
তাৰা সবো যদুবংশ মহাশ্ৰেষ্ঠতৰ॥
শুনিয়ো মাধৱ তুমি আমাৰ বচন।
সমস্ত ভক্তৰে মই কহিলো কাৰণ॥২৪৭॥
ৰামৰ ভকত যত ভালুক বানৰ।
যদুবংশে তাৰ সবো আইলা নিৰন্তৰ॥
অদ্যাপিয়ো তাৰা সব আসিয়া আছন্ত।
একান্ত ভকতি কৰি তোমাক পাইৱন্ত॥২৪৮
দুনাই পুছিলা পাছে চৰণক চাই।
দুয়ো পণ্ডিতৰ কথা কহিয়ো বুজাই॥
মাধৱ কন্দলি পূৰ্ব্বে আছিলন্ত কোন।
বিকাৰণে হৈলা দুয়ো পণ্ডিত গহন॥২৪৯॥
উচ্চৈশ্ৰৱা সুত অংশ মাধৱ কন্দলি।
পুৰাণ ভাৰত কাব্য ঘোষিলা সমূলি॥
অনন্ত কন্দলি ভৈলা ৰোম হৰসন।
মোৰ মত খণ্ডিবাক কৰিলা যতন॥২৫০॥
একদিন বিপ্ৰে পাছে স্বপ্ন দেখিলন্ত।
তাম্ৰৰ পত্ৰত দেখে তৈল তাওয়াইচন্ত॥

[ ৫৬ ]

মহা ভয়ে দ্বিজে পাছে সুধিলন্ত কথা।
ইটো তৈল তাওয়াইছা কি কাৰণে এথা॥২৫১॥
হেন শুনি তাৰা সবে দিলন্ত উত্তৰ।
শাস্ত্ৰ গৰ্ব্বে শঙ্কৰক নিচিনে বৰ্ব্বৰ॥
বহু বিধ বাদ কক্ষা কৰে শঙ্কৰত।
পেহলাইবোহো তাক এই তপত তৈলত॥২৫২
হেন শুনি ব্ৰাহ্মণৰ ভয় সম্পজিলা।
মিনতি কৰিয়া বাক্য বুলিবে লাগিলা॥
কি মতে ইহাৰ হাত এৰাইবো ইবাৰ।
কহিয়োক তোৰা সবে ইটো তত্ত্ব সাৰ॥২৫৩
শুনি তাৰা সবে তাঙ্ক বুলিলা দুনাই।
শঙ্কৰত শৰণ হোৱাহা তুমি যাই॥
হেন বাক্য দ্বিজবৰে স্বপ্নে শুনিলন্ত।
প্ৰভাততে মোতে গৈয়া শৰণ লৈলন্ত॥২৫৪॥
ভক্তি ভাৱে পুনৰপি মাধৱে বুলিলা।
জানিলোহো মোত গুৰু দেৱ তুষ্ট ভৈলা॥
পৰম ৰহস্য কথা পুছিবাক চাওঁ।
তোমাৰ মুখৰ বাপ যেবে আজ্ঞা পাওঁ॥২৫৫॥
ইটো শুদ্ধ ধৰ্ম্ম ধৰি কোন পথে যাই।
স্বৰূপ কৰিয়া প্ৰভূ কৈয়ো অভিপ্ৰায়॥
হেন শুনি গুৰু পাছে দিলা সমিধান।
ইটো শুদ্ধ ধৰ্ম্ম নৌকা নামে মহাজান॥২৫৬॥
ইটো অৱতাৰ গুৰু কি কাৰণে ভৈলা।
নৌকাৰ গৌৰত গুৰু কৰ্ণধাৰ ভৈলা॥
অনুকুল বায়ু ভৈলা দৈৱকী তনয়।
ধৰ্ম্মে নৌকাধ্বজ আক জানিবা নিশ্চয়॥২৫৭
পৰি পাত জানা তাত একান্ত ভকত।
ছত্ৰয়ে আসন ভৈলা জানিবা নাৱত॥

[ ৫৭ ]

শুক্ল চামৰে বৈঠা জানা স্বৰূপত।
চাৰিটি শৰণ যিটো চিনায়ে সাক্ষাত॥২৫৮॥
হাতে ধৰি নৌকাতেসে তাহান্তে তোলয়।
তাহানেসে কৃপা ভৈলে আমাক পাৱয়॥
দেৱ গুৰু নাম ভক্ত যিজনে চিনায়ে।
মহা হিত কাৰী বুলি শুদ্ধ ভাৱে সেৱে॥২৫৯
সংসাৰ সাগৰ পাৰ তেসম্বে পাৱয়।
আজ্ঞা প্ৰজ্ঞা কৰি যিটো তাহাঙ্ক সেৱয়॥
কোনো বেলা তেহে যদি প্ৰহাৰ কৰয়।
লাভ মানি তাহাঙ্ক যে কৰিব বিনয়॥২৬০
অনেক কাকুতি কৰি মাধৱে পুচন্ত।
উপদেশ দাতা কোন কৈয়ো ভগৱন্ত॥
গুৰুহেন বুলি মোক যিজনে চিনান্ত।
তাহাকে জানিবা তুমি ভকত একান্ত ২৬১
উপদেশ দাতা মোত পৰে নাহি আন।
ভকতি অমিয়া ৰস যিটো দিলো দান॥
আমাক দেখায়ে যিটো ভক্ত কৃপাময়।
গুৰুদেৱ নাম ভক্ত তাহাক জানয়॥২৬২॥
সমস্তকে নিয়া যাতো মোহোক অৰ্পয়।
এতেকে নিশেষ সমকুল বুলি কয়।
শুনিয়া মাধৱে পুনু বুলিলা বচন।
মৰণ সম্বৰিয়া যাইবো কোন থান॥২৬৩
আমি সেৱকক নিবা কমন উপায়।
হৃদয়ৰ গুৰু মোৰ বাপ যদুৰাই॥
অৰুণ চৰণ দুই হৃদয়ত বান্ধি।
সুধিবে লাগিলা কথা দুনাই কান্দি কান্দি॥২৬৪
তম্ভি কতো বেলি মানে আছিল ৰহি।
চক্ষুৰ লোতক ধাৰা সাৰে যাই বহি॥

[ ৫৮ ]

সহিবে নপাৰি আতি শোকৰ জালত।
তমোময় দেখি পৰিলন্ত চৰণত॥২৬৫॥
মোক এৰি যাহা আবে বাপ জগন্নাথ।
কান্দি কান্দি পৰি চৰণত থৈয়া মাথ॥
শুনিয়া শঙ্কৰে পাছে বুলিলা হাসিয়া।
নযাইবো মাধৱ আমি তোমাক এৰিয়া॥২৬৬
তথাপিতো থাকিবাৰ কহো মোৰ ঠাই।
স্থিৰ মনে শুনা তুমি আৰ অভিপ্ৰায়॥
মোহোৰ থানৰ আবে শুনিয়ো মহিমা।
নপাওঁ আদি অন্ত মই কহি তাৰ সীমা॥২৬৭
নাহিকয় গঢ় দ্বাৰ নাৰীৰ সঞ্চাৰ।
ব্ৰহ্মা বিষ্ণু হৰ ইন্দ্ৰ নপাৱে ওচৰ॥
তৈৰ হন্তে আসি আমি আছো এহি ঠাই।
সংসাৰী জীৱক আমি তাৰিবো সদাই॥২৬৮
ধৰ্ম প্ৰচাৰিবে দেখা দিয়া আছো আমি।
তাহাৰ জানিবা সূক্ষ্ম বেশ নিয়া তুমি॥
মহা থিৰ বুদ্ধিমন্ত যিটো নৰ চয়।
মহা দিব্য ৰত্ন কিছু ৰেসাউক নিচ্ছয়॥২৬৯
মোক যিটো জনে কায় বাক্য মনে ধৰে।
এক চিত্ত মনে যিটো গুৰু বুদ্ধি কৰে॥
মুকুতি পৰম পদ তাকো চেৰাই যাইব।
মোহোৰ পাশত থান তাৰা সবে পাইব॥২৭০
মহাশুদ্ধ ভাৱে ত্ৰিশকোটিয়ে বিৰিবো।
ইটো দেহা এৰি সবে মোৰ সঙ্গ পাইবো।
বচনে কেৱল মাত্ৰ গুৰু বুলিবেক।
মনে চিতে জানা সিটো আন ভাবিবেক॥২৭১
যি শিক্ষা দিবে তাক নধৰিব মনে।
আঠ কৌটি নৰকক যাইব এহি গুণে॥

[ ৫৯ ]

