পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমুল্য ৰত্ন


তাহান বংশত আমি দুইহান্তো জন্মিবো॥
অনন্ত সভাৰ নাৰায়ণক আনিবো॥
দুয়ো নাৰায়ণ পাছে হৈবে এক থান।
তিনি মিলি হইবো শুনা দৈৱকী নন্দন॥৩৬৭॥
শঙ্কৰ সহিতে আমি একে জীৱ প্ৰাণ।
যিকাৰণে শ্ৰেষ্ঠ তুমি শুনিয়ো কাৰণ॥
তিনিও জনৰ শক্তি শঙ্কৰে নিৱন্ত।
বিভূতি কলাৰ যত শক্তিও যাৱন্ত॥ ৩৬৮॥
অঙ্গ কিঞ্চিত চিতু মোত মাত্ৰ ৰৈবো।
এহিসে কাৰণে তাঙ্ক পূৰ্ণ গুৰু কৈবো॥
তাহান বংশত সুন্দিনীৰ গৰ্ভে যাই।
তোমাৰ জন্মৰ আবে কৈলো অভিপ্ৰায়॥৩৬৯
পৰম বৈষ্ণৱ হৈবা নাহি কোপ তাপ।
কিঞ্চিতেকো তোমাক যে নুছুইবেক পাপ॥
হৈবো মই পুত্ৰ দেৱযানী গৰ্ভে যাই।
জন্মিয়া মাত্ৰকে নাথাকিবো সেহি ঠাই॥৩৭০
হেন শুনি নৰে পাছে বুলিলা বচন।
তুমি পুনু আসি প্ৰভূ অঙ্গ নাৰায়ণ।
কিকাৰণে মোৰ বীৰ্য্যে তুমি পুত্ৰ হৈবা।
নিষ্কপট কৰি আৰ কথাক কহিবা॥ ৩৭১॥
তোমাক বসাই মই ঐত কিকাৰণ।
তাহাৰ বৃত্তান্ত কহো শুনা দিয়া মন॥
ব্ৰহ্মচৰ্য্য় ঋষি ভাৱ ধৰি আছো আমি।
তোমাৰ আমাৰ হৈবো শঙ্কৰেসে স্বামী॥৩৭২
পৰম মুকুত কথা কহিলো তোমাত।
তুমি আমি তান বংশে জন্মিবো সাক্ষাত॥
শঙ্কৰৰ বংশে জন্মি দুয়ো মুক্ত হৈব।
পাছে দুইৰো অংশে নিজ সুখক লভিব॥৩৭৩

৫৯