এতিয়া ভাগৱতৰ প্ৰথম জ্ঞান। সত্য, শৌচ, দয়া, ক্ষমা এই চাৰিটি ঠিক ৰাখিব পাৰিলেহে জ্ঞান পাব। সত্য আমাৰ নাই বুলিলেই হয়। শৌচ হৈছে চলা নিয়ম। সেই নিয়মৰ আমি কি ৰাখিব পাৰিছো। গৰ্গ মুনিৰ আদেশ চাওক—
অমাবস্যা প্ৰতিপদ সপ্তমী অষ্টমী।
পূৰ্ণ মাসী ৰবিবাৰ নিষেধ ৰমণী॥
একাদশী মাত্ৰ আৰু পিতৃশ্ৰাদ্ধ দিনে।
যাত্ৰা কৰে পণ্ডিতে নকৰে স্ত্ৰী গমনে॥
ইসৱ দিবস যদি কৰয় বৰ্জ্জন।
তেবেসে জানিতে পাৰে ঋতুৰ লক্ষণ॥
পদ্ম পূৰ্ণ নুহি যদি ঋতু ৰক্ষা কৰে।
যদি জন্ম হয়, শিশু অল্পদিনে মৰে॥
বয়স পূৰ্ণ, শৰীৰ সুস্থ, তিৰোতা জনীৰো ঠিক একে নিয়ম। আৰু
লিখিছে যুগ্ম, অযুগ্ম, যুগ্মত পুত্ৰ, অযুগ্মত কন্যা, অৰ্থাৎ ৰজস্বলা
হোৱা সাতদিনৰ পাচত চৈধ্য দিনলৈ সহবাসৰ নিৰ্দ্ধাৰিত কৰিছে।
আৰু লিখিছে চাৰিপৰ ৰাতি সহবাস। প্ৰথম প্ৰহৰত সহবাসৰ
সন্তান অভাজন অৰ্থাৎ বেয়া দুষ্ট প্ৰকৃতিৰ হয়। দ্বিতীয় প্ৰহৰত
সহবাসৰ সন্তান সামান্য। তৃতীয় প্ৰহৰত মহাভাগ্যৱন্ত। চতুৰ্থ
প্ৰহৰত হৰি ভক্তি ধৰ্ম্ম পৰায়ণ। এতিয়া এইবোৰ নিয়ম কোনে
ৰাখিছে, স্কুল কলেজতো দেখা নাযায়। মাত্ৰ বামানয় তান্ত্ৰিক
মতেই সংসাৰত প্ৰচলিত দেখা যায়। বৈষ্ণৱ মত হল— ব্ৰহ্মচৰ্য্য
(অৰ্থাৎ বীৰ্য্য) ঠিক ৰাখি, কাম, ক্ৰোধ, লোভ, মোহ, দমন কৰি
ভগৱানত ভক্তি কৰা। ভক্তি হল ৮১ বিধ, তাৰ প্ৰধান হল
৯ বিধ। “নৱ বিধ ভক্তি বিষ্ণুত আচৰে সেহিসে পাঠ উত্তম।”
এই নৱ বিধব প্ৰধান কৰিলে এবিধ—দাস্য ভক্তি। সেই দাস্য
ভাৱ দেখুৱালে কোনে? ওপৰত কোৱা শঙ্কৰ মাধৱ আদি
অৱতাৰ গুৰু সকলে। এতিয়া আমি সেইভাৱ কোনে ৰাখিব
পাৰিছো। ৰাখিছো, বৰ্ম্মা, তালুকদাৰ, চৌধুৰী, মেধি, পাঠক ইত্যাদি।