আৰু তিনি পথ জানা হইব মতান্তৰ।
দামোদৰ হন্তে মূৰ্ত্তি হৈব ব্ৰাহ্মণৰ॥২৭২
প্ৰতিমাত কাস্তা তাৰ হৈবে তীৰ্থ বুদ্ধি।
মন বাক্য শৰীৰৰ নুহিবেক শুদ্ধি॥
যদি শুদ্ধ ভাবে কাস্তা তাহাত কৰয়।
একবিধ মুকুতিক পাইবেক নিচয়॥২৭৩
শুদ্ধ চিত্ত মনে যদি তভো কাস্তা নাই।
মুকুতিক বঞ্চিবেক মোক্ষক নপাই॥
তোমাৰ মতক বুলি লোকত কহিবো।
ভাণ্ডি চুৰি কৰিয়া শৰীৰ প্ৰবৰ্ত্তাইবো॥২৭৪
ভাৰ্য্যা ধন বিত্ত আশায় এৰিব বিশ্বাস।
শিষ্যৰ ভাৰ্য্যাক গুৰু কৰিবেক আশ॥
গোপৰ বীৰ্য্যক মাৰি আৰু ধুৱাই খাইবো।
এহি মহা ধৰ্ম্ম বুলি লোকত কহিবো॥২৭৫
সেহি শিক্ষা শিষ্যে দৃঢ় কৰিয়া ধৰিবো।
আমাৰ নামক পাছে গুপুত কৰিবো॥
তাৰ যেন গতি হৈবে তাক শুনিয়োক।
অৱশ্যে গৰ্ত্তক নিবে জানিবা তাহাক॥২৭৬
অম্ৰাৱতী পুৰে কুশ কণ্টক নগৰ।
তাহাৰ মধ্যত থান হৈবেক তাহাৰ॥
পুৰুষোত্তম চতুৰ্ভূজে শুদ্ধ ধৰ্ম্ম কৈবো।
আসাম দেশৰ বাহ্ৰ ভকত আসিবো॥২৭৭
চতুৰ্ভূজ সঙ্গে আৰু হৈব পাঞ্চ জন।
মোক গুৰু বুলি সবে কৰিবো শৰণ॥
তাৰা সবে গৈয়া মোৰ থানক পাইৱন্ত।
তাসম্বাৰ পুত্ৰ নাতি যেন কৰিৱন্ত॥২৭৮॥
উচ্চাসনে বসি মহা ধৰ্ম্ম বিহিৱন্ত।
গুৰু দেৱ ভক্ত পদ আপুনি লৈৱন্ত॥

[ ৬০ ]

তোমাক আমাক মাত্ৰ বচনত কৈব।
আশা পাশে বন্দী হুয়া মোহোক ঢাকিব॥২৭৯
মোৰ মহা শুদ্ধ ধৰ্ম্ম তাহাক এৰিবো।
মহা মদ গৰ্ব্বে সিটো গুৰু পদ লৈবো॥
মোৰ কথা শুনি মনে অসুয়া কৰিবো।
যদি শিষ্যে সোধে তভো ভাণ্ডি আক কৈবো॥২৮০॥
সেহি গুৰু বৃক্ষ হুইবে জানিবাহা তুমি।
শিষ্য সব পক্ষী হৈব কহিলোহো আমি॥
বৃক্ষৰ উপৰ পৰি তাহাক ভৰ্ৎসিব।
গুৰু নিচিনিয়া ঘোৰ যাতনা ভূঞ্জিব॥২৮১॥
পুৰুষোত্তম চতুভূৰ্জ আৰু দামোদৰ।
ৰমাকান্ত জগজীৱ পুত্ৰ সুমিত্ৰাৰ॥
যিটো মোৰ ভৃত্য বংশী তাৰা সবে আসি।
মোৰ শুদ্ধ ধৰ্ম্ম তাৰা থাকিব প্ৰকাশি॥২৮২॥
তাৰা সবে জানা তুমি আমাক কহিবো।
ৰাম ৰাই পুত্ৰ হন্তে আমাক নকৈবো।
এহি সাত পুৰুষেসে মোক মাত্ৰ কৈবো।
সাতো জনো জানা তেবে মোৰ লগ পাইবো॥২৮৩
এহি সাত জন মাত্ৰ মোক বখানিব।
ইহাৰ পাছত শুনা যেন মত হৈব॥
শুনিয়ো মাধৱ মোৰ থাকিবাৰ খান।
দশম কীৰ্ত্তন মোৰ মূৰ্ত্তিৰ সমান॥২৮৪॥
নিপুণ যিজনে গুৰু মোহোক বোলয়।
দশমত কীৰ্ত্তনত দেখিবে নিশ্চয়॥
একখানি শাস্ত্ৰ তুমি ঘোষা নাম কৈবা।
ঘোষা ৰত্নাৱলী গ্ৰন্থ তুমিও জানিবা॥২৮৫
এহিমতে সাত পুৰুষৰ সীমা ভৈলা।
বড় দ্ৰৱাক জানা তেবে গঙ্গা গৈলা॥

[ ৬১ ]

মোক গুৰু বুলি যিটো কৰয় কীৰ্ত্তন।
সবাকো লগতে লৈয়া যাইবো নিজ থান॥২৮৬॥
মাথা চপৰাই যেবে মাধৱে আছন্ত।
শঙ্কৰক চাই পুনু মিনতি কৰন্ত॥
এক কথা পুছো প্ৰভু তাক কহিয়োক।
কৃষ্ণে পান তন পীত দিয়ে সিদ্ধান্তক॥২৮৭॥
জম্মিলন্তে বসুদেৱে গোকুলক নিলা।
কোন সময়ত কৃষ্ণে তনক যে খাইলা॥
হেন শুনি গুৰু পাছে দিলা সমিধান।
কংসক বধিবে মই গৈলো যেতিক্ষণ॥২৮৮॥
পিতৃৰ মাতৃৰ পাছে বন্ধন চুড়িলো।
দুই ভাই তাসম্বাৰ চৰণে পৰিলো।
আমাৰ নিমিত্তে দুখ পাইলা বহুতৰ।
পিতৃক মাতৃক স্তুতি বুলিলো বিস্তাৰ॥২৮৯॥
মহা প্ৰেমে দৈৱকীৰ লোতক জড়িল।
সাৱটিয়া ধৰি মোৰ শিৰক ঘ্ৰাণিল॥
স্নেহত তাহান যেবে স্তন জড়ি গৈলা।
কৃষ্ণৰ অধৰে সেহি স্তন প্ৰবেশিলা॥২৯॥
মোৰ পিত অৱশেষ ভৈলা সিকাৰণে।
তাকেসে ভূঞ্জিলে মৰীচিৰ পুত্ৰগণে॥
মাধৱে পুছিলা দুনাই কৰি নমস্কাৰ।
দেৱ দেৱ পৰম ব্ৰহ্ম জগত আধাৰ॥২৯১॥
মই ভিক্ষুকক প্ৰভূ দিয়ো মহা দান।
নাহিকে অনাথ মই পাপীৰ সমান॥
এভৱ সংসাৰে মই মঞ্জিলো সমূলি।
কৰিয়ো উদ্ধাৰ বাপ মোক ভৃত্য বুলি॥২৯২॥
চাৰিটি শৰণ বাপ কহিয়ো হৰিষে।
মোহোৰ অজ্ঞান যত গুচোক নিশেষে॥

৪৫

[ ৬২ ]

শঙ্খ গুৰু চক্ৰে দেৱ বুলিয়া কহিলা।
গদা নাম পদ্মে ভক্ত বুলি শিক্ষা দিলা॥২৯৩
যিটো পূৰ্ণ ব্ৰহ্ম তুমি জগত কাৰণ।
গুৰুৰূপে সবে বাপ দিলা ভক্তি দান॥
শঙ্খে গুৰু ভৈলা হেন কিমতে জানিবো।
কেন মতে চক্ৰে দেৱ তাহাক মানিবো॥২৯৪
গদা নাম ভক্তে পদ্ম বুলি মোত কৈলা।
চাৰি অস্ত্ৰে চাৰি বস্তু কেন মতে ভৈলা॥
ছেদিয়ো সংশয় মোৰ গুৰু কৃপাময়।
যেন মতে চাৰি ভক্তি শুনিয়ো নিশ্চয়॥২৯৫
শুনিয়া শঙ্কৰে পাছে বুলিলা দুনাই।
কহিবো কাৰণ তুমি শুনা অভিপ্ৰায়॥
চাৰিয়ো নামৰ চাৰি অস্ত্ৰ সেৱা কৈলা।
সেৱাৰ নিমিত্তে ভিন্ন ভিন্ন নাম ভৈলা॥২৯৬
দৃষ্টান্ত প্ৰকাৰে তুমি ইহাক জানিবা।
মূল বস্তু ভৈলা হেন আক নুবুলিবা।।
আত অনন্তৰে কথা শুনি মন কৰি।
গদ সাত্যকিয়ে পূৰ্ব্বে আছে যেন কাৰি॥২৯৭
যদুবংশে নিৰ্জ্জান যে ভৈলা যিকালত।
তুমি কৃষ্ণে তাসম্বক বধিলা বহুত॥
মহা মতোয়াল হুয়া বাধা নুশুনিলা।
মহামদে দুইকো দুই চৰণ তুষিলা॥২৯৮
সেহি পাপ ফলে দুইৰো গায়ে ব্যাধি হৈবো।
আত কিঞ্চিতেকো লোকে শঙ্কা নকৰিবো॥
কৃষ্ণ পূৰ্ণ তাৰ সবো অংশ আতিশয়।
সি কাৰণে তাসম্বাৰ ভৈলা দাস চয়॥২৯৯
কৃতাঞ্জলি কৰি স্তুতি মাধৱে বোলন্ত।
আৰু এক কথা কহা অচ্যুত অনন্ত॥

