পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

অজ্ঞানী শঠক কুকৰ্ম্মী জনক
 যিজনে আক শুনাই।
ব্ৰহ্মাণ্ডৰ বধে  তাহাক পাৱয়
 জানিবা তাক নিশ্চয়॥
গুৰু বাক্য শুনি মাধৱেও গুণি,
 সঙ্কোচ কৰিয়া কাই।
ৰহিলা হৰিষে  অমৃত বৰিষে
 গুৰুপদ দুই চাই॥ ৪৩৬॥
শুনা ভক্তলোক  এৰা চিন্তা শোক
 গৃহতে থাকি সদায়।
অমূল্য ৰতন  ৰস কৰি পান
 গুৰু পদে লৈয়ো ঠাই॥
জন্ম চিন্তামণি  সেন্থৰে নপাই
 তেজি লোভ মোহ কাম।
শঙ্কৰ মাধৱ  প্ৰাণৰ বান্ধৱ
 জানি বোলা ৰাম ৰাম ॥৪৩৭॥

শ্ৰীকৃষ্ণায়ে নমঃ শ্ৰীশঙ্কৰায় নমঃ
শ্ৰীমাধৱায় নমঃ অমূল্য ৰতন পুস্তক
সমাপ্তঃ॥ যথাদৃস্তং তথা লিখিতং
লিখকে নাস্তি দুষনং ভীমে চাপি
ৰণভঙ্গং মুনিনাঞ্চ মতিভ্ৰমং ॥
ইতি—১৭২৪ শত ২২ মাঘত তৈয়াৰী৷


অমূল্য ৰত্ন সমাপ্ত।

৭২