আখিত আদিত্য নাকে অশ্বিনী কুমাৰ।
জিহ্বাত বৰুণ বাক্য নাভিৰ সঞ্চাৰ॥
কৰ্ণে দিশ চৰ্ম্মে বায়ু ভূজে ইন্দ্ৰস্থিতি।
পদে বিষ্ণু গুহ্যে মিত্ৰ লিঙ্গে প্ৰজাপতি॥
চিত্তে বাসুদেৱ অহঙ্কাৰে ৰূদ্ৰ স্থিত।
মনত চন্দ্ৰমা বিধি আছন্ত বুদ্ধিত॥
এহি চৌদ্ধ জন পুনঃ পাতকৰ সাক্ষী।
ঈশ্বৰ পুৰুষে হৃদয়ত আছা দেখি॥
মূঢ় জনে বোলে মোক নেদেখিলে কেৱে।
হৃদয়ত দেখিয়াছে পঞ্চ দশ দেৱে॥
হেন নৰ শৰীৰক পাই মণ্ড মতি।
আয়ু ক্ষয় কৰে মিছা বিষয়ক প্ৰতি॥
হৃদয় কমলে কৃষ্ণ আছন্ত সাক্ষাত।
তাহাঙ্ক নভজি নৰে কৰে আত্মঘাত॥
এইবিলাক শাস্ত্ৰৰ প্ৰমাণেৰে বুজা যায় হৃদয় কমলত ভগৱান আছে। তেন্তে আগত কোৱা সময় মতে ভগৱান শৰীৰৰ পৰা ওলাই গ’ল, বায়ু বায়ুত গ’ল, পানী পানীত গ’ল, মাটী মাটীত গ’ল, চকু সূৰ্য্যত গ’ল, এইদৰে ভাগৰ বস্তু ভাগে ভাগে গ’ল। কিন্তু বামুণবাৰে সেই মাটিৰ ভেল সোপাক ভূত প্ৰেত সজায় কেনেকৈ? এইটো পাঠক সকলে ভালদৰে বুজি চাব।
সমস্ত শাস্ত্ৰৰ কৰিয়া সাৰ।
হৰি কীৰ্ত্তনেসে তৰে সংসাৰ॥
সেই হৰি কীৰ্ত্তন শঙ্কৰ মাধৱৰ ঘোষা আৰু কীৰ্ত্তন আগত আগ বঢ়াব; কিন্তু কৰিব ভূত-প্ৰেতৰ পূজা। গীতা ভাগৱতৰ এক শৰণ বৈষ্ণৱ ধৰ্ম্ম ধৰিলে, সেই ব্যভিচাৰ ভূত প্ৰেতৰ পূজা বামুণীয়া ভৌতিকবোৰ ত্যাগ কৰিব লাগিব। হয় বৈষ্ণবী ধৰ্ম্ম লওক, নহলে কৰ্ম্ম কাণ্ডি বামুণৰ আলধৰ দোলা বৈ ক্ষেম খাটনি কৰক। এফলীয়া হলেতে কাজ সমাধা হব। দুই নাওত দুই ভৰি হলে নচলিব।