[ ৬৩ ]

কোন পাপে হৰিশ্চন্দ্ৰ চণ্ডাল যে ভৈলা।
কিবা হেতু তান মহা বিপত্তি মিলিলা॥৩০০॥
শুনিয়ো মাধৱ আৱে তাহাৰ উত্তৰ।
যিকাৰণে ৰাজা দাস ভৈলা চণ্ডালৰ॥
ধৰ্মৰ তনয় তেন্তে পূৰ্ব্বত আছিলা।
স্নেহ কৰি পিতৃ চন্দ্ৰহাস নাম দিলা।।৩০১॥
চন্দ্ৰহাস নাম তান ভৈলা যিবা হেতু।
মহা খ্যাতিমন্ত তেহে যেন ধৰ্ম সেতু॥
একদিনা ধৰ্ম্ম আছা নাৰীৰ সঙ্গত।
কামাতুৰ যেন তেহে ভৈলাহ উন্মত॥ ৩০২॥
মহন্ত জনৰ মুহি এনয় স্বভাৱ।
এহি বুলি চন্দ্ৰ চলি গৈলা নিজ ঠাৱ॥
সেহি বীৰ্য্যে ধৰ্মৰ যে পুত্ৰ জন্মিলন্ত।
চন্দ্ৰহাসি গৈয়া ঋষি গাৱে ধৰিলন্ত॥ ৩০৩॥
দিনেক বশিষ্ঠ পিতৃ যজ্ঞ কৰাইচন্ত।
তান পাশে চলিয়া যে আপুনি গৈলন্ত॥
চণ্ডাল বুলিয়া তাক বশিষ্ঠে শাপিলা।
চন্দ্ৰ হাসি পাৱে পৰি মিনতি কৰিলা॥ ৩০৪॥
অল্প দোষে গুৰু তুমি শাপিলা কিসক।
ইসব শাপৰ মোৰ অন্ত কহিয়োক॥
শুনিয়া বশিষ্ঠে পাছে বুলিলা বচন।
তোহোৰ শাপৰ অন্ত দিৱ তুমি শুনা॥ ৩০৫॥
একৰূপে ধৰ্মগৈয়া ত্ৰিশঙ্কু হৈৱন্ত।
সপ্তদ্বীপ বসুমতী ভোগ কৰিৱন্ত॥
তান বীৰ্য্যে হৰিশ্চন্দ্ৰ জন্মিবিহি যাই।
যজিবি বিষ্ণুক তই কৰি ৰাজ সূয়॥৩৪৬॥
পূজা নাপাই গণেশেও বিঘ্নি আচৰিবো।
বিশ্বামিত্ৰ হন্তে তোক চাণ্ডালে কিনিবো॥

৪৭

[ ৬৪ ]

বিশ্বামিত্ৰে বিকিবে তোক চণ্ডালে কিনিবো।
শাপৰ জানিবা অন্ত তেবেসে হইবো॥ ৩০৭
চণ্ডাল যি হইবো তাৰ শুনিয়োক কথা।
চণ্ডাল স্বৰূপে ধৰ্ম্ম আসিবেক এথা॥
বশিষ্ঠৰ শাপে তেহে চণ্ডাল ভৈলন্ত।
মহা নিগ্ৰহতো তভো ধৰ্ম্ম নেৰিলন্ত॥৩০৮॥
নমস্কাৰ কৰি দুনাই মাধৱে বুলিলা।
মনৰ সংশয় মোৰ সমস্তে গুচিলা।
আৰু এক কথা পোছো শুনা কৃপাময়।
মহা বিপৰীত মোৰ সংশয় আছয়॥৩০৯॥
গোকুলৰ গৰু গোপ তৃণ বন যত।
বোলা সবে ঐক আসি আছয় সমস্ত॥
শুনা সভাসদ পদ অমূল্য ৰত্নৰ।
বোলা হৰি হৰি সামাজিক নিৰন্তৰ॥৩১ ০॥

দুলৰি।


শিঙ্গা বেত বেণু উৰুখল ৰজু
 কোনে কোন বিধ ভৈলা।
তোমাৰ পাৱত কোনজন আসি
 কোন ৰূপে সেৱা কৈলা।
ইহাৰ কাৰণ কহিয়োক বাপ
 অনাথৰ নাথ তুমি।
হে প্ৰাণ বন্ধু তোমাৰ চৰণে
 শৰণ পশিলো আমি॥ ৩১১॥
মাধৱৰ বাণী শুনিয়া শঙ্কৰ
 বুলিলা পাছে বচন।
যিবা বস্তু যিবা ৰূপে আসি ঐত
 আমাৰ সেৱে চৰণ॥

[ ৬৫ ]

কলহক জানা কৰ্ম্মৰ বাসনা
 যতেক পূজা কৰয়।
পটা পুত্ৰে যেন কলহ ভাঙ্গিলে
 ধৰ্ম্ম ভৈলা সেহি নয়॥ ৩১২ ॥
বৈকুণ্ঠৰ ফল  অমোঘ যেহেন
 তৈতে পটা পুত্ৰভৈলা।
পাপৰ বাসনা  কলসক ভাঙ্গি
 যেন মতে নষ্ট কৈলা॥
ধৰ্ম্মে সেহি মতে  কৰ্ম্মৰ বাসনা
 সমস্তে কৰিলা ক্ষয়।
পণ্ডিত সবৰ  সমাধি জানিবা
 ধৰ্ম্মে ভৈলা সেহি নয়॥ ৩২৩ ॥
কৃষ্ণৰ যতেক  টাৰ খাৰু আদি
 বেত বেণু নিৰন্তৰ।
ঐতো আসি সেই  টাৰ খাৰু ৰূপে
 ভৈলেক মোহোৰ ভাৰ॥
সেহিসে কাৰণে  বালেক কালত
 মাটিত আঙ্গুলি দিয়া।
সমস্ত গাৱৰ  ভৰ দিয়া মই
 আলগে থাকো ৰহিয়া॥ ৩১৪॥
বায়ু নিৰোধনে  সিটো অলঙ্কাৰ
 ছিঙিয়া সবে পৰিল৷
মোহোৰ অদ্ভূত  কৰ্ম্মক দেখিয়া
 সবেও বিস্ময় ভৈলা॥
গুৰুৰ চৰণ  নমস্কাৰ কৰি
 মাধৱে দুনাই আছিলা।
সুদাম যিমতে  মালাক দিলন্ত
 তহিতে কৃষ্ণে পিন্ধিলা ॥ ৩১৫॥

[ ৬৬ ]

কিবা হেতু কৃষ্ণ সেহি অঙ্গ মালা
 মাথাত আনি লৈলন্ত।
কহিয়ো কাৰণ  মোৰ ইষ্ট বন্ধু
 তহিত কোন ভৈলন্ত॥
পূৰ্ব্বে বৈকুণ্ঠত  কৃষ্ণে আদেশিলা
 যিটো নিজ বনমালা।
কংস বধিবাক  যাহন্তে পথত
 সুদাম তাকেসে দিলা॥ ৩১৬॥
তাতে মহা তুষ্ট  হুয়া পাছে মই
 অচলা ভকতি দিলো।
সেহি বাসনায়ে  সুদামৰ জানা
 থানক দুনাই আসিলো॥
কৈবৰ্ত্ত কুলত  পৰীক্ষিত নামে
 পৰম বৈষ্ণৱ ভৈলা।
মহা ভক্তি ভাৱে  অহিতো তেহেন্তে
 আমাৰ মালিয়া ভৈলা॥ ৩১৭॥
সেহি তৈৰ মালা  আসিয়া অহিত
 মালতী পুষ্প ভৈলন্ত।
পৰীক্ষিতে তাৰ  মালাক গাঁঠিয়া
 নিতান্তে মালা যোগান্ত॥
তুমি শুদ্ধ চিত্ত  গম্ভীৰতো ধীৰ
 সাক্ষাতে আমাৰ প্ৰাণ।
যিকাৰণে দাস  ভাব ভৈলা তুমি
 তাহাৰ শুনা কাৰণ॥ ৩১৮॥
বলভদ্ৰ তুমি  আছিলা যৈসানি
 ৰেৱতী তযু সুন্দৰী৷
নাট মন্দিৰত  নিতে নৃত্য কৰে
 চাইলা তাক ৰঙ্গ কৰি॥

[ ৬৭ ]

তুমি আসি পাছে তাহাঙ্ক দেখিলা
 শাপিলাহা ক্ৰোধ মনে।
ডোম চণ্ডালৰ পত্নীৰ সদৃশ
 তোহোৰ দেখো লক্ষণে॥ ৩১৯॥
সুবোধন নামে বিদ্যাধৰি সিটো
 নটীক আছে নচাই।
সৰ্ব্বদায় সিটো ক্ৰীড়িয়া থাকয়
 দুন্দূভি মৃদঙ্গ বাই॥
বলভদ্ৰে বোলে শুনা বিদ্যাধৰ
 পাপিষ্ঠ তই নিস্খল।
মোহোৰ ভাৰ্য্যাৰ আগে ক্ৰীড়া কৰ
 দিবো তোক তাৰ ফল॥ ৩২০॥
বৰিষেক মানে গৰ্ভ বাসা ভূঞ্জি
 ডোমৰ কুলে জন্মিবি।
বিদ্যাধৰ নাম গুচিবেক তোৰ
 হীন কূলে উপজিবি॥
মহা কোপ মনে ৰেৱতী তেখনে
 তোমাক বুলিবে বাক।
অল্প অপৰাধে কিকাৰণে প্ৰভূ
 শাপিলা তুমি আমাক॥ ৩২১॥
মোক অনা দোষে শাপিবাৰ ফল
 তোমাত মিলোক স্বামী।
দাস হুইবে প্ৰভূ তোমাৰ লাগক
 নিস্তে বুলিলোহো আমি॥
শুনি হাসি পাছে বলভদ্ৰে বোলে
 শুনিয়ো ৰেৱতী সতী।
যদ্যাপি তোমাক শাপ দিলো আমি
 লভিবা পৰম গতি॥ ৩২২॥

