পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

পূৰ্ব্বৰ দুমুখ ধোবা অধম পামৰ।
সীতাক কলঙ্ক দিলে অজ্ঞানী বৰ্ব্বৰ॥
লোকৰ গৰিহা সিটো সহিতে নপাৰি।
পৰম দুৰ্ম্মতি ধোবা মহা অহঙ্কাৰী॥ ৩৯২॥
সীতা দেবী মন দুখে পাতালে গৈলন্ত।
লৱ কুশে ৰাম পাৱে পৰি কান্দিলন্ত॥
মাতৃ বৈৰী ধোবা আৰ মাথা ছেদিয়োক।
হৃদয়ৰ তাপচয় দূৰ কৰিয়োক।।৩৯৩॥
সাফলিব তযু বাক্য শুনা পুত্ৰ গণ।
তাহাৰ মাথাক মই ছেদিবো যখন॥
সত্যে সত্যে বোলো আবে কৰো অঙ্গিকাৰ।
সিটো পাপিষ্ঠৰ মই চিন্তিবোহো মাৰ॥৩৯৪॥
শুনি আথে বেথে ধোবা গৈলা তেতিক্ষণে।
বশিষ্ঠৰ চৰণত পশিলা শৰণে॥
তাহাৰ কাতৰ দেখি ব্ৰহ্মাৰ নন্দন।
ৰামৰ পাশক লাগি গৈলা তেতিক্ষণ॥৩৯৫॥
গুৰু আসিবাৰ দেখি ৰাম মহা ভাগ।
পাদ্য অৰ্ঘ দিলা আনি বশিষ্ঠৰ আগ॥
কৰ যোৰ কৰি ৰামে গুৰুত সুধিলা।
কহিয়ো কাৰণ গুৰু কি কাৰ্য্য়ে আসিলা॥৩৯৬॥
বশিষ্ঠে বোলন্ত আবে শুনা মহা ভাগ।
সাক্ষাততে ব্ৰহ্ম তুমি সুৰ্য্যৰ উদ্ভৱ॥
পাপিষ্ঠ ৰজকৰ দোষ ক্ষমিয়োক।
নিন্দক পাপিষ্ঠ আক নিৰ্ভয় দিয়োক।।৩৯৭॥
গুৰুক বোলন্ত পাছে ৰামচন্দ্ৰ ৰাই।
মহাদুষ্ট আক চাহিবাক নুজুৱাই॥
অঙ্গিকাৰ কৰি আছো আক বধিবাক।
মহা পাপী ইটো কেনে ৰাখিবো ইহাক॥৩৯৮॥

৬৪