পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

শৰ ঘাৱে তান পাৱে পৰাণ চুতয়।
হেন ৰূপে ব্যাধে তাঙ্ক দেখিলেক যায়॥ ১২৫
সেহিসে কাৰণে গাৱে কুষ্ঠ ৰোগ ভৈলা।
ভক্তি কৰি সশৰীৰে বৈকুণ্ঠক গৈলা॥
বেদ নিধি আসি বিষ্ণুদাস নাম শুনা।
উপানলে আসি সৰু চিৰিৰাম জানা॥১২৬॥
বসুদেৱ পত্নী জানা যিটো ছয়জন।
তাৰা সবে আসি ঐত ভৈলা উপসন॥
আই পূৰ্ণানন্দি আৰো কমল লোচনী।
ভগৱতী আসি জানা কমল নয়নী॥ ১২৭॥
বনগয়া মাতৃ এক তাহাৰ হইব।
তোমাৰ যে মাতৃ ঐত ৰোহিণীয়ে হৈব॥
বসুদেৱ দৈৱকী দুইয়ো মাত্ৰ নাইলা।
কৃষ্ণ অৱতাৰে দুইহান্তে গতি পাইলা॥ ১২৮
দৈৱকীৰ গৰ্ভে মই জন্মিলো যৈসানি।
কৰ যোৰে দুয়োপ্ৰাণী বোলে তুতি বাণী॥
হেন শুনি দুইকো মই বুলিলো বুজাই।
ইজন্মে অৱশ্য তোৰা মুক্ত হৈবা যাই॥১২৯
কুন্তীয়ে আসিয়া ঐত আই ধাই ভৈলা।
পৰীক্ষিত অংশে আসি ভাস্কৰ যে ভৈলা॥
সাত্যকি কমলী ধৰা পৰমানন্দ নাম।
সুগ্ৰীৱে ভৈলন্ত ঐত আলধৰা নাম॥ ১৩০॥
মেঘ যাক বোলে তেহে জানা হৰিদাস।
ধৰ্ম্মক সাক্ষাতে তুমি সাধুযে জানস॥
মূল ৰথ খান বড়দোৱাক জানিবা।
ধৰ্ম্মক সাক্ষাতে ধজ বুলিয়া মানিবা॥ ১৩১॥
বাঘ জৰী গাছ বড়দোৱাতে জন্মিলা।
পদ্ম হুয়া ঈশ্বৰ সেৱাত লাগিলা॥

১৯