[ ৬৮ ]

বড় দোৱা গ্ৰামে শঙ্কৰ স্বৰূপে
 কৃষ্ণ জন্মিবেক যাই।
তাহান সেৱক  হৈবা আসি তৈত
 দাস তন হৈবো মই॥
এহি বিদ্যাধৰে  পূৰ্ণানন্দ নামে
 নদীয়াল হৈবা যাই।
তোৰ ৰাধা নাম  হৈবেক তহিত
 তাৰ ভাৰ্য্যা হৈবি তই॥ ৩২৩ ॥
তথাপিতো তোক  হৰিবে নপাৰে
 নপুংসক সিটো হৈবো।
শান্তি হেন জানি  শঙ্কৰে তোহোক
 জান বান্ধাইবাক নিবে॥
সেহি তযু বাক্য  সাফলিয়া আমি
 শান্তিৰ চিন দেখাইবো।
পণ্ডিত সৱত  শান্তি বিচাৰিয়া
 কহিত শান্তি নপাইবো ॥ ৩২৪ ॥
অন্তেজ ফলত  শান্তি আছে হেন
 সমকে দৰস্তুশাইবো।
বাৰ ভূঞা মাজে  পণ্ডিত সৱত
 শান্তি যে খুজি নপাইবো॥
সেহিসে কাৰণে  ৰাধিকা অহিত
 মুক্ষতৰ শান্তি ভৈলা।
পণ্ডিত সৱৰ  মুখে ছাই পেলাই
 পলৰে জল আনিলা ॥৩২৫॥
ৰাধিকাৰ কুলে  সপ্তম পূৰুষ
 বৈকুণ্ঠক চলি যাইবো।
বোলো নিষ্ট কৰি  শুদ্ধ ধৰ্ম্ম ধৰি
 মোৰ পাশে থান পাইবো॥

[ ৬৯ ]

এহিসে কাৰণে তোমাৰ জানিবা
 ত্ৰিবিধ প্ৰকাৰ ভৈলা।
দেৱী পূজা কৰ্ম্ম দাস ভাৱ আদি
 জ্ঞান শ্ৰুতি পাসৰিলা॥ ৩২৬॥
শঙ্কৰ স্বৰূপ  জগত ঈশ্বৰ
 ধৰা তান গুণ নাম।
বোলন্ত মাধৱে  ভকত সকলে
 ডাকি বোলা ৰাম ৰাম॥
ভাৰ্য্যা পুত্ৰধন  অথিৰ জীৱন
 পদ্ম পত্ৰ জল সম।
নেনা আলে জালে  ধৰি আছে কালে
 নিৰন্তৰে বোলা ৰাম॥৩২৭॥

———

পদ।

হেন পৰম ব্ৰহ্ম প্ৰভূ নাথ নিৰাকাৰ।
তোমাৰ চৰণে কোটি কোটি নমস্কাৰ॥
মই ভিক্ষুকক প্ৰভূ দিয়া উপদেশ।
হৃদয়ত থাকি মোৰ নাথ হৃষীকেশ॥ ৩২৮॥
হে হে পৰম গুৰু দৈৱকী নন্দন।
ব্ৰহ্মা আদি দেৱে সেৱে যাহাৰ চৰণ॥
সহস্ৰ বয়নে যাৰ অন্তক নপাই।
সনক সুনন্দ সিদ্ধে যাৰ গুণ গাই॥ ৩২৯॥
ভানুৰ উদয়ে যেন অন্ধকাৰ ক্ষয়।
তেনমতে অন্ধকাৰ নাশিল নিশ্চয়॥
যেন সিংহনাদে মৃগগণ হুয়া ভয়।
অৰণ্যক এৰি বহু দূৰক পলায়॥ ৩৩॥

[ ৭০ ]

যেন মহা অৰণ্যক অগ্নি কৰে ক্ষয়।
পাষণ্ড অৰণ্য ভৈলা তুমি অগ্নিময়॥
যেন হৰি দেৱতাক মৃত ভূঞ্জাইলা।
অদ্যাপিও সেহিমতে ভক্তি সব দিলা॥৩৩১॥
অমৃত ভূঞ্জিয়া দেৱ উন্মত ভৈলন্ত।
ভযু ভক্তি মৃত প্ৰভূ সিমত নোহন্ত॥
যিটো ভক্তি ৰস পান কৰে ভক্ত গণে।
তোমাৰ চৰণ চিন্তে কায় বাক্য মনে।।৩৩২॥
তাসম্বাৰ সঙ্গী প্ৰভূ ভৈলো মই যেন।
মহা গুৰুতৰ সঙ্গ আছা নাৰায়ণ॥
মালাৰ কাৰণ আবে কৈয়ো গুৰুদেৱ।
তুমি বিনে মোহোৰ বান্ধৱ নাহি কেৱ॥৩৩৩॥
শুনিয়ো মাধৱ তুমি চিত্ত থিৰ কৰি।
পৰম শ্ৰদ্ধায়ে যিটো সোধয় সাদৰি॥
তাহাত কহিবা ইটো মহাজ্ঞান তত্ত্ব।
নকহিবা ইটো ভান দাম্ভিক জনত॥ ৩৩৪॥
প্ৰথমৰ গুৰু কৃষ্ণ জানিবা নিশ্চয়।
দ্বিতীয়ৰ অক্ষৰক দেৱ বুলি কয়॥
তৃতীয়ৰ হৰিনাম বুলিয়া জানিবা।
চতুৰ্থৰ নাম নিজ ভক্ত বুলি লৈবা॥৩৩৫॥
শৰণ প্ৰকাৰে চাৰি বস্তু মানি লৈবা।
এহিসে কাৰণে আক গোপ্য কৰি কৈবা॥
আৰু প্ৰথমৰ কৃষ্ণ মৎস্য অৱতাৰ।
দ্বিতীয়ত জানা ভৈলা কুৰ্ম্ম অৱতাৰ॥৩৩৬॥
তৃতীয়ৰ কৃষ্ণ নৰসিংহ বুলি কয়।
চতুৰ্থৰ অষ্ট বামনৰ শক্তি চয়॥
পঞ্চমৰ কৃষ্ণ শুনা পৰশু ৰামৰ।
ষষ্ঠৰ যে শক্তি ভৈলা হলি যে ৰামৰ॥ ৩৩৭॥

৫৪

[ ৭১ ]

বৰাহৰ শক্তি আৰু সপ্তমক জানা।
শ্ৰীৰামৰ শক্তি আৰু অষ্টম প্ৰধান॥
নবমৰ আকাৰক বোধক কহিলো।
দশমৰ শক্তি কল্কি বুলিয়া মানিলো।।৩৩৮৷।
দশ অক্ষৰৰ এহি অম্বয় কহিলো।
শৰণক নাম কৰি মালা মধ্যে থৈলো॥
মোৰ নিজ জায়া লক্ষ্মী ভক্ত আতিশয়।
মালাৰূপ হুয়া দেখা গলে প্ৰকাশয়।।৩৩৯॥
মালা ডোৰ ভৈলা তান্ত একান্ত ভকত।
গুহ্যতো পৰম গুহ্য কহিলো তোমাত॥
মহা গুহ্যতম আৰু কথা শুনিয়োক।
ইন্দ্ৰে বোলে শুনা আবে অপেস্বৰালোক॥৩৪০॥
মোৰ পদ লৈবে খোজে নৰ নাৰায়ণ।
তাহাক মোহিও গৈয়া কৰিয়ো যতন॥
ইন্দ্ৰ আজ্ঞা পাইয়া পাছে অপেস্বৰাগণ।
বদৰিকাশ্ৰমক গৈলেক তেতিক্ষণ॥৩৪১॥
তপ কৰি আছে দুই নৰ নাৰায়ণ।
বিদ্যাধৰ অপেস্বৰা পাইলা সেহি থান॥
মৃদঙ্গ দুন্দুভি বাই নাচিবে লাগিল।
নাৰায়ণ আগে বহু ভাৱ দৰশাইলা॥৩৪২॥
পঞ্চ সুৰ তুলি ৰাগ দিলন্ত উচ্চাই।
মদগৰ্ব্বে বিদ্যাধৰে মৃদঙ্গ বজাই॥
নাচিবে লাগিলা অপেস্বৰা ভঙ্গীভাৱে।
কাষ পিঠি দেখাইৱন্ত বস্ত্ৰ খসাই গায়ে॥৩৪৩॥
কামদেৱ পুষ্পবাণ হানিলা সন্ধানে।
কটাক্ষ নকৰে তাক দেৱ নাৰায়ণে॥
নাৰায়ণে বোলে শুনা ইন্দ্ৰ অনুচৰ।
কম্বক নিলাজ পাপ অধম বৰ্ব্বৰ॥৩৪৪॥

