পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৹

কিন্তু, দাস হৈছো সেই কৰ্ম্মকাণ্ডি বামুণৰহে। আমাৰ গুৰু সকল হৈছে কেনে—শূদ্ৰ কুলত জন্ম শঙ্কৰক মানিব নোৱাৰে। অথচ সেই জগত গুৰু শঙ্কৰৰ ধৰ্ম্মপ্ৰচাৰক গুৰুভাৰ লৈছে বেপাৰৰ কাৰণে। মুখেৰে শঙ্কৰক দেখাব, অন্তৰেৰে মানিব ভূত প্ৰেতৰ কৰ্ম্ম। কাৰণ বৈষ্ণৱ ধৰ্মৰ নিয়ম হৈছে—

 তীৰ্থ বুলি কৰে জলত শুদ্ধি। (কীৰ্ত্তন)
 প্ৰতিমাত কৰে দেৱতা বুদ্ধি॥
 বৈষ্ণৱত নাই ইসৱ মতি।
 গৰুতো অধম কৃষ্ণ বদতি॥
 চণ্ডালে কৰিছে হৰি কীৰ্ত্তন।
 বুলিয়া নিন্দে যিটো অজ্ঞজন॥
 তাক সম্ভাষণ যিজনে কৰে।
 আজন্মৰ পুণ্য তেখনে হৰে॥
 চাৰিও বেদক ব্ৰহ্মায়ে আনি।
 বিচাৰিলা তিনি বাৰ প্ৰমাণি॥
 এহি মানে মাত্ৰ কৰিলা সাৰ।
 হৰি কীৰ্ত্তনেসে তৰে সংসাৰ॥
নাজানে শাস্ত্ৰৰ লয় যেহি আসে তাকে কয়
 ছেদিবাক নপাৰে সংশয়। (ঘোষা)
গুৰু বোলাই তথাপিতো  ফুৰিয়া লোকৰ মাজে
 মান্য সতকাৰ খুজি লয়॥
বচনে কেৱল মাত্ৰ  হৰিত শৰণ লয়
 চিত্তে আন দেৱক ভজয়।
জানিবাহী কদাচিতো  সিদ্ধি সিটো নলভয়
 হৰি তাৰ সন্তোষ নহয়॥

 আমাৰ গুৰু সকলৰ দেখা যায় তেনে। নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি পূৰি ধৰ্ম্মময় তনু ভৈগৈলা হৰিভকত।