পৃষ্ঠা:অমূল্য ৰত্ন.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

পিতৃ মাতৃ তোমাথেৰ কোন আছিলন্ত।
এহি বুলি শঙ্কৰে যে ৰঙ্গে কহিলন্ত॥৪৮॥
কুৰুক্ষেত্ৰে যিবেলাত যাত্ৰা কৰিলন্ত।
মহাদুখে নন্দে পাছে বাক্য বুলিলন্ত॥
যাতে তুমি নিজ পিতৃ মাতৃক পাইলাহা।
অনাথিতি কৰি মোক তাতে এৰিলাহা॥৪৯॥
আউৰ জন্মে কুসুম হৈবাহা নন্দে যাই।
হৈব সত্যসন্ধা যশোদায়ে সেহি ঠাই॥
দৈৱজ্ঞ আনিয়া দুইৰো ৰাশিনাম থৈলা।
পাছে দুয়ো গৈয়া শূদ্ৰ কুলত জন্মিলা॥৫০॥
তোমাৰ ঔৰষে গৈয়া পুত্ৰ হৈব শুনা।
শঙ্কৰ নাম ধৰিবাহো কামৰূপে জানা॥
পিতৃ মাতৃ দুয়ো নন্দ যশোদা আছিলা॥
যতেক সংশয় মানে সবে দূৰ ভৈলা॥৫১॥
কৃপাময় গুৰু মোত হুয়োক প্ৰসণ্ণ।
ভকতৰ চৰিত্ৰক কহা নাৰায়ণ॥
ভকতৰ চৰিত্ৰক কহো শুনিয়োক।
কোন আসি ঐত আবে ভৈলা কোন লোক॥৫২
অক্ৰূৰ আসিয়া ঐত উবনা ভৈলন্ত।
উগ্ৰসেনে বনবড়া হুয়া জন্মিলন্ত॥
পূৰ্ণ কৃষ্ণ অংশে আসি ৰাধা যে ভৈলন্ত
সেহি ৰাধা জানা আবে চন্দৰী ভৈলন্ত॥৫৩॥
চন্দৰীৰ গৰ্ভে যিটো ধজা আসি ভৈলা।
পূৰ্ণ নামে আসি সিটো ধজা নাম ভৈলা॥
আমাৰ সে অৰ্দ্ধ অংশে জগণ্ণাথ ভৈলা।
সেহিসে কাৰণে ধজা তান্তে লীন গৈলা॥৫৪॥
কতেক দিনক লাগি ভক্তি ৰহিবেক।
কাৰ অংশে কোন কোন পুত্ৰ জন্মিবেক॥