পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

শুক্ল চামৰে বৈঠা জানা স্বৰূপত।
চাৰিটি শৰণ যিটো চিনায়ে সাক্ষাত॥২৫৮॥
হাতে ধৰি নৌকাতেসে তাহান্তে তোলয়।
তাহানেসে কৃপা ভৈলে আমাক পাৱয়॥
দেৱ গুৰু নাম ভক্ত যিজনে চিনায়ে।
মহা হিত কাৰী বুলি শুদ্ধ ভাৱে সেৱে॥২৫৯
সংসাৰ সাগৰ পাৰ তেসম্বে পাৱয়।
আজ্ঞা প্ৰজ্ঞা কৰি যিটো তাহাঙ্ক সেৱয়॥
কোনো বেলা তেহে যদি প্ৰহাৰ কৰয়।
লাভ মানি তাহাঙ্ক যে কৰিব বিনয়॥২৬০
অনেক কাকুতি কৰি মাধৱে পুচন্ত।
উপদেশ দাতা কোন কৈয়ো ভগৱন্ত॥
গুৰুহেন বুলি মোক যিজনে চিনান্ত।
তাহাকে জানিবা তুমি ভকত একান্ত ২৬১
উপদেশ দাতা মোত পৰে নাহি আন।
ভকতি অমিয়া ৰস যিটো দিলো দান॥
আমাক দেখায়ে যিটো ভক্ত কৃপাময়।
গুৰুদেৱ নাম ভক্ত তাহাক জানয়॥২৬২॥
সমস্তকে নিয়া যাতো মোহোক অৰ্পয়।
এতেকে নিশেষ সমকুল বুলি কয়।
শুনিয়া মাধৱে পুনু বুলিলা বচন।
মৰণ সম্বৰিয়া যাইবো কোন থান॥২৬৩
আমি সেৱকক নিবা কমন উপায়।
হৃদয়ৰ গুৰু মোৰ বাপ যদুৰাই॥
অৰুণ চৰণ দুই হৃদয়ত বান্ধি।
সুধিবে লাগিলা কথা দুনাই কান্দি কান্দি॥২৬৪
তম্ভি কতো বেলি মানে আছিল ৰহি।
চক্ষুৰ লোতক ধাৰা সাৰে যাই বহি॥

৪১