পৃষ্ঠা:অমূল্য ৰত্ন.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৴৹

নামত শৰণ কৰাই ভকত কৰি লবলৈ হলে পায়, কিন্তু তেখেত সকলক চুবলৈ বা পাদোদক আৰু আন আচাৰ ব্যৱহাৰ কৰিব নাপায়। কাৰণ তেখেত সকল ধুতি। আন শিষ্য সকল চুৱা। অৰ্থাৎ গুৰু সকল শুদ্ধ শিষ্য সকল অশুদ্ধ। অশুদ্ধক যদি শুদ্ধ কৰিব নোৱাৰে তেন্তে কি নাম শৰণ দিয়ে পাঠক সকলে বিবেচনা কৰিব। আৰু শঙ্কৰদেৱৰ নামৰ ৰীতি নীতিও যে কোনে কোনফালে নিছে তাৰ কোনো শাস্ত্ৰ মতৰ লগত মিল দেখা নাযায়। কাৰণ বৰপেটাৰ এক মত আৰু বৰদোৱা আদি কৰি আন সত্ৰৰ এক মত। কিন্তু আমাক লাগে শাস্ত্ৰৰ মতহে। অলপ প্ৰসঙ্গ প্ৰণালী বৰদোৱাৰ নিয়মে লিখা হল। কিন্তু শঙ্কৰদেৱৰ মত হল ভাগৱতী। চাৰি নাম, চাৰি শৰণ, চাৰিজয়, বাৰ সত্য। এইটো নামত মিলিব লাগিব।

 প্ৰসঙ্গও চাৰিটা॥ যেনে—প্ৰাতসঃ, ডেৰপৰীয়া, আবেলি আৰু গধূলি।

 প্ৰাতসঃ প্ৰসঙ্গঃ—পুৱাৰ গীত এটা। ভট্টিমা এটা।

নান্দী ঘোষা

কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। ৪॥
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম। ৪ বাৰ॥
কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ। ৪ বাৰ॥

( ঘোষিব )

নাম ছন্দ।

যেনে— গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ ৰাম

মুৰাৰি। ইয়াতো চাৰিবাৰ মুঠতে বাৰ বাৰ হব
লাগিব॥ ৪ টা ঘোষা গাব ও ( ঘোষিব )

কীৰ্ত্তন

এটি গাব ইয়াতো চাৰিনাম বাৰ সত্য হব লাগিব॥ ঘোষিব॥