৫৫

[ ৭২ ]

পতঙ্গ পৰয় যেন অগনিৰ মাজে।
আমাক মোহিবে আইলি অধম নিলাজে॥
যিটো নাৰী লৈয়া আইলি মোক মুহিবাক।
মোৰ শৰীৰত নাৰী দেখিয়ো প্ৰত্যেক॥৩৪৫॥
এহি বুলি নাৰায়ণ যোগময়া বলে।
উৰ্ব্বশীক মোক্ষ কৰি কন্যাক সকলে॥
ৰূপে গুণে পদ্মিনী যৌবনী কন্যা সাৰ।
স্ৰজিলন্ত নাৰায়ণে ষোড়শ হাজাৰ॥৩৪৬॥
কতো নাৰী চামৰ ধৰিয়া কৰ বিঞ্চে।
কতো কতো নাৰী সুশীতল জল সিঞ্চে॥
কতো নাৰী কপূৰ তাম্বুল যোগাৱন্ত।
কতো কতো নাৰায়ণ পাৱক মৰ্দ্দন্ত॥৩৪৭॥
চতুৰ্ভিতি বেঢ়ি সেৱা কৰে নিৰন্তৰ।
দেখিয়া বিস্ময় ভৈলা যত বিদ্যাধৰ॥
নাৰায়ণ বোলে অৰে শুনা দুষ্টগণ।
দিবো আৰ ফল তোক শুনিবি বচন॥ ৩৪৮॥
সামান্যক লঘু যেন নকৰস তই।
তাৰ প্ৰতিফল তোক দিবো আজি মই॥
বৰ ককৰ্থনা মোক কৰ তই পাপী।
এহি বুলি নাৰায়ণে শাপিলন্ত কুপি॥৩৪৯॥
অগনিত হাত দেহ অৰে পাপী সবে।
মহা কোপে তাসম্বাক শাপিলন্ত তেবে॥
দেৱ দেহ এৰি হৈবি অধম গোৱাল।
মোত দ্ৰোহ কৰি তোৰ নুহিবেক ভাল॥৩৫ ৩॥
হেন শুনি বিদ্যাধৰে তুতি বিনাৱন্ত।
আচৰিলো দ্ৰোহ কিনো দেৱ ভগৱন্ত॥
অধমৰ দোষ ক্ষমা কৰিয়ো আমাৰ।
দণ্ডৱতে চৰণত কৰে মাৰি॥৩৫১॥

৫৬

[ ৭৩ ]

তাত তুষ্ট ভৈলা পাছে দেৱ নাৰায়ণ।
তাসম্বাৰ শুনি হেন বিনয় বচন॥
আত অনন্তৰে কথা শুনাদিয়া মন।
সেহি বেলা দম্ভে আসি মাগিলন্ত ৰণ॥ ৩৫২
নাৰায়ণে নৰক যে বুলিলা বচন।
দেখিয়োক দম্ভ কিনো মহা অজ্ঞজন॥
দল কিনি ফুৰে ইটো কাকো নডৰাই।
মোৰ বাক্যে আক তুমি বধিয়োক যাই॥৩৫৩
আজ্ঞাশিৰে ধৰি নৰে কৰিলা গমন।
ইসিকাৰ ধনু-বাণ লৈলা তেতিক্ষণ॥
মহাকোপে নৰে গৈয়া তাঙ্ক প্ৰহাৰিলা।
ইসিকাৰ বাণ গৈয়া দম্ভত পৰিলা॥ ৩৫৪॥
গৰ্ব্বচুড় হুয়া দম্ভে এৰিলেক ৰণ।
নাৰায়ণ পাৱে পৰি লৈলেক শৰণ॥
দণ্ডৱতে দম্ভে তান পৰি চৰণত।
অনেক ভকতি ভাৱে কাতৰ কৰন্ত॥ ৩৫৫॥
নজানি কৰিলে দোষ ক্ষমা জগন্নাথ।
এহি বুলি দম্ভে চৰণত দিয়া মাথ॥
হেন শুনি হাসি পাছে জগত ঈশ্বৰ।
ভৈলো তুষ্ট দম্ভ তই লৈয়ো আবে বৰ॥৩৫৬॥
শুনি কৰযোৰে দম্ভে বুলি স্তুতি বাণী।
হে প্ৰাণনাথ প্ৰভু শুনা চক্ৰপাণি॥
যদি মোক দিয়া বৰ নাথ নাৰায়ণ।
মোক লাগি হানিলাহা যত অস্ত্ৰগণ॥ ৩৫৭
ৰণত জিনিবো প্ৰভূ ইটো তযু শৰ।
যদি কৃপা আছে মোক দিয়ো এহি বৰ॥
দিবো বৰ দম্ভ তোক শুনা মোৰ বাণী।
নৰক জিনিবে তই পাইবিহি যৈসানি॥৩৫

৫৭

[ ৭৪ ]

যতেক শকতি মোৰ সমস্তকে নিবো।
বসুদেৱ গৃহে মই আপুনি জন্মিবো॥
পাণ্ডৱৰ ঘৰে গৈয়া নৰো জন্মিবেক।
কৃষ্ণ-ধনঞ্জয় দুয়ো নাম ধৰিবেক॥ ৩৫৯
অধম গোৱল মধ্যে মোক্ষ হইবি তই।
এহি অস্ত্ৰে ডাঙ্গ হৈবে বুলিলোহো মই॥
কৃষ্ণে বৈকুণ্ঠক যান্তে সবে শক্তি নিবো।
অৰ্জ্জুনৰ যত বল সমস্তে টুটাইবো॥৩৬০
দম্ভ তই হুইবি গৈয়া অধম গোৱাল।
অৰ্জ্জুনক জিনিবিহি বুলিলো সকাল॥
কৃতাঞ্জলি কৰি নৰে বুলিলা বচন।
কি কাৰণে শাপিলাহ প্ৰভূ নাৰায়ণ॥৩৬১
শুনি নাৰায়ণে পাছে বুলিলা বচন।
তোমাৰে আমাৰে জানা একে জীৱপ্ৰাণ॥
তুমি মহা প্ৰিয়তম সুহৃদ পৰম।
নাহিকে বান্ধৱ আন তুমি মোৰ সম॥৩৬২॥
নেদো শাপ মই ইটো বৰসে প্ৰধান।
ই শাপৰ আৰে মই কহিবো নিদান।
ইটো দেহ এৰি হৈবা ধনঞ্জয় নাম।
শতেক কৌৰবে যাৰ নুহিবেক সম॥৩৬৩
মহা পৰাক্ৰমী হৈবা বীৰ মধ্যে সাৰ।
আমি সমে দুয়ো হৰিবোহো ভূমিভাৰ॥
কৃষ্ণ বৈকুণ্ঠক যান্তে লগক নপাইবা।
জীয়ন্তে মুকুত হুইয়া উত্তৰক যাইবা॥ ৩৬৪॥
সিটো দেহা এৰি আবে শুনিয়ো কাহিনী।
যাঠি সহস্ৰ যুগত কহিলো যৈসানি॥
বল ভক্তি শক্তি মই সমস্তকে নিবো।
শঙ্কৰ স্বৰূপে শূদ্ৰ কুলে উপজিৱে॥ ৩৬৫॥

[ ৭৫ ]

তাহান বংশত আমি দুইহান্তো জন্মিবো॥
অনন্ত সভাৰ নাৰায়ণক আনিবো॥
দুয়ো নাৰায়ণ পাছে হৈবে এক থান।
তিনি মিলি হইবো শুনা দৈৱকী নন্দন॥৩৬৭॥
শঙ্কৰ সহিতে আমি একে জীৱ প্ৰাণ।
যিকাৰণে শ্ৰেষ্ঠ তুমি শুনিয়ো কাৰণ॥
তিনিও জনৰ শক্তি শঙ্কৰে নিৱন্ত।
বিভূতি কলাৰ যত শক্তিও যাৱন্ত॥ ৩৬৮॥
অঙ্গ কিঞ্চিত চিতু মোত মাত্ৰ ৰৈবো।
এহিসে কাৰণে তাঙ্ক পূৰ্ণ গুৰু কৈবো॥
তাহান বংশত সুন্দিনীৰ গৰ্ভে যাই।
তোমাৰ জন্মৰ আবে কৈলো অভিপ্ৰায়॥৩৬৯
পৰম বৈষ্ণৱ হৈবা নাহি কোপ তাপ।
কিঞ্চিতেকো তোমাক যে নুছুইবেক পাপ॥
হৈবো মই পুত্ৰ দেৱযানী গৰ্ভে যাই।
জন্মিয়া মাত্ৰকে নাথাকিবো সেহি ঠাই॥৩৭০
হেন শুনি নৰে পাছে বুলিলা বচন।
তুমি পুনু আসি প্ৰভূ অঙ্গ নাৰায়ণ।
কিকাৰণে মোৰ বীৰ্য্যে তুমি পুত্ৰ হৈবা।
নিষ্কপট কৰি আৰ কথাক কহিবা॥ ৩৭১॥
তোমাক বসাই মই ঐত কিকাৰণ।
তাহাৰ বৃত্তান্ত কহো শুনা দিয়া মন॥
ব্ৰহ্মচৰ্য্য় ঋষি ভাৱ ধৰি আছো আমি।
তোমাৰ আমাৰ হৈবো শঙ্কৰেসে স্বামী॥৩৭২
পৰম মুকুত কথা কহিলো তোমাত।
তুমি আমি তান বংশে জন্মিবো সাক্ষাত॥
শঙ্কৰৰ বংশে জন্মি দুয়ো মুক্ত হৈব।
পাছে দুইৰো অংশে নিজ সুখক লভিব॥৩৭৩

