পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুলড়ি।

যিটো মাধৱক  হাজাৰ দশেক
 দিগজে পাৰি দাঙ্গিত।
বলোৰ হাতৰ লাঙ্গল মূষল
 নপাৰে তভো দাঙ্গিত॥
মোৰ তেজ চয়  শক্তি আতিশয়
 সেহি চক্ৰ আসি ভৈলা।
তাতেসে বলোৰ হাতৰ মূষল
 মহা পৰাক্ৰমী ভৈলা॥ ৩৮১॥
মাধৱ বদতি  গুৰুক বোলন্ত
 সেবিব পাৱ দুতয়।
কি কাৰণে বলো  কঙ্কণ কুণ্ডল
 এক অঙ্গে নিপিন্ধয়॥
শঙ্কৰে বোলন্ত  শুনিয়ো মাধব
 ইহাৰ তুমি সিদ্ধান্ত।
যি কাৰণে বলো  ডাহিন ভাগত
 অলঙ্কাৰ নলৈলন্ত॥৩৮২॥
প্ৰকৃতি যিভাগে ভৈলা তাতে বলো
 অলঙ্কাৰ সবে লৈলা।
কঙ্কণ কুণ্ডল  নাহিক যিভাগে
 পুৰুষ সিভাগে ভৈলা॥
মাধৱ বদতি  কৰযোৰ কৰি
 বোলন্ত তুতি অনেক।
মই অধীনক  হে ভগৱন্ত
 ভকতি মোক দিয়োক॥৩৮৩
ৰণভূমি মধ্যে  অৰ্জ্জুনক যেন
 মহাজ্ঞান দান দিলা॥
সেহিমতে প্ৰভূ  মোহোৰ মনৰ
 সংশয় সবে গুচাইলা॥

৬১