পৃষ্ঠা:অমূল্য ৰত্ন.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

উদ্ধৱৰ আগে যিটো ৰূপ দৰশাইলা।
শিশু অশ্বত্থৰ তলে মৈত্ৰয়ী দেখিলা॥৬॥
ভৃত্য হেন বুলি যদি মোক আছে দয়া।
দেখায়োক প্ৰভূ কেন মত তবু কায়া॥
আপোনা চাক্ষুস ৰূপ তেখনে এৰিলা।
চতুৰ্ভূজ ৰূপে হাৰ তৈতে দেখা দিলা॥৭॥
শঙ্খ চক্ৰ গদ পদ্ম গৰুড় বাহন।
প্ৰত্যেক স্বৰূপে বেক্ত ভৈলা নাৰায়ণ॥
শৰীৰৰ কান্তি আতি চাহন নযাই।
কৌটি সূৰ্য্য সম প্ৰকাশয় নিজ কায়॥ ৮
দেখিয়া মাধৱ আতি ভৈলন্ত বিস্ময়।
শৰীৰৰ কান্তি নিহালিবে নপাৰয়॥
চাৰি বেদে সেৱে সদা তাহান চৰণ।
সুনন্দ কুমুদ নন্দ পাৰিষদ গণ॥ ৯॥
দেখিয়া মাধব আতি ভৈলা সঙ্কোচিত।
চৰণত দণ্ডৱতে পৰিলা ভূমিত॥
নমো নাৰায়ণ নিৰাকাৰ নিৰঞ্জন।
পূৰাণ পুৰুষ তুমি দৈৱকী নন্দন॥১০॥
হে ব্ৰহ্মৰূপী নিৰঞ্জন নিৰাকাৰ।
পূৰাণ পুৰুষ তুমি দৈৱকী কুমাৰ॥
লক্ষ্মীৰ নায়ক তুমি জগত কাৰণ।
নিজ ভৃত্য গুণে মোত হুয়োক প্ৰসন্ন॥ ১১॥
শঙ্কৰ নামৰ যিটো অন্বয় আছয়।
মোক কৃপা কৰি প্ৰভূ কহিয়ো নিশ্চয়॥
শুনি হৰি হাসি পাছে বুলিলন্ত বাক।
শঙ্কৰ নামৰ অন্বয়ক শুনিয়োক॥১২॥
যিবা হেতু শ্ৰীপদ আমাক বোলয়।
পাঞ্চজন্য শঙ্খ জাতো আমাত আছয়॥