[ ৭৬ ]

নাৰায়ণ বচনক এহি মানে থওঁ।
তাহান জন্মৰ শুনা কাৰণক কওঁ॥
প্ৰথম তেৰাৱ পুত্ৰ জন্মি মৰিবেক।
নাৰায়ণ নৰৰ যি বীৰ্য্যে জানা তাক॥ ৩৭৪॥
মাধৱৰ মনে যত সংশয় আছিল।
গুৰুৰ প্ৰসাদ সিটো সমস্তে গুচিল॥
আৰু এক কথা পোছে প্ৰভূ ভগৱন্ত।
অনন্তৰ কথা মোত কৰিয়ো বেকত॥ ৩৭৫॥
কুণ্ডল কঙ্কণ এক অঙ্গে আসি ভৈলা॥
লাল মূৰল তনি কোনে আসি ভৈলা
শুনিয়া শঙ্কৰে পাছে মাতিলন্ত গুণি।
কহিবো কাৰণ সবে থাকা তুমি শুনি॥ ৩৭৬॥
অনন্তৰ মূল শক্তি মোৰ শক্তি হৈল।
পূৰ্ব্বত অনন্তে মোত প্ৰণতি কৰিল॥
তোমাৰ যে এক চিহ্ন আমাক দিয়োক।
হেন অনুগ্ৰহ নাথ কৰিয়োক মোক॥ ৩৭৭
হেন শুনি প্ৰভূ পাছে বুলিলা বচন।
তোমাৰে আমাৰে জানা একে জীৱপ্ৰাণ।
দিবো চিহ্ন তোমাক পৰম ৰুচিকৰ।
শঙ্খ চক্ৰ গদা পদ্ম মোহোৰ হাতৰ॥ ৩৭৮
তুমি যেন মতে মোৰ শৰ্য্যাৰূপ ভৈলা।
পূৰ্ব্বে চাৰি চিহ্ন তুমি আমাত মাগিলা॥
প্ৰকৃতি পুৰুষ দুয়ো আমাৰ সমান।
সেহি দুয়োজনে আসি ভৈলা মোৰ প্ৰাণ৷৩৭৯
মোৰ অঙ্গে শক্তি তযু কৰ্ণৰ কুণ্ডল।
চক্ৰ গদা শক্তি আৰু লাঙ্গল মূষল॥
পদ্মৰ যে শক্তি জানা হস্তৰ কঙ্কণ।
এহি চাৰি চিহ্ন জানা কহিলো বচন॥৩৮০

[ ৭৭ ]

দুলড়ি।

যিটো মাধৱক  হাজাৰ দশেক
 দিগজে পাৰি দাঙ্গিত।
বলোৰ হাতৰ লাঙ্গল মূষল
 নপাৰে তভো দাঙ্গিত॥
মোৰ তেজ চয়  শক্তি আতিশয়
 সেহি চক্ৰ আসি ভৈলা।
তাতেসে বলোৰ হাতৰ মূষল
 মহা পৰাক্ৰমী ভৈলা॥ ৩৮১॥
মাধৱ বদতি  গুৰুক বোলন্ত
 সেবিব পাৱ দুতয়।
কি কাৰণে বলো  কঙ্কণ কুণ্ডল
 এক অঙ্গে নিপিন্ধয়॥
শঙ্কৰে বোলন্ত  শুনিয়ো মাধব
 ইহাৰ তুমি সিদ্ধান্ত।
যি কাৰণে বলো  ডাহিন ভাগত
 অলঙ্কাৰ নলৈলন্ত॥৩৮২॥
প্ৰকৃতি যিভাগে ভৈলা তাতে বলো
 অলঙ্কাৰ সবে লৈলা।
কঙ্কণ কুণ্ডল  নাহিক যিভাগে
 পুৰুষ সিভাগে ভৈলা॥
মাধৱ বদতি  কৰযোৰ কৰি
 বোলন্ত তুতি অনেক।
মই অধীনক  হে ভগৱন্ত
 ভকতি মোক দিয়োক॥৩৮৩
ৰণভূমি মধ্যে  অৰ্জ্জুনক যেন
 মহাজ্ঞান দান দিলা॥
সেহিমতে প্ৰভূ  মোহোৰ মনৰ
 সংশয় সবে গুচাইলা॥

[ ৭৮ ]

অমূল্য ৰত্ন

তযু নিজ ভৃত্য  ভৈলো গুৰু দেৱ
 কৰোহো কোটি বন্দন।
কোনে আসি তৈত  বনাগ্নি ভৈলন্ত
 কহিয়ো তাৰ নিদান॥৩৮৪॥
মাধবৰ বাণী শুনিয়া শঙ্কৰে
 দিলন্ত পাছে সিদ্ধান্ত।
মোৰ তেজ চয়  ব্ৰহ্মা আদি দেৱে
 নিহালিবে নপাৰন্ত॥
অমোঘ তেজৰ অদ্ভুত প্ৰভাৱ
 ভকতে মাত্ৰ জানন্ত।
মোৰ শৰীৰৰ  তেজ বাজ হুয়া
 সেহিতো অগ্নি ভৈলন্ত॥৩৮৫॥
কৌটি সূৰ্য্য নয় মোৰ তেজ চয়
 গোপ গোপী নলঙ্ঘয়।
মহাতাপ পায়া  অগ্নি বুলি তাক
 সবে ভৈলা মহা ভয়॥
সেহিসে কাৰণে গোপক গোপীক
 চক্ষু মুদি বাক দিলো।
নিজ যোগ বলে  বনাগ্নি তেজক
 আপুনি পান কৰিলো॥ ৩৮৬॥
কৰ যোৰ কৰি চৰণত ধৰি
 মাধৱে দুনাই পোছন্ত॥
কিকাৰণে কৃষ্ণে  যশোদাৰ ঘৰে
 মৃত্তিকাক ভূঞ্জিলন্ত॥
শঙ্কৰে বোলন্ত  শুনিয়ো মাধৱ
 মহা গুপ্ততম কথা।
ধৱলি পিৱলি  কাজলি পাৰলি
 চাৰি বেদে ভৈলা তথা॥৩৮৭॥

[ ৭৯ ]

তাতে শুদ্ধ ধৰ্ম্মে দুগ্ধ ৰূপ ভৈলা
 যশোদা তাকে মথিলা।
কৃষ্ণে স্তন খান্ত নমাইবে নপান্ত
 উতলি যিৱা পৰিলা॥
সেহি শুদ্ধ ধৰ্ম্ম পৰিয়া ভূমিত
 মৃত্তিকা ভাৱ ভৈলন্ত।
কৃষ্ণে জানি তাক  সেহি মৃত্তিকাক
 আনন্দে তাক খাইলেক॥৩৮৮॥
সেহিসে কাৰণে  তহিৰো লোকক
 মোক্ষক কৃষ্ণে নিদিলা।
যাতো শুদ্ধ ধৰ্ম্ম  এক ভাগ নিয়া
 গৰ্ত্তৰ মধ্যে ৰাখিলা।
সেহি কৃষ্ণ আসি  গুৰু ৰূপ ধৰি
 মোক্ষ ধৰ্ম প্ৰচাৰিলা॥ ৩৮৯॥
মহা শুদ্ধ ভাবে  যিটো জনে ধৰে
 পৰম পদ দিৱয়।
ইটো গুহ্যতৰ  বেদৰো গোপনী
 জ্ঞানী গণে নজানয়॥
তুমি মোক্ষতম  সুহৃদ পৰম
 তোমাত কৈলো নিশ্চয়।
হৃদয়ে ধৰিবা  মুখত নেৰিবা
 তেবেসে ভকতি পায়॥ ৩৯৩॥

 পদ।
আত অনন্তৰে কথা শুনিয়ো মাধৱ।
তুমি মহা প্ৰিয়তম পৰম বান্ধৱ॥
কংসৰ বস্ত্ৰৰ কথা শুনা কহো তাক।
খুজিলো বস্ত্ৰক ধোবা নিদিলে আমাক॥ ৩৯১

[ ৮০ ]

