পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন


তাত তুষ্ট ভৈলা পাছে দেৱ নাৰায়ণ।
তাসম্বাৰ শুনি হেন বিনয় বচন॥
আত অনন্তৰে কথা শুনাদিয়া মন।
সেহি বেলা দম্ভে আসি মাগিলন্ত ৰণ॥ ৩৫২
নাৰায়ণে নৰক যে বুলিলা বচন।
দেখিয়োক দম্ভ কিনো মহা অজ্ঞজন॥
দল কিনি ফুৰে ইটো কাকো নডৰাই।
মোৰ বাক্যে আক তুমি বধিয়োক যাই॥৩৫৩
আজ্ঞাশিৰে ধৰি নৰে কৰিলা গমন।
ইসিকাৰ ধনু-বাণ লৈলা তেতিক্ষণ॥
মহাকোপে নৰে গৈয়া তাঙ্ক প্ৰহাৰিলা।
ইসিকাৰ বাণ গৈয়া দম্ভত পৰিলা॥ ৩৫৪॥
গৰ্ব্বচুড় হুয়া দম্ভে এৰিলেক ৰণ।
নাৰায়ণ পাৱে পৰি লৈলেক শৰণ॥
দণ্ডৱতে দম্ভে তান পৰি চৰণত।
অনেক ভকতি ভাৱে কাতৰ কৰন্ত॥ ৩৫৫॥
নজানি কৰিলে দোষ ক্ষমা জগন্নাথ।
এহি বুলি দম্ভে চৰণত দিয়া মাথ॥
হেন শুনি হাসি পাছে জগত ঈশ্বৰ।
ভৈলো তুষ্ট দম্ভ তই লৈয়ো আবে বৰ॥৩৫৬॥
শুনি কৰযোৰে দম্ভে বুলি স্তুতি বাণী।
হে প্ৰাণনাথ প্ৰভু শুনা চক্ৰপাণি॥
যদি মোক দিয়া বৰ নাথ নাৰায়ণ।
মোক লাগি হানিলাহা যত অস্ত্ৰগণ॥ ৩৫৭
ৰণত জিনিবো প্ৰভূ ইটো তযু শৰ।
যদি কৃপা আছে মোক দিয়ো এহি বৰ॥
দিবো বৰ দম্ভ তোক শুনা মোৰ বাণী।
নৰক জিনিবে তই পাইবিহি যৈসানি॥৩৫

৫৭