পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

পতঙ্গ পৰয় যেন অগনিৰ মাজে।
আমাক মোহিবে আইলি অধম নিলাজে॥
যিটো নাৰী লৈয়া আইলি মোক মুহিবাক।
মোৰ শৰীৰত নাৰী দেখিয়ো প্ৰত্যেক॥৩৪৫॥
এহি বুলি নাৰায়ণ যোগময়া বলে।
উৰ্ব্বশীক মোক্ষ কৰি কন্যাক সকলে॥
ৰূপে গুণে পদ্মিনী যৌবনী কন্যা সাৰ।
স্ৰজিলন্ত নাৰায়ণে ষোড়শ হাজাৰ॥৩৪৬॥
কতো নাৰী চামৰ ধৰিয়া কৰ বিঞ্চে।
কতো কতো নাৰী সুশীতল জল সিঞ্চে॥
কতো নাৰী কৰ্পূৰ তাম্বুল যোগাৱন্ত।
কতো কতো নাৰায়ণ পাৱক মৰ্দ্দন্ত॥৩৪৭॥
চতুৰ্ভিতি বেঢ়ি সেৱা কৰে নিৰন্তৰ।
দেখিয়া বিস্ময় ভৈলা যত বিদ্যাধৰ॥
নাৰায়ণ বোলে অৰে শুনা দুষ্টগণ।
দিবো আৰ ফল তোক শুনিবি বচন॥৩৪৮॥
সামান্যক লঘু যেন নকৰস তই।
তাৰ প্ৰতিফল তোক দিবো আজি মই॥
বৰ ককৰ্থনা মোক কৰ তই পাপী।
এহি বুলি নাৰায়ণে শাপিলন্ত কুপি॥৩৪৯॥
অগনিত হাত দেহ অৰে পাপী সবে।
মহা কোপে তাসম্বাক শাপিলন্ত তেবে॥
দেৱ দেহ এৰি হৈবি অধম গোৱাল।
মোত দ্ৰোহ কৰি তোৰ নুহিবেক ভাল॥৩৫০॥
হেন শুনি বিদ্যাধৰে তুতি বিনাৱন্ত।
আচৰিলো দ্ৰোহ কিনো দেৱ ভগৱন্ত॥
অধমৰ দোষ ক্ষমা কৰিয়ো আমাৰ।
দণ্ডৱতে চৰণত কৰে নমস্কাৰ॥৩৫১॥

৫৬