পৃষ্ঠা:অমূল্য ৰত্ন.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

বাঢ়য় ভকত চয় পাহিত থাপিবা।
মোৰ কাষে দুই পাহিত দুইহান্তো দেখিবা॥২৭
শূদ্ৰ কুলে কিকাৰণে জন্মিলাহা আসি।
স্বৰূপ কৰিয়া মোত কহিয়ো হৰিষি॥
সহস্ৰ নামত হৰ মুকুত ভৈলন্ত।
বৈকুণ্ঠক লাগি চলি তেখনে গৈলন্ত॥২৮
বুলিলন্ত পাঁছে মোৰ চৰণক চাই।
তুমি হেন প্ৰভূক যে বঞ্চিলো গোসাই॥
মোৰ কোন গতি হৈবে প্ৰভূ নাৰায়ণ।
কহিয়ো কাৰণ প্ৰভূ পশিলো শৰণ॥২৯॥
শুনিয়া আনন্দে পাছে দিলা সমিধান।
শুনিয়ো মাধৱ আৱে মোহোৰ বচন॥
নন্দে গৈয়া কুসুম হৈবেক সেহি ঠাই।
আমাক আৰাধি পুত্ৰ প্ৰাৰ্থিবেক যাই॥৩০॥
দিবা তুমি বৰ পাছে আতি ৰঙ্গ মনে।
তযু নাম ধৰি মই জন্মিব তেখনে॥
শূদ্ৰ কুলে গৈয়া তযু নামক ধৰিব।
এক শৰণক কহি লোক নিস্তাৰিব॥ ৩১॥
তুমি যত জীৱ মানে কৰিলা সংসাৰী।
এক নাম কহি মই নিবোহো নিস্তাৰি॥
কলা বিভূতি অংশ যত অৱতাৰ।
জীৱ তাৰিবাৰ শক্তি নাহিক আনৰ ৩২॥
ইবাৰ যিমতে মই অৱতাৰ হৈবো।
অংশ অৱতাৰ আদি সবে লগে নিব॥
মোহোৰ পাশত স্থান তাসম্বাক দিব।
ভক্তি প্ৰচাৰিয়া পুনঃ বৈকুণ্ঠক নিব॥৩৩
শুনি হৰ ভৈলা বৰ সন্তোষিত মন।
ৰহিলা শঙ্কৰ মই লভিলো জনম৷