পৃষ্ঠা:অমূল্য ৰত্ন.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

মোৰ নাম ধৰি আত্মা ভৈলা পৰিচয়।
এহি হেতু আতা মোক জগতে বোলয়॥২০॥
বালি চাহী পৰ্য্যন্ত সবাৰে হৃদয়ত।
সমস্তকে প্ৰবৰ্ত্তাই আছোহো যাৱত॥
সমস্তে লোকক মই আছো প্ৰবৰ্ত্তাই।
এহি হেতু লোকে মোক আশ্চৰ্য্য বোলয়॥২১॥
পূৰ্ব্বে গঙ্গা দেৱী মোৰ চৰণ সেৱিলা।
এহি হেতু মোৰ গঙ্গাধৰ নাম ভৈলা॥
সুনন্দক আদি পাৰিষদ বাৰজন।
বাৰ সত্য জানা আসি ভৈলা এহি স্থান॥২২॥
শৰণ ভজন আৰ দুইজন ভৈলা।
চৈধ্য পাৰিষদে চৈধ্য বৈষ্ণৱ হুয়া ৰৈলা॥
শঙ্খ চক্ৰ গদা পদ্ম অস্ত্ৰ চাৰি খান।
শৰণ চাৰিটি আসি ভৈলন্ত প্ৰধান॥২৩॥
গুৰু দেৱ দুইকো নিয়া হৃদয়ে ধৰিবা।
অষ্টদল পদ্ম মধ্যে আসন যে দিবা॥
পদ্মৰ মধ্যত হেমময় আসনত।
মোক তাতে নিয়া তুমি থাপিবা তাৱত॥২৪॥
দুই ভূজ দেখি সবে মনত চিন্তিবা।
একান্ত ভক্তক নিয়া পশ্চিমে থাপিবা॥
গুৰুত শৰণ হৈয়া দেৱক ভজিবা।
মোৰ আসনক তুমি দেৱক মানিবা॥২৫॥
পূবৰ পাহিত আগে দেৱক বসাইবা।
দুই ভূজ মাত্ৰ সেই দেৱক দেখিবা॥
কাহাক ভজিবোঁ আমি ভকত মানিয়।
স্বৰূপ কৰিয়া মোত উপদেশ দিয়া॥২৬॥
তুমি সমে শিব দুই ভকত জানিবা
মোহোৰ কাষতে জানো দুইহানো আনিবা॥