এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন
আণ্ঠুকাঢ়ি ফুৰে যশোদাৰ আগে
কৃষ্ণক গোপী দেখিলা॥১৬৫॥
আনন্দিত মনে গোপ-গোপী গণে
কৃষ্ণৰ গুণক গাইলা।
অঙ্গ-প্ৰত্যঙ্গৰ ৰূপক দেখিয়া
গোপ গোপী ৰঙ্গকৈলা॥
বৃকাসুৰ সূত যিটো অৰবিন্দ
তাহাৰ কহো কাৰণ।
শিৱক আৰাধি পাছে বৰ পাইলা
ভৈলন্ত হৰ প্ৰসন্ন॥১৬৬॥
কৰযোৰ কৰি অৰবিন্দে বোলে
শুনিয়োক মহেশ্বৰ।
যেন মতে তযু সঙ্গ পাওঁ আসি
দিয়ো মোক এহি বৰ॥
শুনি পাছে তাঙ্ক হৰে বুলিলন্ত
শুনা বৃকাসুৰ তই।
কৃষ্ণৰ হস্তৰ পদ্মো তালফল
বৃন্দাবনে হুইবি যাই॥১৬৭॥
তাতে তই গৈয়া বৃক্ষ ৰূপ হুইবি
ধেনুকা ৰখিবে তোক।
ক্ষুধাতুৰ হুইয়া পাছে গোপগণে
কৃষ্ণক বুলিবে বাক॥
কৃষ্ণে তৈতে পাছে গোপৰ শিশুক
সেহি ফল পাৰি দিব।
গোপৰ চৱাল সবে খাইব পাছে
দুই ভাই নুভুঞ্জিব॥১৬৮॥
কৃষ্ণক পৰশি অৰবিন্দে পাছে
কৈলাসক গৈয়া পাইলা।
২৭