পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

ভীমৰ শৰীৰে কৃষ্ণে তেজ অৰ্পি দিলা।
সেহি শক্তি লৈয়া জৰাসন্ধক বধিলা॥২১৬॥
মোৰ শক্তি গুণ নাম যতেক আছয়।
তোমাকেসে আজি সবে দিলোহো নিশ্চয়॥
এহি কথা খিনি বাপ লিখিবাক চাওঁ।
কিঞ্চিতেক মানে যেবে তযু আজ্ঞা পাওঁ॥
কিবা নাম হইব আৰ কাৰণ কহিয়ো।
ইটো গ্ৰন্থ নাম বাপ আপুনিয়ে থৈয়ো॥
লিখিবা মাধৱ মই কহিলো বচন।
ইতো গ্ৰন্থ যেবে নপাৱয় আন জন॥২১৮॥
মহাগুপ্ত কৰি তুমি ইহাক ৰাখিবা।
যিটো মহা হিত কৰি তাকো নেদেখাইবা॥
আমাৰ পাশক তুমি যাহা যেতিক্ষণ।
পুৰুষোত্তমক দিবা কহিলো কাৰণ॥২১৯॥
পৰম ৰহস্য মহা ভকতি কহিলো।
তোমাৰ আগত নিজ ভক্তি দৰশাইলো॥
মহাভাগৱত গ্ৰন্থ তত্ত্ব অৰ্থ যত।
তোমাৰ আগত আবে কহিলো সমস্ত॥২২০॥
অমূল্য ৰতন নাম জানিবা ইহাৰ।
বেদ বেদান্তৰো জানা এহি অৰ্থ সাৰ॥
আজ্ঞা পাই এতেকে ইহাকে লিখি থৈলো।
সমস্তে যুগুতি আক পদ বন্ধে কৈলো॥২২১॥
প্ৰেম ভাৱে মাধৱৰ দ্ৰৱিল হৃদয়।
শৰীৰ শিহৰি নেত্ৰে লোতক জৰয়॥
মহা দুখ মনে দুই চৰণত ধৰি।
কাকুতি কৰিলা পুনু চৰণত পৰি॥২২২॥
চাৰি বিধ গোপীৰ যে কহিয়ো কাৰণ।
কোন কেনে ভক্ত প্ৰভূ কহিয়ো লক্ষণ॥

৩৫