পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

মোক গুৰু বুলি যিটো কৰয় কীৰ্ত্তন॥
সবাকো লগতে লৈয়া যাইবো নিজ থান॥২৮৬
মাথা চপৰাই যেবে মাধৱে আছন্ত।
শঙ্কৰক চাই পুনু মিনতি কৰন্ত॥
এক কথা পুছো প্ৰভু তাক কহিয়োক।
কৃষ্ণে পান তন পীত দিয়ো সিদ্ধান্তক॥২৮৭॥
জন্মিলন্তে বসুদেৱে গোকুলক নিলা।
কোন সময়ত কৃষ্ণে তনক যে খাইলা॥
হেন শুনি গুৰু পাছে দিলা সমিধান।
কংসক বধিবে মই গৈলো যেতিক্ষণ॥২৮৮॥
পিতৃৰ মাতৃৰ পাছে বন্ধন চুড়িলো।
দুই ভাই তাসম্বাৰ চৰণে পৰিলো॥
আমাৰ নিমিত্তে দুখ পাইলা বহুতৰ।
পিতৃক মাতৃক স্তুতি বুলিলো বিস্তাৰ॥২৮৯॥
মহা প্ৰেমে দৈৱকীৰ লোতক জড়িল।
সাৱটিয়া ধৰি মোৰ শিৰক ঘ্ৰাণিল॥
স্নেহত তাহান যেবে স্তন জড়ি গৈলা।
কৃষ্ণৰ অধৰে সেহি স্তন প্ৰবেশিলা॥২৯০॥
মোৰ পিত অৱশেষ ভৈলা সিকাৰণে।
তাকেসে ভূঞ্জিলে মৰীচিৰ পুত্ৰগণে॥
মাধৱে পুছিলা দুনাই কৰি নমস্কাৰ।
দেৱ দেৱ পৰম ব্ৰহ্ম জগত আধাৰ॥২৯১॥
মই ভিক্ষুকক প্ৰভূ দিয়ো মহা দান।
নাহিকে অনাথ মই পাপীৰ সমান॥
এভৱ সংসাৰে মই মজিলো সমূলি।
কৰিয়ো উদ্ধাৰ বাপ মোক ভৃত্য বুলি॥২৯২
চাৰিটি শৰণ বাপ কহিয়ো হৰিষে।
মোহোৰ অজ্ঞান যত গুচোক নিশেষে॥

৪৫