এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন
কলহক জানা কৰ্ম্মৰ বাসনা
যতেক পূজা কৰয়।
পটা পুত্ৰে যেন কলহ ভাঙ্গিলে
ধৰ্ম্ম ভৈলা সেহি নয়॥ ৩১২॥
বৈকুণ্ঠৰ ফল অমোঘ যেহেন
তৈতে পটা পুত্ৰভৈলা।
পাপৰ বাসনা কলসক ভাঙ্গি
যেন মতে নষ্ট কৈলা॥
ধৰ্ম্মে সেহি মতে কৰ্ম্মৰ বাসনা
সমস্তে কৰিলা ক্ষয়।
পণ্ডিত সবৰ সমাধি জানিবা
ধৰ্ম্মে ভৈলা সেহি নয়॥ ৩২৩॥
কৃষ্ণৰ যতেক টাৰ খাৰু আদি
বেত বেণু নিৰন্তৰ।
ঐতো আসি সেই টাৰ খাৰু ৰূপে
ভৈলেক মোহোৰ ভাৰ॥
সেহিসে কাৰণে বালেক কালত
মাটিত আঙ্গুলি দিয়া।
সমস্ত গাৱৰ ভৰ দিয়া মই
আলগে থাকো ৰহিয়া॥ ৩১৪॥
বায়ু নিৰোধনে সিটো অলঙ্কাৰ
ছিঙিয়া সবে পৰিল।
মোহোৰ অদ্ভূত কৰ্ম্মক দেখিয়া
সবেও বিস্ময় ভৈলা॥
গুৰুৰ চৰণ নমস্কাৰ কৰি
মাধৱে দুনাই আছিলা।
সুদাম যিমতে মালাক দিলন্ত
তহিতে কৃষ্ণে পিন্ধিলা॥ ৩১৫॥
৪৯