পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৴৹

 শ্ৰীনাৰায়ণে ব্ৰহ্মাক, জ্ঞান, বিজ্ঞান, তদং, ৰহস্য। ব্ৰহ্মাই নাৰদক জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, গুণ, ক্ৰিয়া, নাৰদে ব্যাসক জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, গুণ, ক্ৰিয়া, জাতি, দ্ৰব্য, ব্যাসে শুকক জ্ঞান, বিজ্ঞান, তদং ৰহস্য, গুণ, ক্ৰিয়া, জাতি, দ্ৰব্য, মায়া, তাৰণ, উচ্ছৈশ্ৰৱা সুতে শুক হন্তে জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, গুণ, ক্ৰিয়া জাতি, দ্ৰব্য, মায়া, তৰিণ জীৱ, ঈশ্বৰ।

 এইবাৰ শ্লোকে বাৰস্কন্ধ ভাগৱত আৰু এই বাৰটি শ্লোকে, বাৰটি সত্য। সুতৰ পৰা শঙ্কৰাচাৰ্য্য, তেহো পাছে শ্ৰীধৰ স্বামীত, তেহো ভাস্কৰা চাৰ্য্যত, তেহে নৃসিংহত, তেহো পৰমানন্দত, তেহোৰত্ন ভাৰতীত, তেহো মহাভাৰতীত, তেহো পুৰুষোত্তমত, তেহো বিষ্ণুপূৰীত, তেহো ব্ৰহ্মানন্দত, তেহো জগদীশ মিশ্ৰত, তেহো শ্ৰীশঙ্কৰক দিলা। এই মতে ভাগৱত এইৰাজ্যে আসিলা। এই ভাগৱতী সনাতন ধৰ্ম্ম ভগৱান শ্ৰীকৃষ্ণ শঙ্কৰ স্বৰূপে অৱতাৰ হোৱাৰ কাৰণ হৈছে, এই বামানয় শাস্ত্ৰৰ কুনীতি দূৰ কৰা। এই কুনীতি বৰ্ত্তমান চলাইছে কোনে? প্ৰায় বামুণ, পণ্ডিত আৰু গুৰুসকলে। তাৰ প্ৰমাণ এই অমূল্য ৰত্নতে পাব। সৃষ্টি হল কেনেকৈ?

জয় মুনিকে সম্বোধিয়া শুক তপোধন।
কহিলেন শুন ঋষে নৰেৰ ঘটন॥
পূৰ্ণৰূপী বিষ্ণু সেই পুৰুষ ৰতন।
সত্ত্ব গুণ অৱলম্বি দেৱ সনাতন॥
শয়ন কৰিয়া ৰহে সলিল উপৰে।
জন্মিল কমল এক নাভি সৰোবৰে॥
সেই পদ্মে সৃষ্টি বাঞ্ছা কৰি নাৰায়ণ।
সৰ্ব্ব আগে কৰিলেন কালেৰ সৃজন॥
দণ্ড ক্ষণ পল আদি সকলি জন্মিল।
অহংতত্ত্ব মহংতত্ত্ব তদন্তে হইল॥

 প্ৰথমে সৃজন কৰিলে কাল, (সময়)। তাৰ পছিত চৌবিশ তত্ত্ব, তাৰ পাছত পঞ্চভূত তাৰ পাছত একাদশ ইন্দ্ৰিয়।