পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

কোন পাপে হৰিশ্চন্দ্ৰ চণ্ডাল যে ভৈলা।
কিবা হেতু তান মহা বিপত্তি মিলিলা॥৩০০॥
শুনিয়ো মাধৱ আৱে তাহাৰ উত্তৰ।
যিকাৰণে ৰাজা দাস ভৈলা চণ্ডালৰ॥
ধৰ্ম্মৰ তনয় তেন্তে পূৰ্ব্বত আছিলা।
স্নেহ কৰি পিতৃ চন্দ্ৰহাস নাম দিলা॥৩০১
চন্দ্ৰহাস নাম তান ভৈলা যিবা হেতু।
মহা খ্যাতিমন্ত তেহে যেন ধৰ্ম্ম সেতু॥
একদিনা ধৰ্ম্ম আছা নাৰীৰ সঙ্গত।
কামাতুৰ যেন তেহে ভৈলাহা উন্মত॥ ৩০২
মহন্ত জনৰ মুহি এনয় স্বভাৱ।
এহি বুলি চন্দ্ৰ চলি গৈলা নিজ ঠাৱ॥
সেহি বীৰ্য্যে ধৰ্মৰ যে পুত্ৰ জন্মিলন্ত।
চন্দ্ৰহাসি গৈয়া ঋষি গাৱে ধৰিলন্ত॥ ৩০৩
দিনেক বশিষ্ঠ পিতৃ যজ্ঞ কৰাইচন্ত।
তান পাশে চলিয়া যে আপুনি গৈলন্ত॥
চণ্ডাল বুলিয়া তাক বশিষ্ঠে শাপিলা।
চন্দ্ৰ হাসি পাৱে পৰি মিনতি কৰিলা॥ ৩০৪
অল্প দোষে গুৰু তুমি শাপিলা কিসক।
ইসব শাপৰ মোৰ অন্ত কহিয়োক॥
শুনিয়া বশিষ্ঠে পাছে বুলিলা বচন।
তোহোৰ শাপৰ অন্ত দিৱ তুমি শুনা॥ ৩০৫
একৰূপে ধৰ্ম্মগৈয়া ত্ৰিশঙ্কু হৈৱন্ত।
সপ্তদ্বীপা বসুমতী ভোগ কৰিৱন্ত॥
তান বীৰ্য্যে হৰিশ্চন্দ্ৰ জন্মিবিহি যাই।
যজিবি বিষ্ণুক তই কৰি ৰাজ সূয়॥৩৪৬॥
পূজা নাপাই গণেশেও বিঘ্নি আচৰিবো।
বিশ্বামিত্ৰ হন্তে তোক চাণ্ডালে কিনিবো॥

৪৭