পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

মহা মূঢ় পণ্ডিতৰ আগে বক্তা হয়।
মহানীচ যিটোজন সাধু বোলাৱয়॥২০১॥
আমিও জানিবা প্ৰভু নীচ সমসৰ।
মোহোৰ জানিবা বাপ সেহি পটন্তৰ॥
নজানি কৰিলো বাদ পূৰ্ব্বে বহুতৰ।
কাতৰ কৰোহো দোষ ক্ষমিয়ো ভৃত্যৰ॥২০২॥
নীল অকুঞ্চিত যাৰ কেশ ৰুচিকৰ।
প্ৰকাশে কিৰীটি কোটি সূৰ্য্য সমসৰ॥
মদনৰ ধনু সম ভ্ৰুৱ প্ৰকাশয়।
ললাট মধ্যত ৰত্ন তিলক জলয়॥২০৩॥
কৰ্ণত ৰুচিৰ চাৰু কুণ্ডল দোলয়।
অৰুণ নয়ন মুখ পদ্ম প্ৰকাশয়॥
অৰুণ চৰণ চাৰু পঙ্কজৰ পাসি।
দশন মুকুতা যেন মুখে অল্পহাসি॥২০৪॥
সিংহ বন্ধ স্কন্ধ আতি মহা ৰুচিকৰ।
কৌটি সূৰ্য্য সম আতি কান্তি শ্ৰীবৎসৰ॥
বক্ষস্থলে শোভে আতি হাৰ মুকুতাৰ।
কণ্ঠত কৌস্তুভ যেন নব দিবাকৰ॥২০৫
চাৰিখন ভূজ দেখি ললিত বলিত।
তাতে চাৰি অস্ত্ৰ জ্বলে দেখিতে শোভিত॥
কৰত শোভয় তিনি শিৰিয়া কঙ্কণ।
আঙ্গুলিত ৰত্নৰ আঙ্গুঠি বিতোপন॥২০৫
পাট পীত ভুনি সিটো চৰণে লোটয়।
তাহাৰ উপৰে ৰত্ন মেখলা জলয়॥
ৰত্নৰ কিঙ্কিণী তাতে শবদ কৰয়।
কৰি কৰ সম উৰু প্ৰকাশ কৰয়॥২০৭॥
প্ৰভাতৰ সূৰ্য্য সম চৰণ দুখানি।
ভকত জনৰ মহা সিটো চিন্তামণি॥

৩৩