পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

কৰ্ম্মমল বাসনা সমস্তে ক্ষয় ভৈলা।
তোমাৰ যে চিত্তবিত সবে মোত হৈলা॥২৪৬
তুমি আমি যাতো একে কলেৱৰ ভৈলো।
মোৰ যত শক্তি আছে সমস্তকে দিলো॥
গোপ গোপ্য মহা গোপ্য আৰো গুৰুতৰ।
কহিলো ৰহস্য জানা সকলো শাস্ত্ৰৰ॥১৪৭॥
পাপৰ বাসনা কৌটী জন্মৰ থাকয়।
সিসি জনে গ্ৰাম্য কথা শুনিবে ইচ্ছয়॥
পাপ কৰিবাৰ আৰ তাৰ নাথাকিল।
মৎস্য পশু হুয়া নানা জন্মক ধৰিলা॥ ১৪৮॥
কোনোবা বৈষ্ণবে তাৰ মাংসক ভুঞ্জয়।
তেবে তাৰ পাপ চয় সবে দূৰ হয়॥
সিসি জনে কৃষ্ণ কথা কৰ্ণ পাতি ধৰে।
পাপক শুনিলে সিটো উচপিচ কৰে॥ ১৪৯॥
বৈষ্ণৱ জনৰ কৃপা হোৱে তাক পাছে।
সমূলি বাসনা জানা সবে তাৰ গুচে।
মাধৱে পুছিলা পাছে কৰ যোৰ কৰি।
কৃষ্ণ অৱতাৰ কথা কহিয়েক হৰি॥ ১৫০॥
কৃষ্ণ কথা শ্ৰৱণে কীৰ্ত্তনে ভৱতৰি।
শ্ৰীশঙ্কৰ কথা সবে শুনা কৰ্ণভৰি॥
মাধৱ বদতি এৰিয়োক আন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥ ১৫১॥

ইতি প্ৰথম আধ্যা সমাপ্ত।


২২