পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

গোপিনী সকল ভৈলন্ত আকুল
 বিচাৰি ফুৰিল বনে।
ৰাধাক লইয়া  গৈলন্ত লগত
 যিহেতু নন্দ নন্দনে॥৪৩২॥
সিকাৰণে ৰাধা  বুলিবে লাগিলা
 খোজেকো যাইবে নোৱাৰো।
শুনি অল্প কৰি  বুলিলন্ত হৰি
 কান্ধে বহিবাক পাৰো॥
কপট বচন  বুজিবে নপাৰি
 কান্ধে চৰিবাক গৈলা।
অন্তৰ্দ্ধান হুয়া  তেতিক্ষণে কৃষ্ণে
 ৰাধাৰ পাৱে লুকাইলা॥ ৪৩৩॥
দেৱতাৰ দেৱ  সিটো ভগৱন্ত
 অনন্তে অন্ত নাপায়।
নন্দেৰ নন্দন  ব্ৰজেৰ শোভন,
 ৰাধাৰ পাৱে লুকায়॥
এহিসে কাৰণে  পূৰ্ণ নামে ৰাধা
 শুনিয়ো মাধৱ তুমি।
কৃষ্ণে নিজ পূৰ্ণ  তাতো কৰি পূৰ্ণ
 নাম ৰাধা কৈলো আমি॥ ৪৩৪॥
ইটো গোপ্যতৰ  কথা মনোহৰ
 মাধৱে কৰিলা পান।
অমূল্য ৰতন  কথা মনোৰম
 এহি মানে অৱসান॥
শঙ্কৰে বোলন্ত  আমাৰ ধৰ্ম্মত
 যিজনৰ হোৱে মতি।
তাহাক শুনাইবা  আনক নিদিবা
 কহিলো মই সম্প্ৰতি॥৪৩৫॥

৭১