পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

এহি বুলি হৰে বৃষভ সহিতে
 তৈতে অন্তৰ্দ্ধান ভৈলা॥
সেহিসে কাৰণে জানিবা মাধৱ
 তাল কৃষ্ণে নুভুঞ্জিলা।
ৰহস্য কথাক কৰিলো প্ৰকাশ
 পৰম গোপন লীলা॥১৬৯॥
ৰচিলা মাধৱে  শুনা নিৰন্তৰ
 অমূল্য ৰতন সাৰ।
শঙ্কৰ মাধৱে মহা শুদ্ধ ভাৱে
 ৰচিলা ইটো পয়াৰ॥
শুনা সভাসদ পৰম সম্পদ
 ইটো ভাগৱত সাৰ।
জন্মক নিস্তাৰা  পুৰুষ উদ্ধাৰ।
 তৰিবা ইটো সংসাৰ॥১৭০॥


পদ

আৰো এক কথা কহো শুনিয়ো মাধৱ।
পৰম আনন্দে শুনা কৰিয়া উৎসৱ॥
মোক যে বৈষ্ণৱ তেজ যিহেতু বোলয়।
বিষ্ণুক বৈষ্ণৱ বুলি জানিবা নিশ্চয়॥ ১৭১
ঈশ্বৰক পৰমব্ৰহ্ম যিহেতু বোলয়।
এতেকে বৈষ্ণৱ তেজ তাহাত থাকয়॥
বিষ্ণুত অধিক ভক্ত জানা আতিশয়।
পৰম বৈষ্ণৱ তেজ তাহাতে থাকয়॥ ১৭২
তাহান্তে হোৱয় পূৰ্ণ ব্ৰহ্মৰ শকতি।
পৰম বৈষ্ণৱ তাঙ্ক বুলিব সম্প্ৰতি॥

২৮