পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

কৃষ্ণদাস নাম আৰু জানা একজন।
সদায়ে চিন্তিব তেহে কৃষ্ণৰ চৰণ।২৪৪॥
শিৱানন্দ বলৰাম এহি দশজন।
লক্ষণাৰ তনয়াৰ কহিবো কাৰণ॥
ভাটৌকুছি মধ্যে কোনো পৰম ভকত।
তোমাৰ সঙ্গত ভক্তি কৰিব সাক্ষাত॥২৪৫॥
তযু সঙ্গ ভক্ত আঠ মন্দ এক আসি।
যদুবংশ আসিবেক কহিলো প্ৰকাশি॥
পুৰুষোত্তমৰ সঙ্গী ভকত যতেক।
যদুবংশী তাৰ সবো কহিলো প্ৰত্যেক॥২৪৬॥
দুই ধিক দুইবিংশ তাহাৰ সঙ্গৰ।
তাৰা সবো যদুবংশ মহাশ্ৰেষ্ঠতৰ॥
শুনিয়ো মাধৱ তুমি আমাৰ বচন।
সমস্ত ভক্তৰে মই কহিলো কাৰণ॥২৪৭॥
ৰামৰ ভকত যত ভালুক বানৰ।
যদুবংশে তাৰ সবো আইলা নিৰন্তৰ॥
অদ্যাপিয়ো তাৰা সব আসিয়া আছন্ত।
একান্ত ভকতি কৰি তোমাক পাইৱন্ত॥২৪৮
দুনাই পুছিলা পাছে চৰণক চাই।
দুয়ো পণ্ডিতৰ কথা কহিয়ো বুজাই॥
মাধৱ কন্দলি পূৰ্ব্বে আছিলন্ত কোন।
বিকাৰণে হৈলা দুয়ো পণ্ডিত গহন॥২৪৯॥
উচ্চৈশ্ৰৱা সুত অংশ মাধৱ কন্দলি।
পুৰাণ ভাৰত কাব্য ঘোষিলা সমূলি॥
অনন্ত কন্দলি ভৈলা ৰোম হৰসন।
মোৰ মত খণ্ডিবাক কৰিলা যতন॥২৫০॥
একদিন বিপ্ৰে পাছে স্বপ্ন দেখিলন্ত।
তাম্ৰৰ পত্ৰত দেখে তৈল তাওয়াইচন্ত॥

৩৯