পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

চৈধ্য ভুৱনৰ গুণ নাম যশে
 বৃক্ষৰ ফল ভৈলন্ত॥১৫৮॥
সেহি ফলে পাত পত্ৰক জানিবা
 কহিলো আক নিশ্চয়।
পাপৰ বাসনা জানিবা কলহ
 গতিকে কৃষ্ণে ভাঙ্গয়॥
বৈকুণ্ঠৰ দ্বাৰ  দালিক জানিবা
 উৰুখল তৈতে ভৈলা।
সাত ছন্দ বেদ বানৰ সকলে
 লৱণু ভোজন কৈলা॥১৫৯॥
সন্ত ৰজ তম তিনিগুণে ঐত
 শিকিয়া আসি ভৈলন্ত।
যিটো নাগ পাশে বলিক বান্ধিলা
 সেহি প্ৰেম জৰী হন্ত॥
যশোদাৰ গৃহে সেহি জৰী আসি
 বান্ধনী যে পাশ ভৈলা।
আপোনাৰ নাম  ভক্তিজৰী জানি
 তাহাতে বন্ধন লৈলা॥১৬০॥
পৰম প্ৰকৃতি মোহোৰ জানিবা
 অঙ্গ যে ভৈলা প্ৰধান।
সাত গুটি ৰন্ধে  সাত যে প্ৰকৃতি
 ভৈলা আসি সেহি থান॥
সালোক সঞ্জোয্য  আৰু যে সাত্ত্বিক
 মুকুতি যাক বোলয়।
শিঙা বেত বেণু কৃষ্ণৰ হাতৰ
 ভৈলন্ত আসি নিশ্চয়॥১৬১॥
সামীপ্য সাৰূপ্য  দুই মুকুতিয়ে
 কৰ্ণৰ কুণ্ডল ভৈলা।

২৫