পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

হৃদি মধ্যে অষ্টদল পদ্ম যে আছয়।
অৰ আঠ পাহি আঠ দিশে প্ৰকাশয়॥ ১৩৯॥
নাম ভকত দেৱ তিনিকো আনিবা।
সমস্তকে পাছে সেহি গুৰুতে দেখিবা॥
পূৰ্ব্বে উদ্ধৱক মই ৰহস্য কহিলো।
তোমাক কহিবে আৰ কিঞ্চিতো নথৈলো॥১৪০
চৈধ্য ভুৱনক যিটো দণ্ডিতে পাৰয়।
সিসি জনে এক জীৱ তাৰিতে পাৰয়॥
মোৰ অংশ কলা যিটো বিভূতি আছয়।
ইথানক লাগি তাৰা সবে আসিচয় ১৪১॥
একাধিক বিংশতি চিহ্ন আমাত আছয়।
সেহিসে কাৰণে নিজ ভক্ত বুলি কয়॥
নিজ ভক্তপদ জানা আমাত নঘটে।
মোক নিচিনয় তভো আন পন্থে হাঠে ১৪২
ব্ৰহ্মা চুৰ কৰি মোৰ গোপ গৰু নিলা।
মায়া কৰি তাসম্বাক গহ্বৰত থৈলা॥
আপুনিয়ে ভৈলো মই গোপ গৰু জাই।
বৎস দুগ্ধ এৰিয়া বোকোণ্ডা স্তন খায়॥১৪৩
তুমিও নপাইলা মোৰ মায়াক সম্প্ৰতি।
সিটো কথা কহো আবে থিৰ কৰা মতি॥
বৰিষৰ আছিলেক দিন পাঞ্চ চয়।
তেবেসে আমাক তুমি জানিবে পাৰয়॥১৪৪
অনন্তৰ পূৰ্ণ শক্তি আমাত আছয়।
তান অংশে আসি তুমি জন্মিলা নিশ্চয়॥
যিকাৰণে তুমি দেৱী পূজাক কৰিলা।
তুমি যিটো অংশে তাতে কৰ্ম্ম আচৰিলা॥১৪৫
কৰ্ম্মে মত্ত হুয়া পাছে মোক পাসৰিলা।
মহা ভাগ্য বশে পাছে মোৰ পাশ পাইলা॥

২১