পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

মণ্ডল আকাৰ কৰি মোৰ গুণ গাই।
হেন দেখি মই ব্যক্ত ভৈলো সেহি ঠাই॥১৯৪
আত অনন্তৰে কথা শুনিয়ো সম্প্ৰতি।
শঙ্খচুড় যক্ষৰ যে যেন ভৈলা গতি॥
চিত্ৰধৰ নামে সিটো গন্ধৰ্ব্ব আছিলা।
পাছে অনন্ততে তেহে ভকতি কৰিলা॥১৯৫
একদিনা অগস্তিৰ আশ্ৰমে গৈলন্ত।
মহা মুনি ঋষি তেহে ধ্যান কৰিছন্ত॥
সেৱা কৰিবাক তান পাৱত পৰিলা।
ধ্যান ভঙ্গ হুইয়া ঋষি তাহাঙ্ক দেখিলা॥১৯৬
ৰাক্ষস বুলিয়া ঋষি তাঙ্ক শাপ দিলা।
চৰণত পৰি তুতি-নতি কৰিলা॥
তাক দয়া কৰি ঋষি বাক্য বুলিলন্ত।
গোকুলত কৃষ্ণ গৈয়া যৈসানি জন্মন্ত॥১৯৭॥
গোপৰ নাৰীক তই নিবি চুৰি কৰি।
দেখি পাছে তোক ধৰি মাৰিবো মূৰাৰি॥
তোহোৰ মাথাৰ মণি কৃষ্ণে কাঢ়ি নিবো।
বলভদ্ৰে সেহি মণি অনন্তক দিবো॥১৯৮॥
কায় বাক্য মনে যিটো স্থিৰ চিত্ত কৰি।
হৃদি পদ্ম মধ্যে নিজ ৰূপ হিয়ে ধৰি॥
ৰূপ বৰ্ণাইবাক পাছে মাধৱে লৈলন্ত।
মস্তকৰ পৰা নখ চৰণ পৰ্য্যন্ত॥১৯৯॥
দেৱ দেৱ পৰম ব্ৰহ্ম অচিন্ত্য অনন্ত।
নিত্য নিৰঞ্জন প্ৰভু দেৱ ভগৱন্ত॥
সনক সনন্দে সদা যাক উপাসয়।
সহস্ৰ বয়নে যাৰ অন্তক নাপায়॥২০০॥
তাৰা সবে নপাৱয় কিছু তত্ত্ব সীমা।
মই কোন জানিবোহো তোমাৰ মহিমা॥

৩২