পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

কৃষ্ণ অৱতাৰে অস্ত্ৰ ধৰিয়া জিনিলো।
তাতেসে কৃষ্ণৰ মই অংশ বুলি কৈলো॥৯০॥
পূৰ্ণ শক্তিয়ে অস্ত্ৰ ধৰিতে নালাগে।
পাষণ্ডসকল মোৰ শবদত ভাগে॥
তোমাত কহিলো ইটো পৰম ৰহস্য।
যাতো ভক্তি বলে মোক কৰিলাহা বশ্য॥৯১
দেৱ ঋষি ৰাজ ঋষি যতেক আছয়।
কৃষ্ণ অৱতাৰে কিছু মহিমা জানয়॥
ইবাৰ যিমতে মই অৱতাৰ ভৈলো।
পৰম অমূল্য ৰত্ন ভাণ্ডাৰ মেলিলো॥ ৯২॥
তাকে পান কৰি নৰ বৈকুণ্ঠক যাই।
মোহোৰ থানত নিয়া তাঙ্ক দিব ঠাই॥
হেন শুনি মাধৱৰ ৰঙ্গ ভৈলা মন।
পুনৰপি কৰজোৰে বুলিলা বচন॥৯৩॥
দামোদৰৰ ভাৰ্য্যা বাপ কোনে হইব আসি।
হেন শুনি গুৰু পাছে বুলিলন্ত হাসি॥
চিত্ৰলেখা আসি শিৱ পূৰীয়া হৈৱন্ত।
মহাৰঙ্গে দামোদৰে তাঙ্ক বিহাইৱন্ত॥ ৯৪।
দ্ৰৌপদীৰ অংশে আসি বাসুকী হৈৱন্ত।
ৰমাকান্তে বঙ্গে পাছে তা বিহাইৱন্ত॥
সুভদ্ৰাৰ অংশে আসি জানকী হৈৱন্ত।
চিত্ৰাঙ্গনা অংশে দেৱযানী আসিৱন্ত॥৯৫॥
অনন্ত ৰায়ৰ দুই পত্নী যে হৈৱন্ত।
কহিলোহো সাৰ কথা জানিবা নিতান্ত॥
তাৰ সবে যদুবংশ জানিবা নিশ্চয়।
সাত জন হৈব অনন্ত ৰায়ৰ তনয়॥৯৬
উত্তৰাৰ অংশে ৰামৰায়ৰ ভাৰ্য্যা হৈব।
ৰামৰায় ৰঙ্গে পাছে তাঙ্ক বিহাইব॥

১৪