পূৰ্ব্বৰ দুমুখ ধোবা অধম পামৰ।
সীতাক কলঙ্ক দিলে অজ্ঞানী বৰ্ব্বৰ॥
লোকৰ গৰিহা সিটো সহিতে নপাৰি।
পৰম দুৰ্ম্মতি ধোবা মহা অহঙ্কাৰী॥ ৩৯২॥
সীতা দেবী মন দুখে পাতালে গৈলন্ত।
লৱ কুশে ৰাম পাৱে পৰি কান্দিলন্ত॥
মাতৃ বৈৰী ধোবা আৰ মাথা ছেদিয়োক।
হৃদয়ৰ তাপচয় দূৰ কৰিয়োক।।৩৯৩॥
সাফলিব তযু বাক্য শুনা পুত্ৰ গণ।
তাহাৰ মাথাক মই ছেদিবো যখন॥
সত্যে সত্যে বোলো আবে কৰো অঙ্গিকাৰ।
সিটো পাপিষ্ঠৰ মই চিন্তিবোহো মাৰ॥৩৯৪॥
শুনি আথে বেথে ধোবা গৈলা তেতিক্ষণে।
বশিষ্ঠৰ চৰণত পশিলা শৰণে॥
তাহাৰ কাতৰ দেখি ব্ৰহ্মাৰ নন্দন।
ৰামৰ পাশক লাগি গৈলা তেতিক্ষণ॥৩৯৫॥
গুৰু আসিবাৰ দেখি ৰাম মহা ভাগ।
পাদ্য অৰ্ঘ দিলা আনি বশিষ্ঠৰ আগ॥
কৰ যোৰ কৰি ৰামে গুৰুত সুধিলা।
কহিয়ো কাৰণ গুৰু কি কাৰ্য্য়ে আসিলা॥৩৯৬॥
বশিষ্ঠে বোলন্ত আবে শুনা মহা ভাগ।
সাক্ষাততে ব্ৰহ্ম তুমি সুৰ্য্যৰ উদ্ভৱ॥
পাপিষ্ঠ ৰজকৰ দোষ ক্ষমিয়োক।
নিন্দক পাপিষ্ঠ আক নিৰ্ভয় দিয়োক।।৩৯৭॥
গুৰুক বোলন্ত পাছে ৰামচন্দ্ৰ ৰাই।
মহাদুষ্ট আক চাহিবাক নুজুৱাই॥
অঙ্গিকাৰ কৰি আছো আক বধিবাক।
মহা পাপী ইটো কেনে ৰাখিবো ইহাক॥৩৯৮॥

৬৪

[ ৮১ ]

তোমাৰ বচনে আক কৰিবো ৰক্ষণ।
ইজন্মে নিৰ্ভয় দিলো বুলিলো বচন॥
আউৰ জন্মে ইটো অঙ্গিকাৰ সাফলিবো।
কৃষ্ণ অৱতাৰে আৰ শিৰক ছেদিবো॥ ৩৯৯॥
কংশ বধিবাক কৃষ্ণে যাইবে মথুৰাক।
বস্ত্ৰ লৈয়া যান্তে কৃষ্ণে লাগ পাইব তাক॥
আগবাঢ়ি গৈয়া তাক খুজিবে বসন।
বস্ত্ৰ নিদি বহু নিন্দা কৰিবে তেখন॥৪০০॥
কৃষ্ণৰ যে তাঙ্ক লাগি ক্ৰোধ উপজিবো।
চৱৰ মাৰিয়া তাৰ শিৰক ছেদিবো॥
হেন শুনি ধোবা পাছে কাতৰ কৰন্ত।
প্ৰভূ ৰাম চন্দ্ৰ মোক দিয়ে শাপ অন্ত॥৪০১॥
মই মহা অজ্ঞানীৰ দোষ ক্ষমা কৰা।
শৰণাগতক প্ৰভূ দাস বুলি ধৰা॥
দৰিদ্ৰ বৎসল প্ৰভূ ভৈলন্ত সদয়।
ছিণ্ডি মুণ্ড সাৰূপ্যক পাইবিহি নিশ্চয়॥৪০২॥
ৰামৰ বচন আবে এহি মানে গৈলা।
ধোবাৰ বস্ত্ৰৰ কথা কহিবাক লৈলা॥
পীত বস্ত্ৰ আসি জানা সেহি বস্ত্ৰ ভৈলা।
এতেকেহে নাৰায়ণ ভূষণ কৰিলা॥ ৪০৩॥
সেহিসে ৰজকে ঐত বস্ত্ৰক ধুৱাইলা।
সাৰূপ্য মুকুতি সিটো ত্ৰাহি হেতু পাইলা॥
ঐত ৰঘুপতি নাম তাহান ভৈলন্ত।
শ্ৰবণ কীৰ্ত্তন কৰি বৈকুণ্ঠে গৈলন্ত॥৪০৪॥
বড়দোৱা থানে ৰঘুপতি মৃত্যু ভৈলা।
দুইদিন ভকত সকলে নজানিলা॥
তৃতীয় দিনত বলো ৰামে দেখিলন্ত।
হেন দেখি মোত পাছে কথা কহিলন্ত॥ ৪০৫॥

৬৫

[ ৮২ ]

অমূল্য ৰত্ন


মাধবে বেলন্ত ইটো গৃহী নে উদাস।
হেন শুনি শঙ্কৰে যে তুলিলন্ত হাস।
বুঢ়া খাৰ সমীপত তাহাৰ যে ঘৰ।
সিটো গৃহ এৰি সঙ্গ লৈলে ভকতৰ॥৪০৬
হাটীৰ মুৰত বাসা তেহেযে লৈলন্ত।
গৃহক গৈলেক বুলি কেহো নেসোধন্ত॥
বলোৰাম সৰ্ব্বজয় ভকত সকল।
বোলে নাম নলৈলেক আৰ কিবা ফল॥৪০৭
হেন শুনি মোৰ মনে বিষাদ মিলিলা।
আমি তান গৃহে গৈলো জানিয়া উঠিলা॥
তিনি পৰ মান সিটো বাসায় আছিলা।
মোৰ নাম লৈয়া সিটো নিজ থানে গৈলা॥৪০৮
শুনি মাধৱৰ মনে সংশয় মিলিলা।
পুনৰপি কৰযোৰে পুছিবে লাগিলা॥
অক্ৰুৰৰ ৰথখান কোনে তৈত ভৈলা।
শুনি ইষ্ট বন্ধু মোত কহিবাক লৈলা॥৪০৯
গৰুড়ৰ দুই পাখা দুইগোটা পাৱ।
চাৰি ঘোৰা আসিয়া ভৈলন্ত সেহি ঠাই।
ৰথৰ যুঁৱলি ভৈলা গাণ্ডি গোট যাই।
ঠোঁট গোটে ভৈলা জানা ধজৰ পৰাই।
আৰু পখা সৱ জানা বাঘ জুৰী ভৈলা।
ৰথৰ চাবুক অক্ৰুৰৰ খেদ ভৈলা॥
আপোন বাহন জানি তাতেসে উঠিলো।
তুমি আমি তাতে উঠি মথুৰাক গৈলো।১১
মহা অদভূত শুনি বিস্ময় লভিলো।
অনেক কাতৰ কৰি কথাক সুধিলো॥
তোমাৰ বাহনে বাপ যেবে ৰথ ভৈলা।
কিনো ভাগ্য অক্ৰুৰৰ তাহাতে চড়িলা?

[ ৮৩ ]

কহিলন্ত মোত পাছে গুৰু কৃপাময়।
যি কাৰণে অক্ৰূৰৰ ভৈলা ভাগ্যোদয়॥
কংসে পাঞ্চিলেক মাত্ৰ মনত বাঞ্চিলা।
মাধৱৰ পাৱে যেবে চিত্ত নিমজিলা॥৪১৩
অক্ৰুৰৰ ক্ৰূৰ বুদ্ধি সবে দূৰ গৈলা।
ধ্বজ ব্ৰজ পঙ্কজৰ মাথে ধূলি লৈলা॥
আৰু এক কথা কহো শুনা মনকৰি।
যিটো চন্দনক কুজী দিলন্ত সাদৰি॥৪১৪
চন্দন সহিতে পাত্ৰ যিবা আসি ভৈলা।
ঈশ্বৰ পূজিবে যে ভৰথে আলোচিলা।
অৰ্ঘা কৰণ্ডি পুষ্প তথাতে মিলিলা।
বৈকুণ্ঠৰ খৰি পাত্ৰ মনত ধৰিলা॥৪১৫॥
হৃদয়ত মূৰ্ত্তি কৰি বিষ্ণুক পূজিলা।
অনেক ভকাত ভাবে কাকুতি কৰিলা॥
একদিনা ভৰতে যে পূজা কৰিছন্ত।
মৰীচি বিদ্যাধৰী তৈতে আসিলন্ত॥৪১৬॥
কৃষ্ণৰ চৰণে চিত্ত মনত ধিয়াই।
মহা যোগেশ্বৰ যিটো ভৰত গোসাই॥
তাঙ্ক বৰিবাক লাগি মৰীচি গৈলন্ত।
কৃষ্ণ পূজা অৰ্ঘ্য তেহে হাতত লৈলন্ত॥৪১৭॥
কৃতাঞ্জলি কৰি পাছে বুলিবে লাগিলা।
ভৰতক নানা ভাবে তুতি যে কৰিলা॥
সেহি বিদ্যাধৰী ভৰতক ঠেলিলন্ত।
চক্ষু মেলি ভৰতে যে তাইক দেখিলন্ত॥৪১৮
হাওঁৰে পাপিষ্ঠ তই অধম নিস্খলি।
কিবা হেতু মোৰ তই ধ্যান ভঙ্গ কৈলি॥
যিটো ব্ৰহ্ম হন্তে পালটাইলি মোৰ মন।
ৰাক্ষসিনী হৈবি তই বুলিলো বচন॥৪১৯॥

