পৃষ্ঠা:অমূল্য ৰত্ন.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

পুৰুষোত্তমৰ জানা বংশ নৰৈবেক।
হৰি চৰণ অংশে চতুৰ্ভূজ জন্মিবেক॥৫৫॥
চতুৰ্ভুজৰ বীৰ্য্যে যে নাৰায়ণ হৈব।
দৈৱকী নন্দন জানা তান নাম থৈব॥
কহিয়োক বাপ তান জন্ম কিকাৰণ।
শুনি নিজ আত্ম গুৰু দিলা সমিধান॥৫৬॥
শুনিয়োক বাপ তুমি জন্মৰ কাৰণ।
ধনঞ্জয় অঙ্গিকাৰ কৰিলা যেখন॥
বিপ্ৰৰ পুত্ৰক কৃষ্ণে আনিবাক গৈলা।
কালপুৰে অৰ্জ্জুন সহিতে প্ৰবেশিলা॥৫৭॥
তোমাৰ কোলাত নাৰায়ণক দেখিলা।
চৰণত পৰি দুয়ো প্ৰণাম কৰিলা॥
কৰযোৰ কৰি তুতি কৰিলা বিস্তাৰ।
শুনি হাসি নাৰায়ণে দিলন্ত উত্তৰ॥৫৮॥
দুইকো আসি ব্ৰহ্মাদেৱে মোত মাগি নিলা।
দেৱতা গণৰ কাৰ্য্য মনত সাধিলা॥
কৃষ্ণক যে তান অংশ যিহেতু বুলিলা।
তাতে ৰাখিবাক তান ইঠাইক আসিলা॥৫৯॥
পাণ্ডৱৰ বংশ যত শৰীৰ পৰিব।
আপোনাৰ থানক পাছে গৈয়া পাইব॥
জন্মি পাছে চিৰকাল ঐত নাথাকিব।
পাঞ্চ ছয় বৰিষতে শৰীৰ এৰিব॥৬০॥
তাহান জন্মৰ জানা এহি অভিপ্ৰায়।
চতুৰ্ভূজ বীৰ্য্যে আৰ সূভদ্ৰা জন্ময়॥
চতুৰ্ভূজ বীৰ্য্যে সূভদ্ৰাৰ জন্ম ভৈলা।
তাহান গৰ্ভত ধনঞ্জয় উপজিলা॥৬১॥
জগজীৱ নাম পাছে তাহান হৈবেক।
অনন্ত পুৰুষ নাম তাহান থৈবেক॥