পৃষ্ঠা:অমূল্য ৰত্ন.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

তাৰা সবে তুতি নতি বিস্তাৰ কৰিলা।
হেন দেখি মোৰ মহা দয়া সম্পজিলা॥৪১॥
মহা স্নেহে তাসম্বাক বুলিলোহো বাণী।
কলিৰ অন্তত মই জন্মিবোঁ আপুনি॥
যত অংশ আছে মই নিবো স্বৰূপত।
তোৰা সবো সবে মোৰ চলিব লগত॥৪২॥
হেন শুনি মহা ৰঙ্গ ভৈলা ভক্তগণ।
যাইবো তযু সঙ্গে সবে প্ৰভু নাৰায়ণ॥
কলিৰ যে তিনি শত বৰিষ প্ৰমাণ।
এহি বুলি তাৰ সবে গৈলা নিজ থান॥৪৩॥
সেহি সময়ত মই জন্মিব হৰিষি।
তাতে আসি শুদ্ধ ধৰ্ম্ম কহিব প্ৰকাশি॥
কৰযোৰে মাধৱেও বুলিলা বিস্তাৰ।
নমো নমো গুৰু ব্ৰহ্মদেৱ হৃদীশ্বৰ॥৪৪॥
তোমাৰ যে পত্নী কহিয়োক কোনজন।
শুনি ইষ্ট আতা পাছে দিলা সমিধান॥
পূৰ্ণ লক্ষ্মী আসি সূৰ্য্যৱতী যে ভৈলন্ত।
কালিন্দ্ৰী নামে সৰস্বতী যে ভৈলন্ত॥৪৫॥
তাহাৰ গৰ্ভত তিনি পুত্ৰ ভৈলা জাত।
কামদেৱ আসি ৰামানন্দ নাম খ্যাত॥
কৃষ্ণ পুত্ৰে গদে হৈব কমললোচন।
জাম্বৱতী সূতে হৈব হৰি যে চৰণ॥৪৬॥
পুৰুষোত্তম গদ ভাতিজে জানিবা॥
চতুৰ্ভূজ নাম আৰ সাত্যকি জানিবা॥
আপোনাক কোন তুমি নিচিনা এখন।
বলভদ্ৰে আসি তুমি জন্মিলা এখন॥৪৭॥
বলভদ্ৰ জন্মে তুমি জ্যেষ্ঠ যে আছিলা।
মাধৱ স্বৰূপে তুমি তাতে হীন ভৈলা॥