[ ৮৪ ]

মৰিচীয়ো বুলিলন্ত কৰি কৰ যোৰ।
স্বামী বৰিবাক আইলো আশা কৰি বৰ॥
মিলোক আমাক যিবা দিলা চণ্ডশাপ।
ইহাৰ অন্তক দিয়া জগতৰ বাপ॥৪২০॥
কেনমতে মোক্ষ হৈবো কহিয়ো কাৰণ।
ভৰতে বোলন্ত ৰাম হৈৱন্ত যখন॥
ৰাম-লক্ষণ দুয়ো বনক যে যাইব।
শূৰ্পনখা ৰাক্ষসী যে তোৰ নাম হৈব॥৪২১॥
ৰামক বৰিতে স্বামী তাহতো যাইবি।
তৈতো আশা ভঙ্গ হৈয়া ৰামক নপাইবি॥
সীতাক খাইবাক হই যাইবি কোপমনে
কাটিবেক নাক-কাণ ধৰিয়া লক্ষণে॥৪২২॥
কৃষ্ণ অৱতাৰে জনমিবি মথুৰাত।
কংসৰায়ৰ দাসী হৈয়া থাকিবি তহিত॥
যোগাইবি চন্দন তই মহা ৰুচিকৰ।
কংস বধিবাক পাছে যাইবো দামোদৰ॥৪২৩
আসি ভৃত্য বাক্য সাফলিবে নাৰায়ণ।
ক্ৰীড়িবেক তোক পাছে দৈৱকী নন্দন॥
হইবেক ত্ৰিবক্ৰ নাম ইজন্মত তোৰ।
এহি খৰি গোট হৈব পাত্ৰ চন্দনৰ॥৪২৪॥
মই যিটো চন্দনক দিওঁ ঈশ্বৰক।
সেহিসে চন্দন তই দিবিহি কৃষ্ণক॥
শুনা সৰ্ব্বজনে ইটো কথা অনুপম।
পাতক চাৰোক ডাকি বোলা ৰাম ৰাম॥৪২৫

[ ৮৭ ]

দুলড়ি।

পুনুহো মাধৱে বোলে প্ৰভূ আবে
 ছেদিয়ো মোৰ সংশয়।
পূৰ্ণ নাম কাক বোলে মোত আবে
 কহিয়ো কৰি নিশ্চয়॥
তযু মুখে শুনি  গোপানি ভকতি
 মনে খেদ বাঢ়ি যাই।
ইবাৰ যিমতে তোমাৰ অভয়
 পদে হোৱে মোৰ ঠাই॥৪২৬॥

হেন শুনি আতা  শঙ্কৰে বোলন্ত
 শুনিয়ো মাধৱ প্ৰাণ।
তোমাত বিনাই  কৈত মোৰ আৰু
 ইষ্ট দেৱ আছে আন॥
যি কথা পুছিলা  ইটো মহা গোপ্য
 আক কেৱে নজানন্ত।
এতেকে পৰম ঋষি ধৰ্ম্মত্তম
 নাৰদে মাত্ৰ জানন্ত॥ ৪২৭॥

তথাপি তোমাক  কহিবো ইহাক
 তুমি কাতো নকহিবা।
একান্ত স্বৰূপে  বুদ্ধি অনুৰূপে
 হৃদয়ে মাত্ৰ চিন্তিবা॥
বাসুদেৱ জগ- ন্নাথ নিত্যানন্দ
 শঙ্খ চক্ৰ গদাধৰ।
অনাদি অনন্ত  শান্ত নিজানন্দ
 শুদ্ধ সত্ব হৰিহৰ॥ ৪২৮॥

[ ৮৮ ]

জগজীৱ জগ পালক অচ্যুত
 কংসাৰি মধু দৈত্যাৰি।
হিৰণ্য বিদাৰি ভৱ ভয় হাৰী
 পৰশুৰাম মুৰাৰী॥
বিত্ত বিস্মন্তৰ সনত কুমাৰ
 অজ ব্ৰহ্ম বিত্ত্ব সন।
নিত্য শুদ্ধ বুদ্ধ কাম অনিৰুদ্ধ
 জগত জন বন্দন॥ ৪২৯॥
কমল লোচন কলুষ মোচন
 শ্ৰীৰাম ৰঘুপতি।
মৎস্য নৰসিংহ বৰাহ বিৰিঙ্গ
 জয় জয় যদুপতি॥
পীতাম্বৰ ধৰ শ্ৰীবৎস লাঞ্চল
 উপেন্দ্ৰ বটু বামন।
হলিৰাম ৰাম হলায়ুধ কুৰ্ম্ম
 শিৱ নাথ জগজন॥ ৪৩০॥
বুদ্ধ কল্কি খ্যাত শ্ৰীমন্ত সনত
 বিশ্বধৰ নৰহৰি৷
এতেকে নামৰ  শক্তি বহুতৰ
 একে কৃষ্ণে আছা ধৰি॥
ফণায়ে অনন্ত  ছত্ৰ ধৰিলন্ত
 দৈৱকীত জাত ভৈলা।
বসুদেৱ সন্ত  কৃষ্ণক লৈলন্ত
 নন্দ গৃহে নিয়া থৈলা॥৪৩১॥
গোকুলত হৰি শিশু লীলা কৰি
 চলি গৈলা বৃন্দাবন৷
তাসম্বাৰ গৰ্ব্ব বাঢ়িল দেখিয়া
 ভৈলা হৰি অন্তৰ্দ্ধান॥

৭০

[ ৮৯ ]

গোপিনী সকল ভৈলন্ত আকুল
 বিচাৰি ফুৰিল বনে।
ৰাধাক লইয়া  গৈলন্ত লগত
 যিহেতু নন্দ নন্দনে॥৪৩২॥
সিকাৰণে ৰাধা  বুলিবে লাগিলা
 খোজেকো যাইবে নোৱাৰো।
শুনি অল্প কৰি  বুলিলন্ত হৰি
 কান্ধে বহিবাক পাৰো॥
কপট বচন  বুজিবে নপাৰি
 কান্ধে চৰিবাক গৈলা।
অন্তৰ্দ্ধান হুয়া  তেতিক্ষণে কৃষ্ণে
 ৰাধাৰ পাৱে লুকাইলা॥ ৪৩৩॥
দেৱতাৰ দেৱ  সিটো ভগৱন্ত
 অনন্তে অন্ত নাপায়।
নন্দেৰ নন্দন  ব্ৰজেৰ শোভন,
 ৰাধাৰ পাৱে লুকায়॥
এহিসে কাৰণে  পূৰ্ণ নামে ৰাধা
 শুনিয়ো মাধৱ তুমি।
কৃষ্ণে নিজ পূৰ্ণ  তাতো কৰি পূৰ্ণ
 নাম ৰাধা কৈলো আমি॥ ৪৩৪॥
ইটো গোপ্যতৰ  কথা মনোহৰ
 মাধৱে কৰিলা পান।
অমূল্য ৰতন  কথা মনোৰম
 এহি মানে অৱসান॥
শঙ্কৰে বোলন্ত  আমাৰ ধৰ্ম্মত
 যিজনৰ হোৱে মতি।
তাহাক শুনাইবা  আনক নিদিবা
 কহিলো মই সম্প্ৰতি॥৪৩৫॥

[ ৯০ ]

অজ্ঞানী শঠক কুকৰ্ম্মী জনক
 যিজনে আক শুনাই।
ব্ৰহ্মাণ্ডৰ বধে  তাহাক পাৱয়
 জানিবা তাক নিশ্চয়॥
গুৰু বাক্য শুনি মাধৱেও গুণি,
 সঙ্কোচ কৰিয়া কাই।
ৰহিলা হৰিষে  অমৃত বৰিষে
 গুৰুপদ দুই চাই॥ ৪৩৬॥
শুনা ভক্তলোক  এৰা চিন্তা শোক
 গৃহতে থাকি সদায়।
অমূল্য ৰতন  ৰস কৰি পান
 গুৰু পদে লৈয়ো ঠাই॥
জন্ম চিন্তামণি  সেন্থৰে নপাই
 তেজি লোভ মোহ কাম।
শঙ্কৰ মাধৱ  প্ৰাণৰ বান্ধৱ
 জানি বোলা ৰাম ৰাম ॥৪৩৭॥

শ্ৰীকৃষ্ণায়ে নমঃ শ্ৰীশঙ্কৰায় নমঃ
শ্ৰীমাধৱায় নমঃ অমূল্য ৰতন পুস্তক
সমাপ্তঃ॥ যথাদৃস্তং তথা লিখিতং
লিখকে নাস্তি দুষনং ভীমে চাপি
ৰণভঙ্গং মুনিনাঞ্চ মতিভ্ৰমং ॥
ইতি—১৭২৪ শত ২২ মাঘত তৈয়াৰী৷


অমূল্য ৰত্ন সমাপ্ত।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )