পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

তোৰ নাম জানা শকত অসুৰ
 তহিতে হৈবেক যাই॥
শকটৰ তলে   থৈলেক শুৱাই
 কৃষ্ণক যশোদা আই।
তই আসি তেবে বসিবি শকটে
 কহিলো তোত বুজাই॥১৫৫॥
শকট সহিতে  তোক পাছে কৃষ্ণে
 পেলাইবে হানি চৰণে।
পাৱে বন্দি পাছে  কৃষ্ণৰ চৰণে
 চলি যাইবি নিজ থানে॥
শ্ৰুতি গন্ধৰ্ব্বীয়ে  ভৈলন্ত কৈকেয়ী
 ৰামে তাইক শাপিবন্ত।
সেহি পাপ ফলে  জানিবা অহিত
 ৰাক্ষসী আসি ভৈলন্ত॥১৫৬॥
যিটো প্ৰকৃতিক  স্ৰজিলোহো আমি
 তাহাৰ কহো কাৰণ।
প্ৰকৃতি কৈকেয়ী ছয়া আছে আসি
 পুতনা ভৈলা সিথান॥
যিভাগে প্ৰকৃতি  শুনা আবে তাক
 গণ্ডুষ আমি কৰিলো।
সৌভাগ্য কৈকেয়ী ভৈলা আসি জানা
 জননীৰ গতি দিলো॥১৫৭॥
ধাৱলি পিৱলি  কাজলি পাৰলি
 চাৰি বেদে আসি ভৈলা।
ৰাম নাম ৰসে  জানিবা নিশ্চয়
 ঐত দুগ্ধ আসি ভৈলা॥
বৈকুণ্ঠৰ বৃক্ষ অমোঘ জানিবা
 মথনি দাণ্ডি ভৈলন্ত।

২৪