পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

প্ৰহ্লাদে আসিয়া নাৰায়ণ দাস ভৈলা।
জয়ে আসি গোকুলৰ চন্দ হুয়া ৰৈলা॥১০৪॥
স্বায়ম্ভূব মনু বুঢ়া দৈৱজ্ঞ ভৈলন্ত।
কপিলে আসিয়া ঐত উৰনা ভৈলন্ত॥
কুমাৰে আসিয়া ঐত হৰিদাস ভৈলা।
শুকে মথুৰা দাস হুয়া ঐত ৰৈলা॥১০৫॥
ভীষ্মে ৰাম দাস বুলি ভৈলা কালিৰাম।
জনেকেহে মণি ৰাম নাহিকে উপাম॥
সৰ্ব্বজয় নাম আসি পাণ্ডৱে ভৈলন্ত।
ধৃতৰাষ্ট্ৰ জয়ন্তীৰ মাধৱ হুইৱন্ত॥১০৬॥
মৰীচীৰ ছয় পুত্ৰ যেতিয়া আছিলা।
তাসম্বাক ব্ৰহ্মশাপ যেতিক্ষণে দিলা॥
হিৰণ্যাক্ষ বীৰ্য্যে পাছে ছয়ো জন্মিলন্ত।
দৈৱকীৰ গৰ্ভে যোগমায়াক থৈলন্ত॥১০৭॥
ধৰি কংশ ৰায় পাছে ছয়ক মাৰিলা।
বলিৰ সভাত পাছে তেসম্বো আছিলা॥
তুমি আমি দুয়ো গুৰু গৃহত পঢ়িলো।
বিপ্ৰক আনিয়া মৰা পুত্ৰ দান দিলো॥১০৮॥
সেহি কথা খানি পাছে দৈৱকী শুনিলা।
কৃষ্ণৰ আগত মৰা পুত্ৰক প্ৰাৰ্থিলা॥
বলিৰ সভাক পাছে দুয়ো চলি গৈলো।
দৈৱকীৰ আগে নিয়া তাসম্বাক দিলো॥১০৯ll
কোলে লৈয়া মাতৃ পাছে স্তন পিয়াইলন্ত।
তোমাক কৃষ্ণ মানি স্বৰ্গক গৈলন্ত॥
মোৰ পিত অৱশেষ স্তনক যে খাইলা।
সেহিসে কাৰণে জানা ইথানক আইলা॥১১০॥
হীন কুলে জন্ম আসি ছয়ো যে ধৰিলা।
অসম ৰাজ্যত নৰ ভক্ত হুয়া ৰৈলা॥

১৬